ভাৰতীয় সেনা দিৱস || Indian Army Day

      আজি ভাৰতীয় সেনা দিৱস ৷সমগ্ৰ ভাৰততে আজি পালন কৰা হৈছে ৭৩ সংখ্যক সেনা দিৱস ৷
প্ৰত্যেক বছৰৰ ১৫ জানুৱাৰীত ফিল্ড মাৰ্ছেল কে এম কৰিয়প্পাৰ সন্মানত পালন কৰা হয় এই সেনা দিৱস।


      ১৯৪৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ অন্তিমগৰাকীৰ ব্ৰিটিছ কমাণ্ডাৰ ইন চীফ জেনেৰেল ফান্সিস বুজৰৰ স্থানত লেফটেণ্ট জেনেৰেল কে এম কৰিয়প্পাক অৰ্পণ কৰা হৈছিল। কৰিয়প্পাই ১৯৪৭ চনত ভাৰত-পাকিস্তানৰ যুদ্ধত ভাৰতীয় সৈন্যক নেতৃত্ব দিছিল। স্বাধীনতাৰ পিছত দেশৰ প্ৰশাসনিক ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যা সৃষ্টি হৈছিল। এই সমস্যাবোৰ সমাধানৰ বাবে সেনাই আগভাগ লৈছিল। স্বাধীনতাৰ বহু সময় পিছতো ভাৰতীয় সেনাৰ নেতৃত্বত ব্ৰিটিছ মূলৰ লোক আছিল।১৫ জানুৱাৰী ১৯৪৯ত ফিল্ড মাৰ্ছেল কে এম কৰিয়প্পা স্বতন্ত্ৰ ভাৰতৰ প্ৰথমগৰাকীৰ ভাৰতীয় সেনা প্ৰধান হিচাপে নিযুক্তি লাভ কৰে। সেই সময়ত ভাৰতীয় সেনাত প্ৰায় ২ লাখ লোক নিয়োজিত হৈ আছিল।কে এম কৰিয়প্পা সেনাপ্ৰধান হিচাপে নিৰ্বাচিত হোৱাৰ পিছত প্ৰতিবছৰে ১৫ জানুৱাৰীত সেনা দিৱস হিচাপে পালন কৰা হয়।


      ১৮৯৯চনত কৰ্ণাটকৰ কুৰ্গত জন্ম লাভ কৰা কে এম কৰিয়প্পাই ২০ বছৰ বয়সতে ব্ৰিটিছ ভাৰতীয় সেনাত নিযুক্তি লাভ কৰিছিল। কৰিয়প্পা ১৯৫৩ চনত অৱসৰ গ্ৰহণ কৰে আৰু ১৯৯৩চনত ৯৪ বয়সত মৃত্যুক সাৱটি লয়।ভাৰতীয় সেনাৰ সৰ্বোচ্ছ পদবী হৈছে ফিল্ড মাৰ্ছেল উপাধি।ভাৰতৰ ইতিহাসত এই উপাধি দুজন লোককহে দিয়া হৈছে। ১৯৭৩ চনৰ জানুৱাৰীত পোনপ্ৰথমবাৰৰ বাবে মানেকশাক দিয়া হৈছিল এই উপাধি। ইয়াৰ পিছত ১৯৮৬চনত কৰিয়প্পাক এই সন্মান দিয়া হয়।


         শেষত,৭৩ সংখ্যক সেনা দিৱসৰ দিনা স্বদেশৰ বাবে সেৱা কৰা প্ৰতিজন সেনাক শ্ৰদ্ধা জনাইছোঁ ৷


✒️মনময়ুৰী মহন্ত ৷

No comments:

Powered by Blogger.