সাগৰ দেখিছা? দেখা নাই কেতিয়াও ?
- সকলোৰে মুখে মুখে ৰোৱা এক বিখ্যাত কবিতা। কবি দেৱকান্ত বৰুৱা। একাধাৰে এজন সফল ৰাজনীতিবিদ, কবি বৰুৱা দেৱৰ আজি ওপজা দিন (২২ ফেব্ৰুৱাৰী)।
কলংপাৰৰ কবি আৰু সংক্ৰান্তিকালৰ কবি হিচাপে পৰিচিত দেৱকান্ত বৰুৱাৰ জন্ম হৈছিল ডিব্ৰুগড়ত ১৯১৪ চনৰ ২২ ফেব্ৰুৱাৰীৰ দিনা। তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত বৰুৱা আৰু মাতৃৰ নাম আছিল স্বৰ্ণলতা বৰুৱা।
তেখেতে বৰপেটাৰ প্ৰাইমেৰী বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰি বেনাৰচৰ পৰা ইংৰাজী স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে আইনৰ ডিগ্ৰীও লাভ কৰিছিল।
১৯৩৮ চনত বৰুৱাদেৱে অসম প্ৰদেশ কংগ্ৰেছ দলত যোগদান কৰিছিল।তেখেতে চন্দ্ৰকুমাৰ আগৰৱালা দেৱে প্ৰতিষ্ঠা কৰা ''নতুন অসমীয়া'' কাকতৰ সম্পাদনাৰ দায়িত্ব লাভ কৰিছিল।
১৯৫২ চনত ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচনত তেখেত লোকসভালৈ নিৰ্বাচিত হৈছিল। ১৯৫৭ চনত তেখেত অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল আৰু বিধান সভাৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছিল।১৯৬২ চনত তেওঁ পুনৰ অসম বিধানসভা নিৰ্বাচনত বিজয়ী হয়। সেইবাৰ তেওঁ শিক্ষামন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে। ১৯৭১ চনত তেওঁ বিহাৰৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰে।১৯৭৬ চনত তেওঁ অসমৰ ৰাজ্যসভাৰ সদস্য হিচাপেও মনোনীত হৈছিল।
আজিৰ এই লেখাটোত আমি দেৱকান্ত বৰুৱাদেৱৰ কেইটামান কবিতা হুবহু উল্লেখ কৰিব বিচাৰিছো।
সাগৰ দেখিছা?
সাগৰ দেখিছা? দেখা নাই কেতিয়াও? ময়ো দেখা নাই৷
শুনিছোঁ তথাপি
নীলিম সলিল ৰাশি বাধাহীন উৰ্ম্মিমালা আছে দুৰ
দিগন্ত বিয়পি৷
মোৰ ই অন্তৰখনি সাগৰৰ দৰে নীলা, - বেদনাৰে
দেখা নাই তুমি
উঠিছে মৰিছে য’ত বাসনাৰ লষ ঢৌ
তোমাৰেই স্মৃতি-সীমা চুমি l
শুনা নাই? মোৰ সাগৰত তুমি শুনা নাই ধুমুহাৰ
উতলা সংগীত?
বুজা নাই? অনুভৱো কৰা নাই ফুলনিত বসন্তৰ
কোমল ইংগিত?
দেখিছাতো ৰামধেনু? বাৰিষাৰ ডাৱৰত পোহৰৰ
মোহন গৌৰৱ;
প্ৰেমৰ পোহৰ দীপ্ত মোৰ হিয়া আকাশত দেখিছানে
ৰঙৰ উছৱ?
মাজনিশা সাৰ পাই শুনিছানে কেতিয়াবা কেতেকীৰ
হিয়া ভগা মাত?
ভাবিছানে এটিবাৰো পখীৰ ডিঙিত কান্দে মানুহৰ
বুকুৰ সম্বাদ!
