পথৰুঘাটৰ ৰণ::অসমৰ জালিয়ানৱালাবাগ

 পথৰুঘাটৰ ৰণ  ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ বিৰুদ্ধে ভাৰতত ঘটা এক ঐতিহাসিক কৃষক বিদ্ৰোহ। ১৮৯৪ চনৰ ২৮ জানুৱাৰী তাৰিখে অসমৰ দৰং জিলাৰ মঙ্গলদৈ চহৰৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ পশ্চিমত অৱস্থিত পথৰুঘাট নামে ঠাইত স্থানীয় খেতিয়ক সকলে মাটিৰ খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰোঁতে ব্ৰিটিছ পক্ষই প্ৰতিবাদকাৰী কৃষকসকলৰ ওপৰত গুলিচালনা কৰে। পথৰুঘাটত সংঘটিত হোৱা এই বিদ্ৰোহকে পথৰুঘাটৰ ৰণ বুলি কোৱা হয়।



পথৰুঘাটৰ ৰণ অকল দৰং তথা অসমৰেই নহয়, সমগ্র ভাৰত বুৰঞ্জীৰ এক স্মৰণীয় ঘটনা৷ এই ঘটনাই পৰৱর্তী কালত স্বাধীনতা আন্দোলনত দেশবাসীক জাগ্রত কৰাত ইন্ধন যোগাইছিল৷

   ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুযায়ী অসম ১৮২৬ চনৰ ২৪ ফেব্রুৱাৰীত ব্রিটিছ শাসনৰ অধীনস্থ হয়৷ ১৮৩৩ চনত মঙলদৈৰ সদৰ হিচাপে দৰং এখন পৃথক জিলা আছিল৷ বিভিন্ন কাৰণৱশতঃ ১৮৩৫ চনত ইয়াৰ সদৰ স্থান তেজপুৰলৈ স্থানান্তৰ কৰা হয়৷ ইয়াৰ আগতে কোঁচ ৰজা নৰনাৰায়ণে বর্তমানৰ মোহনপুৰক সদৰ হিচাপে লৈ স্বাধীন ৰাজ্য গঢ়ি তুলিছিল৷ তেওঁলোকৰ বংশৰে ধর্মনাৰায়ণে মোগল আক্রমণ প্রতিহত কৰিবৰ বাবে ১৬১৪ চনত আহোম ৰজা স্বর্গদেউ প্রতাপ সিংহৰ সহায় বিচাৰিছিল৷ ফলত দৰং মিত্র ৰাজ্য হিচাপে আহোম ৰাজত্বৰ অধীনলৈ আহে৷ দেশদ্রোহী বদন বৰফুকনৰ আহবানক্রমে ১৮২২ চনত মানৰ আক্রমণ হয়৷ বিনিময়ত মানসকলে আহোম ৰাজত্বৰ অৱসান ঘটালে৷ এই বিদ্রোহ দমনৰ উদ্দেশ্যে মাতি অনা ব্রিটিছ কেপ্টেইন ৱেলছে অসম এৰি যোৱাৰ পাছত বুঢ়াগোহঁাই পূর্ণানন্দ আৰু বদন বৰফুকনৰ মতানৈক্যৰ ফলতে অসমৰ বুকুলৈ অন্ধকাৰ নামি আহে৷ দৰঙী প্রজাসকলেও মানৰ আক্রমণৰ বিপৰীতে দৃঢ় প্রতিৰোধ গঢ়ি তুলিছিল যদিও কোনো কামত নাহিল৷ মানৰ অত্যাচাৰ, উৎপীড়ন আৰু হত্যাকাণ্ডই সৃষ্টি কৰিলে এক অৰাজক পৰিস্থিতিৰ৷ তেনে এক দোদুল্যমান অৱস্থাৰ সুযোগ গ্রহণ কৰি ব্রিটিছে ইয়াণ্ডাবু সন্ধিৰ চন অনুযায়ী অসম অধিকাৰ কৰে৷ ব্রিটিছ শাসকবর্গই অসমৰ প্রশাসনীয় দুর্বলতা বুজি ঔপনিৱেশিক সাম্রাজ্য বিস্তাৰৰ অভিপ্রায় কার্যকৰী কৰাৰ চেষ্টা কৰিছিল৷ আহোম শাসকৰ পৰা ব্রিটিছে অসমৰ পৰা মানক খেদি পঠিওৱাৰ আহবান পাই সাদৰেৰে গ্রহণ কৰিছিল সেই প্রস্তাৱ৷ 



