অম্বিকাগিৰী ৰায়চৌধুৰী || Ambikagiri Raichoudhury

কুৰি শতিকাৰ অসমৰ এজন খ্যাতমান কবি, গীতিকাৰ, গায়ক, শক্তিশালী গদ্য-লেখক, সংবাদ-সেৱী, আলোচনী সম্পাদক, দেশপ্ৰেমিক, সমাজ-সেৱক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী সংগ্ৰামী সেনা অম্বিকাগিৰী ৰায়চৌধুৰীৰ আজি স্মৃতি দিৱস ৷১৯৬৭ চনৰ ২ জানুৱাৰী অৰ্থাৎ আজিৰ দিনটোতে ৰায়চৌধুৰীদেৱৰ বৈকুণ্ঠগামী হৈছিল ।



অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ১৮৮৫ চনৰ ১৮ ডিচেম্বৰ তাৰিখে বৰপেটা জিলাৰ গণককুছিত জন্ম গ্রহণ কৰিছিল৷ পিতৃৰ নাম কৃষ্ণৰাম ৰায়চৌধুৰী আৰু মাতৃৰ নাম আছিল দৈৱকী দেৱী ৷ সৰুতে পিতৃৰ বিয়োগ হোৱাত মোমায়েকৰ তত্ত্বাৱধানত তেওঁ পঢ়া-শুনা কৰিছিল৷ তেখেতে গুৱাহাটীৰ কটন কলেজিয়েট হাইস্কুলত অষ্টম শ্রেণীত পঢ়ি থাকোতে স্বাধীনতা আন্দোলন চলি আছিল৷ বিপ্লৱী বীৰ অম্বিকাগিৰীয়ে পঢ়া-শুনা বাদ দি আন্দোলনত জঁপিয়াই পৰে৷ সেই সময়ত কলিকতাত জন্ম হোৱা এনার্কিষ্ট দলত (অর্থাৎ অৰাষ্ট্রবাদী) যোগ দি অসমতো তাৰ শাখা গঠন কৰে৷ তাৰ উপৰি বিভিন্ন কাকত-আলোচনীত স্বাধীনতা বিষয়ৰ প্রবন্ধপাতি নির্ভীকভাৱে প্রকাশ কৰি জনগণক জাগৃত কৰিছিল৷ ১৯০৫ চনত ‘বন্দিনী ভাৰত’ নাম দি এখন নাটক ৰচনা কৰি জনগণৰ মাজত প্রচাৰ কৰিছিল৷ 



         কিন্তু ব্রিটিছ চৰকাৰে নাটকখন নিষিদ্ধ কৰি তেখেতৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল৷ নিষেধাজ্ঞাৰ ফলত তেখেতে বিভিন্ন স্থানত আত্মগোপন কৰি থাকিব লগা হৈছিল৷সেই আজ্ঞা ১৯১৪ চনত উঠাই লোৱাত তেখেতে আত্মপ্রকাশ কৰি পুনৰ দেশ, জাতি আৰু ভাষাৰ কামত লাগে৷ ডিব্রুগড়লৈ গৈ ‘আসাম বান্ধৱ’ কাকতৰ সহকাৰী সম্পাদকৰ পদত যোগ দিয়ে৷ ১৯১৮ চনত সেই কাম এৰি গুৱাহাটীলৈ আহি অৰুণা প্রেছ গঢ়ি তোলাৰ কামত লাগে৷ সেই প্রেছৰ পৰাই ‘চেতনা’ নামেৰে প্রখ্যাত মাহেকীয়া আলোচনী এখন প্রকাশ কৰে৷ কিন্তু দুর্ভাগ্যই তেখেতক লগ এৰা নাছিল৷ চৰকাৰীভাৱে চেতনাৰ প্রেছত জুই দি সমস্তখিনি ধবংস কৰি পেলায়৷ তেখেতকো কাৰাবন্দী কৰি লৈ যায়৷ দুবছৰ কাৰাবাস খটাৰ পাছত পুনৰ মুকলি হৈ আহি ১৯৩৬ চনত পুনৰ চেতনা প্রেছ প্রতিষ্ঠা কৰি ‘চেতনা’ আলোচনীখন পুনৰ প্রকাশ কৰে৷ তেখেতে এই প্রেছৰ পৰাই ‘ডেকা অসম’ নাম দি এখন বাতৰিকাকত প্রকাশ কৰিছিল৷ তেখেতে ১৯২৬ চনত জন্ম দিয়া ‘অসম সংৰক্ষিণী সভা’খন ১৯৩৬ চনৰ ভিতৰতে জাতীয় মহাসভালৈও পৰিৱর্তন কৰিছিল।তেখেতে অসমীয়া যুৱকক স্বাৱলম্বিতাৰ পথো প্রদর্শন কৰি নিজে হাতে-কামে লাগি উদ্যোগ প্রতিষ্ঠা কৰি দেখুৱাইছিল৷ ১৯২৭ চনত ‘কামৰূপ মায়াৱিনী কেমিকেল ৱর্কছ’ নামেৰে উদ্যোগ প্রতিষ্ঠা কৰিছিল৷ উদ্যোগটোত লিখন সামগ্রী আৰু দৈনিক ব্যৱহাৰ হোৱা ঘৰুৱা সামগ্রী তৈয়াৰ কৰি দেখুৱাইছিল৷