মই জানো, তুমি কিটো জানা, হেৰা মোৰ হিয়াহীনা প্ৰিয়া!
তুমি জানা মাথো,
তুমি তুমি, মই মই৷ তুমিতো নাজানা -হায়, কিয় বাৰু
কিয় আমি গাথোঁ
জঁই পৰা মালতীৰে জয়ৰ গৌৰৱ মালা? মিলনৰ
কাৰেং সোনালী
সাজো কিয় পৃথিৱীৰ দুখৰ বোকাৰে আমি?হৃদয়ৰ
ৰঙা তেজ ঢালি
প্ৰতিমাৰ পখালোঁ চৰণ কিয়? তুমি নুবুজিবা সখি
কিনো বেদনাত
ষশ্ঠীত প্ৰতিস্ঠা কৰা দেবীক বিসৰ্জো আমি বিজয়াৰ
বিফল সন্ধ্যাত!
সন্ধিয়া আহিছে নামি?থক হেৰা নালাগে জ্বলাব চাকি;
দুটি নয়নৰ
সহজ প্ৰভাৰে আজি নাশিবা তিমিৰ তুমি অন্ধকাৰ
মোৰ জগতৰ৷
মোৰ দেশ মানুহৰ দেশ
মোৰ দেশ মানুহৰ দেশ
উত্তৰে উত্তুঙ্গগিৰি, দক্ষিণে সাগৰ,
শত নদী বুকুৰে বাগৰে
পাৰে পাৰে সাজে ভাঙে কত ইতিহাস
ব্ৰহ্মপুত্ৰ, গোদাবাৰী,শিপ্ৰা আৰু গঙ্গা যুমনাৰ।
সুন্দৰী ভাৰত বৰ্ষ, ৰূপহী অসম।
তথাপিও মোৰ বাবে মানুহ আপোন,
যি মানুহে এই ভূখণ্ডত
বাৰে বাৰে সাজিছে কাৰেং
বিশ্ব সভ্যতাৰ।
সৃজনৰ আবেগত হাবি কাতি নগৰ সাজিছে;
জীৱনৰ মৃত্যুদীপ্ত তীব্ৰ প্ৰেৰনাত
পাৰ হৈ উচ্ছল বাৰিধি
পাৰ হৈ গভীৰ অৰন্য
দ্বপময় ভাৰত গঢ়িছে;
কম্বোজত সাজিছে ওঙ্কাৰ ধাম।
আত্মাৰ আদেশ মানি
অতিক্রমি হিমালয়—
তিব্বতৰ বৰফস্তূপত যি মানুহে
মৈত্রী আৰু অহিংসাৰ
শলিতা জ্বলালে,
সেই মানুহৰ দেশ,
মোৰ এই মহান স্বদেশ।
বাৰে বাৰে আহে দস্যুদল,
স্বতন্ত্র্য ৰক্ষাৰ বাবে স্বদেশ আত্মাৰ
বাৰে বাৰে যুজিছে মানুহে,
ভাৰতৰ বুৰঞ্জীৰ পাতে পাতে সনা আছে
বোল তাৰ।
কেতিয়াবা বিজয়ৰ উল্লাস,
কেতিয়াবা মূক পৰাভৱ।
তথাপিও জীয়াই আছোঁ
মানুহৰ দৰে।
জীবনৰ মৃত্যুঞ্জয়ী আকুল আহ্বানে বাৰে বাৰে মাতিছে আমাক
তেজেৰে আমাৰ
পানিপথ, হলদিঘাত, পলাশীৰ, শৰাইঘাটৰ
মাটি সেমেকাই
আমি তাক কৰিছোঁ গ্ৰহন।
ফাঁছিকাঠে মাতিছে আমাক,
আমি তাৰ নিমন্ত্রণ প্ৰত্যাখ্যান কৰা নাই।
সেই বাবে নতুন ভাৰত এয়া;
ঘৰে ঘৰে আশাৰ প্ৰদিপ,
পথাৰত সোনালী ধান।
নতুন দিনৰ স্বপ্ন দুচকুত
ডেকা গাভৰুৰ
দুবাহুত শক্তিৰ সঞ্চয়।
বাহিৰত কিহৰ আৰাও?