সর্বসাধাৰণ ৰাইজেও তাৎক্ষণিকভাৱে মানৰ অত্যাচাৰৰ পৰা অসমক ৰক্ষা কৰা ব্রিটিছক ত্রাণকৰ্তা ৰূপতহে বহুদিনলৈ গ্রহণ কৰিছিল৷ মানৰ অত্যাচাৰ, আহোমৰ দিনৰ বন্দী দশা আদি জীৱন্ত কষ্টৰ পৰা মুক্তি পোৱাৰ আশা দেখি বহু প্রজাই ইংৰাজৰ শাসন মানি লৈছিল৷ কিন্তু হিতে বিপৰীত হ’ল৷ সহজ-সৰল দৰিদ্র কৃষকে কোঁচ-আহোমৰ ৰাজত্ব কালত পোৱা সুবিধাবোৰ ব্রিটিছ প্রশাসনে ক্রমান্বয়ে বিলুপ্ত কৰি অর্থনৈতিক শোষণ আৰম্ভ কৰিবলৈ ধৰিলে৷ দৰঙৰ কৃষকসকলৰ ওপৰত প্রথমে ‘নাঙল’ কৰ লগায়৷ নাঙলখনে প্রতি তিনি টকাকৈ দিবলগীয়া এই কৰৰ জৰিয়তে ১৮৩২-৩৩ চনত চল্লিছ হাজাৰ টকা আদায় কৰে৷ এই হাৰত কিছু বছৰ কৰ তোলাৰ পাছত নতুন পিয়ল আৰম্ভ কৰি বস্তি মাটি, ৰোপিত মাটি আৰু ফৰিঙতি মাটি–এই তিনি শ্রেণীত বিভক্ত কৰি মাটিৰ জৰীপ কৰে৷ এই নতুন পিয়ল মতে, বস্তি মাটি অর্থাৎ ঘৰ-বাৰী কৰা মাটিত বছৰি এটকা, ৰোপিত মাটিত অর্থাৎ দ আৰু খেতিৰ উপযোগী মাটিত বছৰি ডেৰ টকা, বাম বা ওখ খেতিৰ মাটিত এটকা হিচাপে (এপূৰা মাটি) টকা আদায় কৰিছিল৷ এইদৰে বর্ধিত খাজনাৰ বাবে দৰঙী ৰাইজ ক্ষোভিত, অসন্তুষ্ট আৰু হতাশাত ভুগিব লগীয়া হয়৷ সেয়েহে প্রজাসকলে ৰাইজ মেল পাতি ইয়াৰ পৰিত্রাণৰ উপায় বিচাৰিলে৷ ইতিমধ্যে ৰঙিয়া অঞ্চলত বর্ধিত হাৰত খাজনা পৰিশোধ নকৰাৰ সিদ্ধান্ত লোৱাৰ পৰিপ্রেক্ষিতত ভালেমান আন্দোলনকাৰীক গ্রেপ্তাৰ কৰে৷ ৰাইজে তেওঁলোকক মুকলি কৰাৰ কাৰণে হাকিমৰ ওচৰত আৱেদন জনায়ো সফল নোহোৱাত ৰঙিয়া থানা ঘেৰাও কৰি তেওঁলোকক মুকলি কৰাৰ চেষ্টা চলাইছিল৷ পুলিচে গুলীচালনা কৰি আন্দোলনকাৰীক ছত্রভংগ দিয়াইছিল৷ এয়া ১৮৯৩-৯৪ চনৰ কথা৷ এই বিদ্রোহৰ বাতৰি কামৰূপ আৰু দৰং জিলাৰ চুকে-কোণে বিয়পি পৰিছিল৷ নলবাৰী, বৰভাগ, বজালী, বৰমা, সৰুক্ষেত্রী আদি ঠাইত ৰাইজ মিলিত হৈ বর্ধিত খাজনা আদায় নিদিয়াৰ সিদ্ধান্তৰ খবৰ বনজুইৰ দৰে নামনি অসমৰ সকলো ঠাইতে বিয়পি পৰাৰ সময়তে দৰং জিলাৰ কৃষক ৰাইজো এনে শোষণৰ প্রত্যাহবান জনাবলৈ সাজু হৈছিল ৷

