ইয়াণ্ডাবু সন্ধি


ইয়াণ্ডাবুৰ সন্ধি, ২৪ ফেব্ৰুৱাৰী ১৮২৬


 

এফালে সন্মানীয় ইষ্ট ইণ্ডিয়া কোম্পানী আৰু আনফালে আভাৰ ৰজাৰ মাজত হোৱা শান্তিৰ চুক্তি। কোম্পানীৰ হৈ আছে মেজৰ-জেনেৰেল ছাৰ আৰ্চিবল্ড কেম্পবেল, K.C.B.,আৰু K.C.T.S., অভিযানৰ নেতৃত্ব লওঁতা তথা পেগু আৰু আভাৰ উচ্চ আয়ুক্ত; থমাছ কেম্পবেল ৰবাৰ্টছন, ESQ., পেগু আৰু আভাৰ অসামৰিক আয়ুক্ত; আৰু হেনৰী ডুচি চাড, ESQ., কেপ্টেইন, ইৰাৱতী নদীত ব্ৰিটিছ ৰাজ আৰু কোম্পানীৰ নৌ বাহিনীৰ নেতৃত্ব লওঁতা। আভাৰ ৰজাৰ হৈ আছে মেংগ্যি-মহা-মিন-লা-কিয়'-টিন ৱুংগ্যি, লাইকাইঙৰ শাসক, আৰু মেংগ্যি-মাৰা-লাহ-থু-হাহ-থু-হাহ-থু-আটৱিন-হুন, ৰেবিনিউৰ শাসক। দুয়োপক্ষই আভাৰ ৰাজ্যৰ ইয়াণ্ডাবুত এহেজাৰ আঠশ আৰু ছাব্বিছ বছৰৰ ফেব্ৰুৱাৰীৰ চৌবিছ তাৰিখে, আৰু এহেজাৰ এশ সাতাশী গৰুমা বৰ্ষৰ টাবং চন্দ্ৰ টুটি অহাৰ চতুৰ্থ দিনা এই চুক্তি স্বাক্ষৰ কৰিছে।


দফা ১

শান্তি-শৃংখলাৰ স্বাৰ্থত দুয়োটা পক্ষ ইষ্ট ইণ্ডিয়া কোম্পানী, ব্ৰিটিছ আৰু মানৰ ৰজা বুজাপৰালৈ আহিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।


দফা ২

চুক্তিৰ মতে মানৰ ৰজাই আগতে আৰোপ কৰা সকলোবোৰ ৰাজকীয় ঘোষণা, কৰ ইত্যাদিবোৰ উঠাই লবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।


দফা ৩

দুয়োখন দেশৰ মাজত শান্তি-শৃংখলা বজাই ৰখা কাম্য। স্থায়ী সীমাৰেখা নিৰ্ধাৰণ কৰা হয় আৰু আৰকন গিৰিমালাকে দুয়োখন দেশৰ সীমা হিচাবে পঞ্জীভূত কৰা হয়।


দফা ৪

আভাৰ ৰজাই য়েহ, টাভয়, মেৰগুই আৰু চেনাচেৰিম প্ৰদেশ আৰু সেইবোৰৰ অধীনৰ সকলো এলেকাৰ অধিকাৰ ছেলৱিন নদীক সীমা হিচাপে ধৰি ব্ৰিটিছ চৰকাৰক এৰি দিব। সিবোৰৰ সীমা লৈ কোনো সন্দেহৰ উদ্ভৱ হ'লে তৃতীয় অনুচ্ছেদৰ শেষ অংশ মতে নিষ্পত্তি কৰা হ'ব।


দফা ৫

দুয়োপক্ষৰ মাজত শান্তি আৰু বন্ধুত্ব বজাই ৰখাত বাৰ্মাৰ চৰকাৰৰ আগ্ৰহৰ চিনস্বৰূপে আৰু যুদ্ধত হোৱা খৰচৰ ক্ষতিপূৰণ হিচাপে আভাৰ ৰজাই দহ লাখ পাউণ্ড পৰিশোধ কৰিব।


