গণতন্ত্ৰ দিৱস আৰু স্বাধীনতা দিৱসৰ পাৰ্থক্য || নিলাঞ্জন মহন্ত

 গণতন্ত্ৰ দিৱসৰ সন্ধিয়া - 

    

  আজি দেশৰ ৭২ সংখ্যক গণতন্ত্ৰ দিৱস ৷ বিশ্বৰ বৃহত্তম গণতন্ত্ৰ ৷ ভিন্ন সময় , ভিন্ন সমস্যা , ভিন্ন জনগাঁথনিৰে গঠিত হ’লেও এই দেশত অনৈক্যৰ মাজত একতাৰে থিয় হৈ আছে মোৰ দেশৰ মানুহ ৷ লালকিল্লাত উৰি থকা বিদ্ৰোহী কৃষকৰ পতাকাই চম্পাৰণ , পথৰুঘাট , মিৰাটক সোঁৱৰাই থাকিলেও , মতাদৰ্শগত পাৰ্থক্যৰ উৰ্দ্ধত আমি ভাৰতীয় ৷ 


     ১৯৪৬ চনৰ ৯ ডিচেম্বৰত ভাৰতৰ সংবিধান সভা গঠন হোৱাৰে পৰা ১৯৪৯ চনৰ ২৬ নৱেম্বৰলৈ ২ বছৰ ১১ মাহ ১৮ দিনৰ সুদীৰ্ঘ পৰিক্ৰমাৰ অন্তত চূড়ান্ত ৰূপ পোৱা আমাৰ সংবিধানখন পৃথিৱীৰ ভিতৰতে দীৰ্ঘতম লিখিত সংবিধান ৷ ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা দেশৰ সংবিধান কাৰ্যকৰী হোৱা বাবে এই দিনটো পালন কৰা হয় গণতন্ত্ৰ দিৱস ৰূপে , যিহেতু দেশৰ সংবিধানৰ আদৰ্শ অনুসৰি ভাৰতবৰ্ষ সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য ৷ 



   গণতন্ত্ৰ দিৱস আৰু স্বাধীনতা দিৱস উভয়তে যদিও ভাৰতৰ তিনি বৰণীয়া ত্ৰিৰংগা ৰাষ্ট্ৰীয় সংগীতৰ ছন্দত নীলিম আকাশত উৰি থাকে , কিন্তু এই প্ৰক্ৰিয়াৰ মাজত কিছু পাৰ্থক্য আছে ৷ 


     স্বাধীনতা দিৱসত দেশৰ প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত ত্ৰিৰংগ পতাকা উত্তোলন (Hoist) কৰে কিন্তু গণতন্ত্ৰ দিৱসত দেশৰ ৰাষ্ট্ৰপতিয়ে জনপথত ত্ৰিৰংগ পতাকাৰ ভাঁজ খোলে (Unfurl) ৷ উত্তোলনৰ সময়ত তলৰ পৰা প্ৰধানমন্ত্ৰীয়ে পতাকাখন ওপৰলৈ তুলি নীলিম আকাশত উৰুৱাই আমাৰ স্বাধীনতাৰ ঘোষণা কৰে ৷ কিন্তু গণতন্ত্ৰ দিৱসত ইতিমধ্যে স্বাধীনতা লাভ কৰা দেশখনৰ প্ৰথম নাগৰিক ৰাষ্ট্ৰপতিয়ে ওপৰত তুলি ৰখা পতাকাখনৰ বান্ধ খুলি আমাৰ সংবিধানৰ চামিয়ানা মেলে ৷ 



      ৩:২ দীঘ প্ৰস্থৰ ত্ৰিৰংগাৰ মাজত সাৰনাথৰ অশোক স্তম্ভত খোদিত ২৪ দণ্ডীয় অশোক চক্ৰই আমাক সোঁৱৰাই থাকে ২৪ টা বৌদ্ধ ধৰ্মীয় জীৱনৰ সুবিমল আদৰ্শ ৷ 


       গণতন্ত্ৰৰ জয় হওঁক , বৈষম্যহীন এখন পৃথিৱীৰ সপোন সাকাৰ কৰি শক্তিশালী হওঁক মনুষ্যত্বৰ বিজয় নিচান ৷

No comments:

Powered by Blogger.