ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা

  অসমীয়া ভাষা-সাহিত্যৰ এজন একনিষ্ঠ সেৱক, অসমীয়া ভাষাৰ ওজা নামেৰে সম্বোধিত হেমচন্দ্ৰ বৰুৱাৰ আজি ১৮৫ তম ওপজা তিথি। ওপজা তিথিৰ দিনা ভাষাৰ ওজা গৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ৷

"হেমৰ কোষেৰে            ওখ দৌল বান্ধি

               ভাষাক সাৰথি কৰি

নুমাবলগীয়া                 অসমীয়া নাম

              ৰাখিলে জিলিকা কৰি ৷"

                        - পদ্মনাথ গোহাঁই বৰুৱা


     অসমীয়া ভাষাৰ প্ৰগতিৰ ক্ষেত্ৰখনত বহুতো লোকৰ অৱদান থকা দেখা যায় ৷ সেইসকলৰ ভিতৰত অন্যতম হৈছে ভাষাৰ ওজা 'হেমচন্দ্ৰ বৰুৱা'  আধুনিক সংস্কাৰকামী মনৰ ভাষাৰ সাধক হেমচন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল ১৮৩৫ চনৰ ১০ডিচেম্বৰ তাৰিখে দেৰগাঁৱৰ ৰজা-বাহৰ গাঁৱত। পিতৃৰ নাম আছিল ' মুক্তাৰাম বৰুৱা ' আৰু মাতৃৰ নাম আছিল ' ৰূপহী দেৱী ' ৷ মুক্তাৰাম বৰুৱাৰ তিনিজন পুত্ৰ আৰু এজনী পুত্ৰী সন্তানৰ ভিতৰত হেমচন্দ্ৰ বৰুৱা দেৱ আছিল এওঁলোকৰ  জ্যেষ্ঠ সন্তান ৷
    

          অসমত অসমীয়া ভাষাৰ সলনি বঙালী ভাষাৰ প্ৰচলন হৈছিল ১৮৩৬ চনৰ পৰা ১৮৭২ চনলৈ। সেই বাবে এই সময়ছোৱাক অসমীয়া  ভাষাৰ অন্ধকাৰ যুগ বোলা হয়। এই সমছোৱাতে এক ব্ৰাহ্মণ পৰিয়াল জন্ম গ্ৰহণ কৰি সংস্কৃত অধ্যয়ন কৰিলেও ইংৰাজী ভাষাও অধ্যয়ন কৰিছিল।৯বছৰ বয়সত শিক্ষাৰম্ভ কৰা বৰুৱা দেৱে নানান প্ৰতিকূল পৰিস্থিতিক প্ৰত্যাহ্বান জনাই  সংস্কৃত, হিন্দী আৰু ইংৰাজী ভাষাৰ জ্ঞান আহৰণ কৰিছিল।বৃটিছ উপনিৱেশিক শাসন চলা সময়ত পশ্চিমীয়া শিক্ষাৰে পুষ্ট এচাম শ্ৰেণীৰ মাজতে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা অসমীয়া ভাষা উদ্ধাৰৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল। এই আশাশুধীয়া প্ৰচেষ্টাতে প্ৰাণ পাই উঠিছিল অসমীয়া ভাষাৰ সৰ্বকালৰ শ্ৰেষ্ঠ জাতীয় সম্পদ ‘হেমকোষ অভিধান’।
হেমকোষ হেমচন্দ্ৰ বৰুৱাৰ জীৱনৰ কীৰ্তিস্তম্ভ ৷ এইখনৰ বাবে অসমীয়া জাতিৰ বাবে তেওঁ সদায় প্ৰাতঃস্মৰণীয় হৈ ৰ’ব ৷ পণ্ডিত হেমচন্দ্ৰ গোস্বামী য়ে কৈ গৈছে -
" হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ অসমীয়া ভাষাৰ পক্ষে সঞ্জীৱনী মন্ত্ৰ, সেই মন্ত্ৰই মৃতকল্প অসমীয়া ভাষাক অমৰ কৰিছিল ৷"


        হেমচন্দ্ৰ বৰুৱা দেৱে অন্তৰৰ পৰা উপলব্ধি কৰিছিল যে যিকোনো ভাষাৰ প্ৰতিষ্ঠা আৰু প্ৰগতিৰ প্ৰধান সাৰথি হ’ল ব্যাকৰণ আৰু অভিধান ৷ ঊনবিংশ শতিকাৰ আগলৈকে অসমীয়া ভাষাত ব্যাকৰণো নাছিল ; অভিধানো নাছিল ৷ তেখেতে প্ৰথম অসমীয়া ব্যাকৰণ লিখি উলিয়ায়। ব্যাকৰণখনৰ নাম "অসমীয়া ভাষাৰ ব্যাকৰণ"(১৮৫৯) ৷ পুথিখন মিছনেৰীসকলে ছপা কৰি উলিয়াইছিল ৷ ১৮৭৩ চনত 'আদিপাঠ' , ১৮৮৬ চনত ' অসমীয়া ল’ৰাৰ ব্যাকৰণ' ,১৮৯২ চনত ' পঢ়াশালীয় অভিধান' আৰু ইয়াৰ দুবছৰৰ পিছত 'সংক্ষিপ্ত হেমকোষ ' ছপা হৈ ওলায় ৷ ইয়াৰ উপৰি কানিয়াৰ কীৰ্ত্তন (ব্যঙ্গ), বাহিৰে ৰংচং ভিতৰে কোৱা ভাতুৰী , আছামিজ মেৰেজ ছিষ্টেম আদি ৰচনা কৰাৰ উপৰিও ইংৰাজী বাতৰিকাকত আচাম নিউজও সম্পাদনা কৰিছিল।এইবোৰৰ উপৰিও তেখেতে অসমত মিশ্যেনেৰী সকলৰ দ্বাৰা প্ৰকাশিত অৰুণোদ‍ই সংবাদ পত্ৰৰ লগতো জড়িত হৈ আছিল।
   


  

     ১৮৭৩ চনত যেতিয়া অসমৰ পঢ়াশালিত অসমীয়া ভাষা আকৌ প্ৰৰ্ৱতন কৰা হয় তেতিয়া পাঠ্যপুথিৰ অভাৱ পূৰণ কৰাত হেমচন্দ্ৰ বৰুৱাই আগভাগ লৈছিল ৷অসমীয়া সমাজৰ কু সংস্কাৰ অন্ধবিশ্বাস দূৰ কৰিবলৈ তেখেতে অহৰহ চেষ্টা কৰিছিল।এইজনা মহান ব্যক্তিৰ ১৮৯৬ চনৰ ১৭ মে’ তাৰিখে মৃত্যু ঘটে ৷
     

          প্ৰকৃতাৰ্থত হেমচন্দ্ৰ বৰুৱা দেৱ আছিল অসমীয়া ভাষা সাহিত্যৰ একনিষ্ঠ সাধক ৷ বৰুৱাদেৱে অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতক ' ভাষাৰ ওজা ' আখ্যা দিয়া হয় ৷ এই মহান ব্যক্তিগৰাকীয়ে অসমীয়া জাতি লৈ আগবঢ়াই  যোৱা অৱদান সমূহৰ বাবে সদায় চিৰস্মৰণীয় হৈ ৰ’ব ৷ 

(সহায় লৈ)

✒️মনময়ুৰী মহন্ত ৷

No comments:

Powered by Blogger.