           তেখেতে অসমীয়া ভাষাৰ উন্নতিৰ কাৰণে অহৰহ প্রচেষ্টা চলাই আহিছিল৷ ১৯৩৯ চনত অসম শিক্ষা প্রচাৰ সমিতি গঠন কৰি অসমীয়া ভাষাটো সকলো লোকৰ আগলৈ নিবলৈ চেষ্টা কৰিছিল৷ তেখেতে অসমত বিদেশী প্রব্রজনকাৰীৰ সোঁত দেখি অসমৰ ভৱিষ্যৎ সম্পর্কে সন্দিহান হৈ পৰিছিল৷ সেয়েহে ১৯৫৫ চনত ‘ভাৰত ঐক্য সাধন সমাজ’ নাম দি এক স্বেচছাসেৱী অনুষ্ঠান গঠন কৰিছিল৷ তাৰ জৰিয়তে প্রব্রজনকাৰীসকলৰ মাজত ঐক্য নীতি প্রচাৰ কৰি ফুৰিছিল৷ ঐক্য নীতিৰ আধাৰ হ’ল ‘আহিছা যদি মোৰ লগত এক হৈ যোৱা৷’

     


 

       এইবিলাকৰ উপৰিও তেখেতে অসমীয়া ভাষা-সাহিত্যলৈও অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে৷ তেখেতে ভাষা-সাহিত্যলৈ আগবঢ়াই থৈ যোৱা উল্লেখযোগ্য কাব্য সাহিত্য, গদ্য সাহিত্য, নাট্য সাহিত্য আদিয়ে সাহিত্যৰ ভঁৰালটো চহকী কৰি থৈ গৈছে৷ সেই সাহিত্য সম্ভাৰসমূহৰ ভিতৰত উল্লেখযোগ্য– কাব্য সাহিত্য– ‘তুমি’, ‘বীণা’ (১৯৪৬), ‘অনুভূতি’, ‘আহুতি’ (১৯৫৪) ‘স্থাপন কৰ’, ‘স্থাপন কৰ’ (১৯৫৮), ‘বন্দো কি ছন্দেৰে’ (১৯৫৯), ‘বেদনাৰ উল্কা’ (১৯৬৪), আৰু গদ্য সম্ভাৰ– ‘আহুতি’, ‘ডেকা-ডেকেৰীৰ বেদ’ আদি৷ নাট্য সাহিত্যসমূহ–‘কল্যাণময়ী’, ‘উক্ত গৌৰৱ’ আৰু জয়দ্রথ বধ’৷ ১৯৬৭ চনত তেখেতৰ ‘বেদনাৰ উল্কা’ নামৰ গ্রন্থখনে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল৷ আনহাতে তেখেতে চৰকাৰে দিয়া সাহিত্যিক পেঞ্চন প্রত্যাখ্যান কৰিছিল৷ তেখেত ১৯৫০ চনত অসম সাহিত্য সভাৰ সভাপতিও হৈছিল৷ওৰে জীৱন অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে মাত মতা আৰু জাগৰণৰ চেতনা সঞ্চাৰিত কৰিবলৈ চেষ্টা কৰা বাবে তেখেতক ‘অসম কেশৰী’ উপাধিৰে সম্বোধিত কৰা হৈছিল ৷অসম মাতৃক গৌৰৱেৰে জীয়াই ৰাখিবলৈ  অহোপুৰুষাৰ্থ কৰা অসম কেশৰী গৰাকীক স্মৃতি দিৱসৰ দিনা শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ৷

-মনময়ুৰী মহন্ত ৷


No comments:

Powered by Blogger.