সত্ৰীয়া নৃত্য||Satriya Nritya

          অসমৰ পৰম্পৰাগত নৃত্যশৈলী সমূহৰ ভিতৰত এক উল্লেখযোগ্য তথা অন্যতম নৃত্য হৈছে ''সত্ৰীয়া নৃত্য''। অসমীয়া জাতীয় জীৱনৰ কলাকাৰ গুৰুদ্বয় শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা সত্ৰসমূহৰ জৰিয়তে প্ৰচলিত আৰু প্ৰসাৰিত হোৱা বাবে মূলতঃ এই নৃত্যধাৰাৰ নাম "সত্ৰীয়া নৃত্য" হয়। বহু পণ্ডিতে "শংকৰী নৃত্য" বুলি অভিহিত কৰিব বিচৰা এই নৃত্য পূৰ্বতে কেৱল সত্ৰসমূহতহে চৰ্চা কৰা হৈছিল যদিও উনবিংশ শতিকাৰ মাজভাগৰ পৰা এই নৃত্যধাৰা মঞ্চলৈ প্ৰসাৰিত হয়। "প্ৰাক-মঞ্চ" কালত কেৱল পুৰুষ সকলৰ দ্বাৰা পৰিৱেশিত হোৱা এই নৃত্য বৰ্তমান সময়ত পুৰুষ মহিলা উভয়ে পৰিবেশন কৰা দেখিবলৈ পোৱা যায়।



      অংকীয়া ভাওনাক কেন্দ্ৰ কৰিয়ে শংকৰদেৱ গুৰুজনাই সত্ৰীয়া নৃত্যৰ জন্ম দিছিল যদিও অসমৰ কলা সাংস্কৃতিক ন-সাজেৰে সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত চিনাকি কৰাই দিয়াও আছিল এই নৃত্য সৃষ্টিৰ অন্তৰালৰ আন এক উদ্দেশ্য। গুৰুৰ পদাংক অনুকৰণ কৰি মাধৱদেৱেও এই নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰত যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে। পৰৱৰ্তী পৰ্যায়ত গুৰুদুজনাৰ অনুপম সৃষ্টি সত্ৰ সমূহে এই দায়িত্ব সুচাৰুৰূপে পালন কৰে।


    সত্ৰীয়া নৃত্য শিক্ষণৰ প্ৰথম পাঠ হৈছে "মাটি আখৰা"। সত্ৰীয়া নৃত্যৰ ন-শিকাৰু সকলৰ বাবে মাটি আখৰাৰ জ্ঞান অপৰিহাৰ্য। মাটি আখৰাৰ জৰিয়তে প্ৰথমে ন-শিকাৰু এজনৰ শৰীৰটো সত্ৰীয়া নৃত্যৰ উপযোগী হোৱাকৈ গঢ় দি লোৱা হয়। সত্ৰ ভেদে মাটি আখৰাৰ প্ৰকাৰ ভিন ভিন যদিয়ো মুঠতে ৬৪ খন "মাটি আখৰা" আছে বুলি সৰ্বসন্মতি ক্ৰমে স্বীকৃতি দিয়া হৈছে। "মাটি আখৰা" সমূহ ওৰা,চটা,জলক,চিচিকা,পাক,জাপ,লন আৰু খৰ এই আঠ ভাগত বিভক্ত কৰা হয়।



         "সত্ৰীয়া নৃত্য"ক মূলতঃ দুই ধৰণে ভাগ কৰা হৈছে।

১) নাটৰ পৰা উদ্ভৱ হোৱা নৃত্য

২) স্বতন্ত্ৰভাৱে সৃষ্টি হোৱা নৃত্য।

    ভাওনাত ব্যৱহিত নাচসমূহ নাটকৰ পৰা উদ্ভৱ হোৱা নৃত্য। তাৰ উপৰিও সত্ৰসমূহত পৰিৱেশন কৰা চালি নাচ, ৰজাঘৰীয়া চালি, সত্ৰীয়া ওজাপালি আদিবোৰ হৈছে স্বতন্ত্ৰভাৱে সৃষ্টিহোৱা নৃত্য।


        "সত্ৰীয়া নৃত্য" পৰিৱেশনৰ ক্ষেত্ৰত খোল,ডবা,নেগেৰা আদি অৱনন্ধ বাদ্য, খুটি তাল, বৰতাল আদি ঘনবাদ্য, শংখ,কালি আদি সুশীৰ বাদ্য আৰু চাৰেংদাৰ,ৰবাব নামৰ ততবাদ্য ব্যৱহাৰ কৰা হয়।বৰ্তমান সময়ত আধুনিকীকৰণৰ বাবে আৰু কিছু নতুন নতুন বাদ্যই এই তালিকাত স্থান লাভ কৰিছে।


     "সংগীত নাটক অকাডেমি"য়ে 'সত্ৰীয়া নৃত্য'ক শাস্ত্ৰীয় নৃত্যৰূপে স্বীকৃতি দিয়া আজি বিশবছৰ সম্পূৰ্ণ হৈছে। শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি বিচাৰি শ্ৰদ্ধাৰ মহেশ্বৰ নেওগ দেৱে আৰম্ভ কৰা যাত্ৰাটিত পৰৱৰ্তী সময়ত ড০ ভূপেন হাজৰিকা দেৱকে প্ৰমুখ্য কৰি বিভিন্নজন অসমীয়াৰ যোগদানে সফল কৰি তুলিলে। ২০০০ চনৰ ১৪ নৱেম্বৰৰ দিনা ''সংগীত নাটক অকাডেমি''য়ে সত্ৰীয়া নৃত্যক শাস্ত্ৰীয় নৃত্যধাৰাৰ এটা বুলি গ্ৰহণ কৰে আৰু তাৰ পাছদিনা অৰ্থাৎ ১৫ নৱেম্বৰৰ দিনা গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত সেইসময়ৰ অকাডেমিৰ সচিবে আনুষ্ঠানিকভাৱে ঘোষণা কৰে।




বি:দ্ৰ: লেখাটো যুগুতাওঁতে অসম ইয়াৰ বুক ২০২১ আৰু Vikaspedia ৰ সহায় লোৱা হৈছে।

1 comment:

Powered by Blogger.