চলচ্চিত্ৰৰ কথাৰে || নিলাঞ্জন মহন্ত

      হাজাৰ বৈপৰীত্য , প্ৰতিকূলতাৰ মাজতো গৈ থাকিব পাৰে বাবেই মানুহ একক , পৃথক ৷ ২০২০ বৰ্ষটো উৰি থাকিল ১৯৩৫ চনতে ৰূপান্তৰৰ শিল্পীয়ে আৰম্ভ কৰা জয়মতীৰ শুধ বগা বিজয় নিচান ৷ হাজাৰ সীমাবদ্ধতাৰ মাজতো অসমীয়া চলচ্চিত্ৰই কঢ়িয়াই আনিলে বহুকেইটা ভাল লগা খবৰ ৷ 



@বিশ্ববিখ্যাত বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জুৰী বৰ্ডৰ সন্মানীয় সদস্য হিচাপে আসন ললে #VillageRockstars খ্যাত পৰিচালক ৰীমা দাস বাইদেৱে ৷


@ Indian Panorama লৈ নিৰ্বাচিত হৈছে পৰিচালক কৃপা কলিতাৰ #Breeze ৷


Adil Hussain মহোদয় Indo German film festival , Berlin ত #Pareeksha আৰু #NirvanaInn ত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মানেৰে বিভূষিত হৈছে ৷ 


Biswajeet Bora মহোদয়ৰ #God_on_the_balcony চলচ্চিত্ৰৰ বাবে Kolkata International film Festival ত ভাৰতীয় ভাষা শিতানত শ্ৰেষ্ঠ পৰিচালকৰ বঁটাৰে সন্মানিত হৈছে  ৷ 



@ Rajen Das ৰ চলচ্চিত্ৰ #Life_in_a_puppet এ Port blair international film festival , Uruvati International film Festival আদিত শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে বিবেচিত হৈ এই আন্দোলনটোক সুন্দৰ কৰি তুলিছে ৷ 


@ প্ৰান্তীয় ৰাজ্য হিচাপে সংগ্ৰামী ইতিহাস বহন কৰা আমাৰ চলচ্চিত্ৰৰ মাধ্যমটোক আৰু এক নতুন বাটেৰে শক্তিশালী কৰি কাইলৈ ৰাজ্যৰ মঞ্চ আৰু প্ৰেক্ষাগৃহত Himanshu Prasad Das Himu দাদাই মুকলি কৰিব তেখেতৰ নৱতম চলচ্চিত্ৰ #গৰু ৷ মুক্তি দিয়া স্থানৰ ধাৰণা অনুসৰি এইয়া নিশ্চয় এক বৈপ্লৱিক সিদ্ধান্ত ৷ 



বাকী সিদ্ধান্ত চাগে আপোনাৰ - মোৰ ! সংগ্ৰামৰ উৰ্দ্ধত একো নোপোৱা নিজৰ খিনিক এবাৰ প্ৰতিষ্ঠা লাভৰ সুবিধা দি এটা নতুন বাট কাটিম নে নোচোৱাকৈ মন্তব্য দিম ? 


🖋️নিলাঞ্জন মহন্ত

No comments:

Powered by Blogger.