 


   

      ১৮৯৪ চনৰ ২৮ জানুৱাৰীৰ দিনা দূৰ-দূৰণিৰ গাঁৱলীয়া কৃষক ৰাইজ খাজনা বৃদ্ধিৰ প্রতিবাদত দৰং জিলাৰ ছিপাঝাৰ অঞ্চলৰ পথৰুঘাট নামৰ ঠাইখনত মিলিত হৈছিল ৷তহচিলদাৰৰ বাংলোৰ আগত সমৱেত হৈ "হৰি বোল", "আল্লাহু আকবৰ" আদি ধ্বনি দি ব্ৰিটিছৰ আগত প্ৰতিবাদ আৰম্ভ কৰি খাজনা কমাবলৈ দাবী উত্থাপন কৰিলে।তাতেই দৰং জিলাৰ জিলাধিপতি মি. এণ্ডাৰচন, আৰক্ষী অধীক্ষক জে আৰ বেৰিংটন আৰু মঙলদৈৰ মহকুমাধিপতি মি. ৰেমিংটনো সশস্ত্ৰ বাহিনীসহ তাত উপস্থিত হ'ল আৰু খাজনা কমাই দিয়া নহ’ব বুলি দৃঢ় অৱস্থান গ্ৰহণ কৰে। ৰাইজ উত্তেজিত হৈ পৰে আৰু দুইপক্ষৰ মাজত তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়। ক্ৰমশঃ পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰে আৰু চৰকাৰী বাহিনীয়ে বেৰিংটনৰ আদেশমৰ্মে মানুহৰ ওপৰত গুলীচালনা কৰে।ৰাইজেও উত্তেজনাৰ বশৱর্তী হৈ বন্দুকৰ গুলীৰ প্রত্যুত্তৰ দিলে পথাৰৰ দলিচপৰা, কুঁহিয়াৰ, খৰি আদিৰে৷ পুলিচৰ গুলীত ১৪০জনে প্রাণ দিলে আৰু বহুজন চিৰদিনলৈ পংগু হ’ল৷ আহতসকলকো আটক কৰিলে৷কিন্তু চৰকাৰী হিচাপ মতে ১৫ জন নিহত আৰু ৩৭ জন আহত বুলি প্ৰকাশিত হয় ৷এইয়াই অসমৰ বুকুত  স্বাধীনতা যুঁজৰ এটি কেঁচা অথচ চমকপ্ৰদ ত্যাগৰ কৰুন আৰু নিৰ্মমতাৰ ইতিহাস ৷এই ২৮ জানুৱাৰী "কৃষক ছহিদ দিৱস "ৰ দিনা সেই সাহসী সংগ্ৰামী ছহিদ সকলক শ্ৰদ্ধাৰে সুঁৱৰিছো ৷

(তথ্যৰ বাবে বিভিন্ন উৎসৰ সহায় লৈ)

✒️মনময়ুৰী মহন্ত ৷

No comments:

Powered by Blogger.