কনকলতা বৰুৱা || Kanaklata Baruah

আজি ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা ছহিদ অসম সন্তান কনকলতা বৰুৱাৰ ওপজা দিন ৷১৯২৪ চনৰ ২২ ডিচেম্বৰ অৰ্থাৎ আজিৰ দিনটোতে গহপুৰৰ বৰঙাবাৰীত কনকলতা বৰুৱাৰ জন্ম হৈছিল ৷ ওপজা দিনৰ দিনা তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ৷

       ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা ছহিদ অসম সন্তান কনকলতা বৰুৱাৰ জন্ম হৈছিল বিখ্যাত দোলা কাষৰীয়া বংশৰ ঘৰত। । পিতৃৰ নাম আছিল বগাৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল কনকেশ্বৰী বৰুৱা। পিতৃ বগাৰাম বৰুৱা আছিল এজন খেতিয়ক। ভায়েকৰ নাম আছিল ৰজনীকান্ত বৰুৱা আৰু ভনীয়েকৰ নাম আছিল দেৱবালা বৰুৱা। কনকলতা সৰু থাকোতেই দেউতাক ঢুকায়। সৰুতে ঘাটমাউৰা হোৱা কনকলতাহঁত ককাদেউতাক আৰু খুৰাকহঁতৰ তত্বাৱধানত ডাঙৰ হৈছিল। কনকলতাই তৃতীয়মানলৈকে পঢ়িয়েই  স্কুলীয়া শিক্ষা সাং কৰিছিল। ৰন্ধা-বঢ়া,তাঁত বোৱা,ভূঁই ৰোৱা আদি সকলো কামতেই আছিল তেওঁ পাৰ্গত। কনকলতাৰ স্বভাৱ-চৰিত্ৰ আৰু মাত-কথা আছিল বৰ শুৱলা। তেওঁ অকল পৰিয়ালতেই নহয় ওচৰ-চুবুৰীয়াৰো প্ৰিয়পাত্ৰ আছিল। সেই সময়ত সমগ্ৰ ভাৰতত মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা আন্দোলন আৰম্ভ হৈছিল। স্বাধীনতা আন্দোলনৰ ঢৌৱে কনকলতাৰ হৃদয়তো দেশপ্ৰেমৰ ভাব জগাই তুলিছিল।




১৯৪২ চনৰ ৮ আগষ্টত বোম্বাইত অনুষ্ঠিত হোৱা এখন সভাত গান্ধীজীয়ে ‘ইংৰাজৰ’ ভাৰত ত্যাগ’ প্ৰস্তাৱ ঘোষণা কৰিছিল। যাৰ ফলত ৯ আগষ্টত গান্ধীজীকে ধৰি বহুকেইজন বিখ্যাত কংগ্ৰেছী নেতাক চৰকাৰে বন্দী কৰিছিল। সমগ্ৰ দেশতে আন্দোলনৰ জোৱাৰ উঠিছিল। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো ধৰ্মৰ লোক একত্ৰিত হৈ ইংৰাজৰ বিৰুদ্ধে থিয় হ’বলৈ সংকল্পবদ্ধ হৈছিল। ইংৰাজ চৰকাৰে আন্দোলনকাৰী নেতা আৰু আন্দোলনত অংশগ্ৰহণকাৰীসকলক গ্ৰেপ্তাৰ কৰিলে। সমগ্ৰ দেশতে এক বৃহৎ আন্দোলনৰ জোৱাৰ উঠিল। অসমতো নেতৃস্থানীয় লোকসকলক ইংৰাজ চৰকাৰে বন্দী কৰিছিল। সেই সময়ত সাধাৰণ ৰাইজে নিৰুপাই হৈ একোজন নতুন নেতাৰ অধীনত আন্দোলন চলাই নিবলৈ প্ৰস্তুত হৈছিল। তেজপুৰত আন্দোলন চলাই নিবলৈ দায়িত্ব দিছিল জ্যোতিপ্ৰসাদ আগৰৱালাক। অসংখ্য লোক আন্দোলনত যোগদান কৰিছিল আৰু ইংৰাজৰ অত্যাচাৰৰ বলি হ’বলগীয়া হৈছিল। সেই সময়ত জিলাৰ কছাৰী ঘৰ আৰু পুলিচ থানাবোৰ আছিল ব্ৰিটিছৰাজ শক্তিৰ কেন্দ্ৰস্বৰূপ। তেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত কাছাৰীঘৰ আৰু থানাত কংগ্ৰেছৰ পতাকা উত্তোলন কৰাৰ সিদ্ধান্ত লোৱা হয় লগতে এই কামৰ বাবে স্বেচ্ছাসেৱক বাহিনী গঠন কৰা হয়। স্বেচ্ছাসেৱক বাহিনীৰ পৰাই কৰিম বা মৰিম মন্ত্ৰৰে দীক্ষিত মৃত্যুবাহিনী গঠন কৰা হয়। 



১৮ বছৰীয়া কনকলতাই কাৰো বাধা নামানি সাহসেৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত ‘মৃত্যু বাহিনীত’ যোগদান কৰে। কনকলতা বৰুৱা আছিল ‘মৃত্যুবাহিনীৰ’ এগৰাকী আগৰণুৱা স্বেচ্ছাসেৱিকা। ১৯৪২ চনৰ ২০ চেপ্তেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখাই প্ৰত্যেক থানাত উত্তোলিত হৈ থকা ব্ৰিটিছৰ পতাকা নমাই তাৰ ঠাইত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰাৰ সিদ্ধান্ত লোৱা হয়। গহপুৰৰ পশ্চিমফালৰ পৰা থানা অভিমুখে অহা ‘মৃত্যু বাহিনী’ৰ মূল স্বেচ্ছাসেৱীকা আছিল কনকলতা বৰুৱা। থানাৰ দ্বাৰৰ সন্মুখত ৰৈ থানালৈ সোমাবলৈ চেষ্টা কৰাৰ সময়ত অন্যান্য স্বাধীনতা সংগ্ৰামীৰ লগতে পুলিচৰ লগত কনকলতাৰো টনা আজোৰা লাগে। এনে সময়তে কনকলতাই নিজৰ দাবী সাব্যস্ত কৰিবলৈ চেষ্টা কৰি থাকোতেই চিপাহী বগাই কছাৰীয়ে কনকলতাৰ বুকুলৈ লক্ষ্য কৰি গুলী এৰে। ফলত কনকলতা ঠিতাতে মাটিত বাগৰি পৰি ছহিদ হয়।
 
 

    ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা ছহিদ কনকলতা বৰুৱাৰ  দুৰ্বাৰ সাহস,মনোবল আৰু গভীৰ দেশপ্ৰেমৰ আদৰ্শই আজীৱন প্ৰতিজন অসমীয়াৰ হৃদয়ত এক অনন্য আসন লাভ কৰি থাকিব। ইতিহাসৰ পাতত সদায়ে সোণালী আখৰেৰে জিলিকি থাকিব ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা ছহিদ গৰাকীৰ নাম ৷ প্ৰতিগৰাকী অসমীয়া জীয়ৰীৰ অন্তৰত সাহসৰ প্ৰতীক হৈ ৰোৱা স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা ছহিদ অসম সন্তান  গৰাকীক পুনৰবাৰ শ্ৰদ্ধাৰে সুৱঁৰিছো ৷

(বিভিন্ন উৎসৰ সহায় লৈ)

✒️মনময়ুৰী মহন্ত ৷

No comments:

Powered by Blogger.