চৌৰী চৌৰা || The Chauri Chaura incident

 জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত ১৯২০ চনৰ আগষ্ট মাহৰ সমগ্ৰ ভাৰততে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে  অসহযোগ আন্দোলন আৰম্ভ কৰা হৈছিল।

    


     এই আন্দোলনৰ আহ্বান মৰ্মেই উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰীচৌৰাটো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এজন প্ৰাক্তন সেনা বিষয়া ভগৱান আহিৰে ১৯২২ চনৰ ২ ফেব্ৰুৱাৰীত কিছু লগৰীয়াক লৈ খাদ্য বস্তুৰ মূল্যবৃদ্ধি আৰু বজাৰত সুৰা বিক্ৰীৰ প্ৰতিবাদত চৌৰীচৌৰাৰ বজাৰৰ দিশে প্ৰতিবাদী সমদল উলিয়াই। স্থানীয় পুলিচ কৰ্মী সকলে প্ৰতিবাদী কাৰ্যসূচী বন্ধ কৰাৰ লক্ষ্যৰে প্ৰতিবাদকাৰী সকলৰ ওপৰত লাঠীচালনা কৰে। লগতে আন্দোলনৰ নেতৃত্ব লোৱা সকলক আটক কৰি চৌৰীচৌৰা পুলিচ থানাত ৰাখি থয়।

   


শান্তি শৃংখলা বজাই প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰী সকলক পুলিচে মাৰপিট কৰা কাৰ্যই সাধাৰণ মানুহৰ মনটো ক্ষোভৰ সৃষ্টি কৰিছিল। সেই কাৰণেই এই ঘটনাৰ দুদিন পাছত অৰ্থাৎ ৪ ফেব্ৰুৱাৰীৰ দিনা পুলিচৰ বৰ্বৰতাৰ প্ৰতিবাদত অন্য এক প্ৰতিবাদী মিচিল বাহিৰ কৰা হৈছিল। সংখ্যাত প্ৰতিবাদকাৰীসকল তাকৰ হোৱা হেতুকে পুলিচ প্ৰশাসনে এই প্রতিবাদক বৰ বিশেষ গুৰুত্ব দিয়া নাছিল।

    কিন্তু ইয়াৰ ঠিক পাছৰ দিনা অৰ্থাৎ ৫ ফেব্ৰুৱাৰীৰ দিনা প্ৰায় ২০০০ ৰ পৰা ২৫০০ লোক সমবেত হৈ চৌৰীচৌৰাৰ বজাৰৰ দিশে প্ৰতিবাদী সমদল বাহিৰ কৰে। প্ৰতিবাদী সমদলটোৱে বাটত পোৱা সকলো সুৰাৰ দোকান বন্ধ কৰি গৈছিল। প্ৰতিবাদক স্তব্ধ কৰাৰ উদ্দেশ্যেৰে পুলিচ প্ৰশাসনে পুনৰ লাঠি চালনা কৰে আৰু আন্দোলনৰ নেতৃত্ব দিয়া লোকসকলক চৌৰীচৌৰাৰ পুলিচ থানাত আবদ্ধ কৰি ৰাখে।

    বাকী প্ৰতিবাদকাৰী সকলে পুলিচৰ এই কাৰ্যত বিতুষ্ট হৈ প্ৰতিবাদকাৰী সকলক মুক্তিৰ দাবী জনাই চৌৰীচৌৰা পুলিচ থানা ঘেৰাও কৰে আৰু পুলিচ তথা চৰকাৰৰ বিপক্ষে শ্লোগান দিবলৈ ধৰে।

   এই বৃহৎ জনসমাগম নিয়ন্ত্ৰণ কৰিবলৈ পুলিচে শূণ্যলৈ গুলিচালনা কৰে। পুলিচৰ এই কাৰ্যই যেন জ্বলা জুইত ঘিঁউহে ঢালিলে, সমবেত সকলো জনতাই হাতে হাতে শিলগুটি লৈ পুলিচলৈ দলিওৱাত লাগিল।

     


     জনতাৰ ৰুদ্ৰমূৰ্তি দেখি থানাৰ দায়িত্বত থকা ভাৰতীয় চাব-ইন্সপেক্টৰ জনে গুলিচালনাৰ আদেশ দিয়ে। এই গুলিচালনাত ৩ ৰ পৰা ৪ জন প্ৰতিবাদকাৰী নিহত হোৱাৰ লগতে বহুসংখ্যক ব্যক্তি আহত হয়।

     প্ৰতিবাদকাৰী সকল তেতিয়াও পিছহোহোকি যোৱা নাছিল।পুলিচৰ এনে বৰ্বৰতাৰ উত্তৰ দিবলৈ গৈ নিজে আইন হাতত তুলি লয়। প্ৰতিবাদী জনতাই চৌৰীচৌৰা পুলিচ থানাত অগ্নিসংযোগ কৰে। এই গোটেই ঘটনাত ২৩ জন পুলিচ কৰ্মী নিহত হয়।

    ব্ৰিটিছ চৰকাৰে এই ঘটনাৰ পাছতে চৌৰীচৌৰা আৰু ইয়াৰ ওচৰপাজৰৰ অঞ্চলত মাৰ্চেল ল' প্ৰয়োগ কৰিছিল। লগতে মুঠ ১৯ জন স্বাধীনতা সংগ্ৰামীক ফাঁচীৰ শাস্তি প্ৰদান কৰিছিল।

    


     গান্ধীজী এই ঘটনাৰ পাছত বহুত নিৰাশ হৈ পৰিছিল। নিজকে এই ঘটনাৰ বাবে দোষাৰোপ কৰি তেওঁ পাঁচ দিনৰ বাবে অনশন কাৰ্যসূচী ৰূপায়ন কৰে। অহিংস পন্থা এৰি হিংসাক প্ৰশ্ৰয় দিয়াৰ কাৰণে ১৯২২ চনৰ ১২ ফেব্ৰুৱাৰীৰ দিনা গান্ধীজীয়ে অসহযোগ আন্দোলন স্থগিত কৰে।

No comments:

Powered by Blogger.