দফা ৬

যুদ্ধত অংশ লোৱাৰ বাবে দেশী বা বিদেশী কোনো লোককে কোনো পক্ষই অত্যাচাৰ নকৰিব।


দফা ৭

দুয়োখন চৰকাৰৰ মাজত স্থাপন হোৱা বন্ধুত্ব আৰু শান্তিৰ পৰিবেশ অধিক উন্নত কৰিবৰ বাবে দুয়ো পক্ষৰ দ্বাৰা অনুমোদিত মন্ত্ৰী বা বিষয়াই পঞ্চাছজনীয়া দেহৰক্ষীৰ দল এটা লৈ বিপক্ষৰ দৰবাৰত থাকিব আৰু তেওঁলোকে পাৰস্পৰিক বিনিময় প্ৰথাৰ যোগেদি স্থায়ী সামগ্ৰীৰ বাসস্থান কিনিব পাৰিব বা সাজিব পাৰিব। পাৰস্পৰিক লাভালাভলৈ চাই দুই পক্ষই এখন ব্যৱসায়িক চুক্তি কৰিব।


দফা ৮

দূয়োখন চৰকাৰে যুদ্ধৰ আগৰ কালছোৱাত চুক্তিবদ্ধ হোৱা ৰাজহুৱা বা ব্যক্তিগত ঋণক স্বীকৃতি দিব। মান ৰজাৰ অধীনৰ কোনো ঠাইত থকা কোনো ইংৰাজ নাগৰিকৰ মৃত্যু হ'লে আৰু তেওঁৰ কোনো উত্তৰাধিকাৰী নাথাকিলে তেওঁৰ সকলো সম্পত্তি ইংৰাজ প্ৰতিনিধিৰ হাতত মান ৰজাই গতাই দিব লাগিব। একেদৰে ব্ৰিটিছ শাসিত অঞ্চলত থকা কোনো বাৰ্মাৰ নাগৰিকৰ মৃত্যু হ'লে তেওঁৰ সম্পত্তি বাৰ্মাৰ ৰজাৰ প্ৰতিনিধিৰ হাতত গতাই দিয়া হ'ব।


দফা ৯

ব্ৰিটিছৰ নাও বা জাহাজে বাৰ্মাৰ বন্দৰত দিবলগীয়া কৰ আভা ৰজাই উঠাই ল'ব আৰু বাৰ্মাৰ জাহাজ বা নাৱেও ব্ৰিটিছ বন্দৰত কৰ দিব নালাগিব। ইউৰোপীয় বা ভাৰতীয় ব্ৰিটিছ প্ৰজাৰ জাহাজ বা নাওৰ বয়-বস্তু বাৰ্মাৰ বন্দৰত নমাব পাৰিব।


দফা ১০

যুদ্ধত ব্ৰিটিছক সহযোগ কৰা শ্যাম দেশৰ ৰজা আৰু প্ৰজা সকলোকে এই চুক্তিৰ আওতাত সামৰি লোৱা হ'ব।


দফা ১১

এই চুক্তি কাৰ্যকৰী কৰাৰ বাবে বাৰ্মা চৰকাৰে দেশী, আমেৰিকান বা ইউৰোপীয় সকলো বন্দীকে ব্ৰিটিছ আয়ুক্তৰ হাতত গতাই দিব। ব্ৰিটিছ আয়ুক্তয়ো বাৰ্মাৰ বন্দীসকলক বংগৰ পৰা ঘূৰাই অনাৰ পাছত বাৰ্মা চৰকাৰ প্ৰতিনিধিৰ হাতত গতাই দিব। চাৰিমাহৰ ভিতৰত এয়া কাৰ্যকৰী কৰাৰ বাবে গৱৰ্ণৰ-জেনেৰেলে দায়িত্ব ল'ব।


উৎস: ৱিকিপিডিয়া

No comments:

Powered by Blogger.