আব্ৰাহাম লিংকনৰ বিখ্যাত চিঠিখন

আজি ১২ ফেব্ৰুৱাৰী ।১৮০৯ চনৰ আজিৰ দিনটোতে মহান ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ জন্ম হৈছিল ৷



    ওপজা দিনৰ দিনা তেখেতৰ এখন মূল্যৱান চিঠি উল্লেখ কৰিব বিচাৰিছোঁ ৷ চিঠিখন লিংকনে নিজ পুত্ৰৰ শিক্ষকলৈ লিখিছিল ৷আব্ৰাহাম লিংকনৰ এই চিঠিখন বৰ্তমান সময়তো অতি প্ৰাসংগিক ৷ শিক্ষক তথা অভিভাৱক সকলোৰে বাবে  গুৰুত্বপূৰ্ণ চিঠিখনৰ অসমীয়া অনুবাদ-



মহাশয়,


মই ভাবোঁ যে মোৰ ল’ৰাটোৱে শিকিব লাগিব, সকলো মানুহেই সত্যনিষ্ঠ নহয়। কিন্তু আপুনি তেওঁক পাৰিলে শিকাওক কিতাপৰ মহিমা, কিন্তু লগতে এখন সেউজীয়া পাহাৰীয়া ঠাইত ৰ’দে ফুলে উৰি ফুৰা মৌ-মাখি-পখিলা, আকাশত উৰি ফুৰা চৰাই আদিৰ শাশ্বত ৰহস্যবোৰৰ বিষয়ে ভাবিবলৈ নীৰৱ সময় দিয়ক। স্কুলত তেওঁক শিকাব যে কাৰোবাক প্ৰৱঞ্চনা কৰাতকৈ হাৰ মনাটো বেছি সন্মানজনক। নিজৰ ধাৰণাৰ ওপৰত বিশ্বাস ৰাখিবলৈ তেওঁক শিক্ষা দিয়ক, যদিও প্ৰত্যেকজন মানুহেই কয় যে তেওঁ ভুল। ভদ্ৰ মানুহৰ লগত নম্ৰ হ’বলৈ আৰু অভদ্ৰ মানুহৰ লগত কঠোৰ হ’বলৈ তেওঁক শিকাব। যেতিয়া প্ৰত্যেক মানুহে ৰাজপথৰ সমদলত চামিল হয় তেতিয়া এনে মানুহৰ জুমক অনুসৰণ নকৰিবলৈ মোৰ ল’ৰাটোক শিকাব । সকলো মানুহৰ কথা শুনিবলৈ তেওঁক শিকাব, কিন্তু সত্যৰ চালনীৰে চালি সৰকি অহা কেৱল ভালখিনিহে গ্ৰহণ কৰিবলৈ ক’ব। যদি পাৰে তেওঁক শিকাব যে চকুলোত কোনো লাজ নাই। অসৎসকলক বিদ্ৰূপ কৰিবলৈ শিকাব আৰু সাৱধান কৰি দিব অতি মিষ্টভাষীসকলৰ পৰা। তেওঁৰ শক্তি আৰু মেধাক সৰ্বোচ্চ মূল্য দিয়াজনৰ ওচৰতহে সঁপিবলৈ শিক্ষা দিব। কিন্তু মানুহৰ মন-প্ৰাণৰ লগত কোনো দৰ-দাম নকৰিবলৈ শিকাব। শিকাব যে এনেয়ে লাভ কৰা লাখ টকাতকৈ শ্ৰম কৰি পোৱা এটকাৰ মূল্য বেছি। যেতিয়া নিজকে সঠিক পথত থকা বুলি ভাবে তেতিয়া কোলাহলৰ মাজত কাণ বন্ধ কৰি অটল হৈ থাকি যুঁজি যাবলৈ ক’ব। তেওঁক কথাবোৰ নম্ৰতাৰে শিকাব, কিন্তু তেওঁক লাই নিদিব। কাৰণ উত্তম তীখাক একমাত্ৰ জুইত পুৰিহে পৰীক্ষা কৰি চাব পাৰি। ধৈৰ্যশীল হ’বলৈ তেওঁক সাহস দিব। নিজৰ ওপৰত সদায় বিশ্বাস ৰাখিবলৈ ক’ব, কাৰণ তেতিয়াহে তেওঁৰ আস্থা থাকিব মানৱ জাতিৰ ওপৰত। এয়া এটা ডাঙৰ কাম। মোৰ পুত্ৰ এটা কণমানি ভাল ল’ৰা, আপুনি বাৰু চাওঁকচোন কি কৰিব পাৰি।


ইতি


আব্ৰাহাম লিংকন ।

No comments:

Powered by Blogger.