দস্যুদল দুৱাৰ-দলিত।
সাজু হোৱা দেশৰ মানুহ
আকৌ আহ্বান স্বদেশ ৰক্ষাৰ বাবে
আকৌ আহিছে শুনা মৰণৰ উদগ্র আহ্বান
যি মৰনে যুগে যুগে জীৱনক কৰিছে অমৰ।
তাৰ নিমন্ত্রণ কোনে নেওচিব পাৰে?
এই দেশ ৰাখিব লাগিব।
এইখন আপোনাৰ দেশ,
এইখন মৰমৰ দেশ,
এইখন মানুহৰ দেশ।
আমি দুৱাৰ মুকলি কৰোঁ
মোৰ মেজৰ ওপৰত এখন ছবি আছে
নিকোলাছ’ৰৰিকৰ | নাম তাৰ ?
তাৰ নাম – আমি দুৱাৰ মুকলি কৰোঁ |
কিহৰ দুৱাৰ ? পুবৰ নে পছিমৰ দুৱাৰ
নে দক্ষিণৰ যমৰ দুৱাৰ
নে মহাপ্ৰস্থানৰ আমন্ত্ৰ্ণ মুখৰিত
উত্তৰাপথৰ সিংহদ্বাৰ ?
মাই কবি দেৱকান্ত,
যৌৱনৰ বিয়লি বেলিকা
বাটৰ কাষত বহি খন্তেক মাথোন
দেখিছোঁ সপন আজি দীঘল বাটৰ
অন্তহীন দীঘল বাটৰ |
জিৰণি-ঘৰত শুনো হাঁহি-খিকিন্দালি
ঠাঁই ক’ত জিৰনিৰ?
ৰূদ্ধ তাৰ দুৱাৰ-মুখত জনতাৰ হেঁচা-ঠেলা
দুৱাৰ মুকলি ক’ত ?
জানো, উদ্ভ্ৰান্ত ছন্দৰ তালে
উতলা কৰিছে মোক
জানো মোৰ গতি নাই গতিৰ বাহিৰে |
কিন্তু যাত্ৰাৰ শেহত ক’ত মুকলি দুৱাৰ ।
পাম জানো সিংহদ্বাৰ প্ৰাণৰ ছন্দত মোৰ
বাদুলি – সঁচাৰ ঘৰ মেল খব নিজে নিজে
যৌবনৰ নিমন্ত্ৰন যাচি ?
ভ্ৰমিলো বহুতো বাট
পেৰুত ইঙ্কাৰ স’তে সোণ-ৰূপ খটোৱা পাল্কীত |
মৰণ-মধুৰ সেই যৌৱনৰ বিৰাট খণ্ডত মেক্সিকোত
ঢালিলোঁ আহুতি মই ৰূপ-কোৱৰৰ স’তে
ৰূপহীৰ নৃত্যৰ ছন্দত |
নিনেভাৰ পাখি লগা ষাঁড়ৰ আগত
অসুৰৰ বিজয়-উৎসৱ | তাতো যোগ দিলোঁ মই,
শুন্যোদ্যান বেবিলন | ইন্নানাৰ মন্দিৰৰ দুৱাৰ-দলিত
প্ৰেমাকাঙ্খী শত দেৱদাসী |
প্ৰেমাঞ্জলী কৰিলোঁ গ্ৰহণ দেৱদাসী ৰাজ-কুঁৱৰীৰ |
কত ৰং-ধেমালিৰ কৰিলোঁ পাতনি
ডেকা গাভৰুৰ স’তে
উছব-তলীত মই সমুদ্ৰ-স্তনিত সেই শুৱনী ক্ৰীটৰ |
ভ্ৰমিলোঁ বহুত বাট |
কিন্তু দুৱাৰ মুকলি ক’ত?
