পদ্ম সন্মান আৰু অসম ২০২১ বৰ্ষ

 ভাৰত চৰকাৰৰ দ্বাৰা ২০২১ বৰ্ষৰ বাবে পদ্ম সন্মান লাভ কৰা বৰেণ্য ব্যক্তি সকলৰ তালিকা প্ৰকাশ কৰা হৈছে। সৰ্বমুঠ ন গৰাকী অসমীয়াক প্ৰদান কৰা হৈছে এইবৰ্ষৰ সন্মানীয় পদ্ম বঁটা।এই লেখাটোত আমি বঁটা প্ৰাপক সকল আৰু তেওঁলোকে লাভ কৰা সন্মানৰ বিষয়ে চমুকৈ কিছু কথা জানিম।


পদ্মভূষণ:   পদ্মভূষণ হৈছে ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান। ১৯৫৪ চনৰ ২ জানুৱাৰীৰ পৰা এই সন্মান বৰেণ্য ব্যক্তিসকলক প্ৰদান কৰি অহা হৈছে।

   


অসমৰ সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক জনসেৱাৰ বাবে মৰণোত্তৰ ভাৱে ২০২১ বৰ্ষৰ পদ্মভূষণ সন্মান আগবঢ়োৱা হৈছে।


পদ্মশ্ৰী:  পদ্মশ্ৰী সন্মান ভাৰত চৰকাৰে প্ৰদান কৰা চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান। এই সন্মান সাধাৰণতে ভাৰতীয় নাগৰিককেই প্ৰদান কৰা হয়। পদ্মভূষণৰ দৰেই এই সন্মানো ১৯৫৪ চনৰ পৰাই প্ৰদান কৰি অহা হৈছে।



 এই সন্মানৰ বাবে এই বৰ্ষত বিভিন্ন ক্ষেত্ৰৰ  মুঠ আঠ জন অসমীয়াক নিৰ্বাচন কৰা হৈছে।

  তেওঁলোক হৈছে-

১) ইমৰান শ্বাহ (সাহিত্য আৰু শিক্ষা)


২) লখিমী বৰুৱা (সমাজসেৱা)


৩) মংগল সিং হাজোৱাৰী (সাহিত্য আৰু শিক্ষা)


৪) গোপীৰাম বৰগায়ন বুঢ়াভকত (কলা)


৫) বীৰুবালা ৰাভা (সমাজসেৱা)


৬) ৰমন শৰ্মা ( সাহিত্য আৰু শিক্ষা সাংবাদিকতা)


৭) দুলাল মানকি (কলা)


৮) বিজয়া চক্ৰৱৰ্তী (জনসেৱা)


       আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিলৈ শুভেচ্ছা আৰু অভিনন্দন।


No comments:

Powered by Blogger.