আসাম সাহিত্য সন্মিলন

 অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উন্নতি সাধনৰ অৰ্থে গঠিত অসমৰ বৃহৎ সাহিত্যিক আৰু সাংস্কৃতিক অনুষ্ঠান হ’ল অসম সাহিত্য সভা।১৯১৭ চনৰ ২৬ আৰু ২৭ ডিচেম্বৰত সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল অসমৰ সর্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ প্রথম অধিৱেশন। তেতিয়া ইয়াৰ নাম আছিল ‘সদৌ আসাম সাহিত্য সন্মিলন’। 



      ৬০০ বছৰীয়া আহোম শাসনৰ ৰঙা বেলি মাৰ যোৱাৰ পাছত ১৮২৬ চনৰ পৰা অসমত ইংৰাজৰ শাসন প্রৱর্তন হোৱাৰ পিছত নীতিগতভাৱে ইংৰাজসকলে অসমৰ জনসমাজক আস্থাত লোৱা কার্যৰ পৰা বিৰত থাকিল৷ তাৰ পৰিৱর্তে তেওঁলোকে আমদানি কৰিবলৈ ধৰিলে অবিভক্ত বংগ প্রদেশৰ বাংলাভাষী লোকসকলক৷ অসমীয়া সমাজৰ যোগ্যৱান লোকসকলক সকলো কামতে একাষৰীয়া কৰাৰ লগতে  ৰাজ্যখনত ভাষা সংস্কৃতিৰ ক্ষেত্ৰতো বাংলাভাষাক প্ৰাধান্য দিবলৈ ধৰিলে৷ শিক্ষা-দীক্ষাৰ মাধ্যম হিচাপে অসমীয়া ভাষাৰ সলনি বাংলা ভাষাৰ ওপৰত গুৰুত্ব প্রদান কৰিলে৷ আনকি, অসমৰ শ্রমিক শ্রেণীক অৱহেলা কৰি বিহাৰ, ঝাৰখণ্ড, ওড়িষা আদি অঞ্চলৰ পৰা অসংখ্য শ্রমিক আমদানি কৰি চাহ, কয়লা, পেট্রল উদ্যোগ আদিত মকৰল কৰিলে৷ কিন্তু অসমৰ ৰাইজ ইমান নিবোর্ধ নাছিল৷ জাতীয় অস্তিত্ব ৰক্ষাৰ কাৰণে এক গঠনমুখী দৃষ্টিভংগী লৈ তেওঁলোক চৌদিশৰ পৰা সজাগতা, সতেজতা আৰু সবলতাপূর্ণ মন লৈ আগবাঢ়ি আহিল৷ আন আন উদীয়মান প্রকল্প লৈ ভাষা-সাহিত্য-সংস্কৃতিৰ উন্নয়নৰ প্রাথমিক পদক্ষেপ হিচাপেই  সদৌ আসাম সাহিত্য সন্মিলন নামৰ  গঠনমূলক প্রতিষ্ঠানটো গঠিত হৈছিল৷ ১৯২৪ চনৰ ৫ মে’ত ই আসাম সাহিত্য সভা হিচাপে পঞ্জীয়ন ভূক্ত হয় আৰু ১৯৪৪ চনত সভাৰ নাম ‘অসম সাহিত্য সভা’ কৰা হয়।

No comments:

Powered by Blogger.