বন্ধ দেখোঁ সকলো দুৱাৰ |
দুৱাৰ মুকলি মাথোঁ অচল ছবিৰ,
কিতাপ-দ’মত থকা নিকোলাছৰ’ৰিকৰ
এখনি ছবিৰ |
মনোৰমা
চকুত তোমাৰ সপোনৰ মায়া
মুখত জোনৰ কোমল ছাঁ;
নিশহত যেন নতুন ঘাঁহৰ
সুৰভিৰে পুৰ মৃদুল বা !
ক’ লা চুলিটাৰি, কোনে সানি দিলে
আঁউসী নিশাৰ সুষমা তাত ?
কেতিয়া শিকালে কপৌৱনো তাৰ
মন কিব কৰ উৰুঙা মাত ?
আগ বাৰিসাৰ বা ৰিব্ ৰিব্
বতাহৰ দৰে তোমাৰ হাঁহি,
উলাহতে তাৰ কঁপিছে কলং
পাণীমেটেকাই মেলিছে পাহি!
দহোটি আঙুলি চঁপাকলি হেন,
পদুমৰ ঠাৰি দুখনি হাত,
দুই দোৰপতি থৰক্ থৰক্
তত্ নাইকিয়া মকোৰ গাত !
নিপোটল বুকু, লাটুমণি ওঁঠ
দুয়ো পাৰি দাঁত ডালিম গুটি;
মৰুময় মোৰ পৃথিৱীত সখী
তুমি কবিতাৰ একেটি সুঁতি |
কবিৰ কামনা
মই কবি, গাওঁ গান, শব্দৰ সপোন সাজোঁ
লিখো যে কৱিতা,
ফুল আৰু পখিলাৰ বিচাৰি চাওঁ
প্ৰেমৰ ৰজিতা ।
দুৰণিৰ বননিত প্ৰাণৰ হিল্লোল কঁপে ,
পুৱতি তৰাই,
সৰগৰ সিপাৰৰ অপৰুপ জেউতিৰ
সংকেত জনায় ।
কলঙ-পাৰৰ এই দুৱৰিত আকাশৰ
বিচাৰো তুলনা,
সৰি পৰা শেৱালিৰ কোমল সুবাসে মোক
কৰেহি উন্মনা ।
বকুল ডালত সউ সখিয়তী পখিটিৰ
কৰুণ বিননি,
মোৰ এ অন্তৰ ভৰি আকাশ উপচি পৰে
তাৰ প্ৰতিধ্বনি ।
মই যি কৱিতা ৰচোঁ, গানৰ ভাষাৰে গাওঁ
প্ৰাণৰ বিননি,
কোনোবা জোনাক নিশা তৰুণ হিয়াত তাৰ
লাগেনে কঁপনি ?
দাপোনত মুখ চাই অপোন ৰূপত মুগ্ধা
কোনো ৰূপহীৰ,
পৰেনে মনত বাৰু এফাঁকি কৱিতা এই
বিৰহী কবিৰ ?
বিফল-যৌৱনা কোনো গাভৰুৱে নেভাবেনে
কোন সেই কবি,
ছন্দৰ তুলিৰে আঁকে অশ্ৰ্ক্লান্ত জীৱনৰ
সোনোৱালী ছবি ?
মাটিৰ চাকিটি মোৰ উৰণীয়া বা লাগি
হঠাতে নুমায়,
প্ৰীতিৰ বতাহে মোৰ আকাশী তৰাৰ হায়
হিয়া নকাঁপায় !
কি বিচাৰো প্ৰতিদান ? কঙাল হৃদয়ে মোৰ
বিচাৰে কি ধন ?
হাঁহিৰ বিজুলী এটি, দুটুপি চকুলো ভৰা
এযুৰি নয়ন ।
No comments: