কৃষি আইন ২০২০ || Farm Act 2020 :: উদিত পৱন মহন্ত

 কৃষি মূলতঃ এক পদ্ধতি৷ কৃষি ভোকৰ একমাত্ৰ উত্তৰ৷ কৃষি এক জীৱিকা৷ কৃষি এক ধাৰা৷ কৃষি একোটা জন জীৱনৰ প্ৰাণ৷ কৃষি এক সংস্কৃতি৷কৃষিক আদিম মানৱ সভ্যতাৰ বিকাশৰ এক চালিকা শক্তি বুলি ক’ব পাৰি৷কৃষিকাৰ্য বা কৃষি মানবজাতিৰ আদিমতম পেচা হিচাপে চিহ্নিত।আমাৰ দেশৰ অৰ্থনীতিত কৃষিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। 



      আজি আমি বৰ্তমান সময়ত ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে চৰ্চাৰ বিষয় হৈ পৰা কৃষক সকলৰ আন্দোলন মূল বিষয় ভাৰত চৰকাৰৰ দ্বাৰা প্ৰণয়ন কৰা কৃষি আইন তিনিখনৰ বিষয়ে পুঙ্খানুপুঙ্খ ভাৱে আলোচনা কৰিম। যদিও আইন তিনিখন, কিন্তু প্ৰকৃততে গোটেই তিনিখন আইন ইখন সিখনৰ পৰিপূৰক। সেই আইন তিনিখন হৈছে :


১) কৃষকৰ উৎপাদন সামগ্ৰীৰ ব্যৱসায় আৰু বাণিজ্য (সংবৰ্ধন আৰু সুবিধা) আইন, ২০২০

২) কৃষকৰ (কতৃৰ্ত্বৱান আৰু সুৰক্ষা) মূল্য নিশ্চিতকৰণ চুক্তি আৰু কৃষি সেৱা আইন, ২০২০

৩) অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধন) আইন, ২০২০

 আহকচোন প্ৰত্যেকখন আইনৰ আমি মূল বিষয়বস্তু, আইনখনৰ সুবিধা বা লাভ আৰু অসুবিধা বা লোকচান সমূহ পৰ্য্যায়ক্ৰমে আলোচনা কৰে। 

১) কৃষকৰ উৎপাদন সামগ্ৰীৰ ব্যৱসায় আৰু বাণিজ্য (সংবৰ্ধন আৰু সুবিধা) আইন, ২০২০


মূল বিষয়বস্তু: 


 ১) এই আইন অনুসৰি কৃষক সকলে APMC ( Agricultural produce marketing committee) আইনৰ অধীনত থকা মন্দি ( কৃষি বজাৰ) সমূহৰ উপৰিও বিকল্প বজাৰ/স্থানত বিক্ৰী কৰিব পাৰিব। APMC ৰ ধাৰণাৰ লগত অসমৰ কৃষকসকল প্ৰায় অপৰিচিত। এইখিনিতে APMC কি চমুকৈ উল্লেখ কৰি ল'ব বিচাৰিছো। ভাৰতৰ কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী পোনে পোনে বজাৰত বিক্ৰী কৰিব নোৱাৰে। কৃষক সকলে উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত APMC লৈ যাব লাগে। য'ত কৃষকসকলৰ পৰা নূন্যতম মূল্য লৈ কৃষিজাত সামগ্ৰীসমূহৰ নিলাম হয়। এইখিনিতে উল্লেখযোগ্য যে ধান আৰু ঘেঁহুৰ বাবে কৃষক সকলক চৰকাৰৰ দ্বাৰা পূৰ্বে নিৰ্ধাৰিত নূন্যতম সমৰ্থন মূল্য (MSP) দিয়া হয়।


২) কৃষক সকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ দেশৰ যিকোনো ৰাজ্যত বিক্ৰী কৰিব পাৰিব। ইয়াৰ বাবে তেওঁলোকে কোনো কৰ পৰিশোধ কৰিবলগীয়া নহয়।


৩) নতুন আইনখনৰ যোগেদি কৃষিজাত সামগ্ৰী সমূহ অনলাইন বিক্ৰীৰ বাবে উৎসাহ যোগোৱা হৈছে।



সুবিধা:


১) কৃষকে নিজৰ ইচ্ছা অনুযায়ী কোনো কৰ অবিহনে যিকোনো ৰাজ্যত নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পাৰিব।


২) যিহেতু আন যিকোনো ব্যৱসায়ৰ ক্ষেত্ৰত উৎপাদকে নিজৰ সামগ্ৰী নিজৰ সুবিধা আৰু ইচ্ছা মতে বিক্ৰী কৰিব পাৰে, কৃষিৰ ক্ষেত্ৰত কৃষক সকলেও এই সুবিধা লাভ কৰাটো দৰকাৰ আৰু এই আইন অনুসৰি কৃষক সকলক এই সুবিধা প্ৰদান কৰা হৈছে।


৩) APMC ৰ বাহিৰেও যিহেতু বিকল্প বজাৰৰ পথ মুকলি কৰা হৈছে, সেয়েহে আশা কৰিব পাৰি যে সুস্থ প্ৰতিযোগিতামূলক বাতাবৰণৰ সৃষ্টি হ'ব আৰু কৃষক সকল ইয়াৰ পৰা উপকৃত হ'ব।


৪) APMC ৰ একাধিপত্য নোহোৱা হ'ব ।


অসুবিধা


১) এই আইন খনৰ যোগেদি যিহেতু APMC ৰ প্ৰভাৱ কম কৰিব বিচৰা হৈছে তাৰ কাৰণে APMC ৰ পৰা কৃষকসকলে লাভ কৰা সুবিধা সমূহও শেষ হ'ব। তদুপৰি APMC ৰ লগত জড়িত ব্যক্তি সকলৰ আয়তো ই যথেষ্ট প্ৰভাৱ পেলাব।


২) যদিও আইনখনত উল্লেখ থকাৰ দৰে কৃষক সকলে বিকল্প ক্রেতাক সামগ্ৰী বিক্ৰী কৰিব পাৰিব তথাপিও ক্রেতাৰ ওপৰত কোনো বিশেষ নিয়ন্ত্ৰণৰ ব্যৱস্থা নথকাৰ বাবে কৃষকসকল লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।


৩) APMC ৰ একাধিপত্য নোহোৱা কৰিবলৈ যাওঁতে আন বেলেগ একাধিপত্য সৃষ্টি হোৱাৰো অৱকাশ আছে।


৪) কৃষক সকলে কিবা লোকচান বা আন কোনো ঠগ প্ৰবঞ্চনাৰ বলি হ'লে এই আইন অনুসৰি যিহেতু কোনো আদালতৰ দ্বাৰস্থ হ'ব নোৱাৰে গতিকে ইয়াকো এই আইনখনৰ এক ঋণাত্মক দিশ হিচাপে উল্লেখ কৰিব পাৰি। এইখিনিতে উল্লেখকৰিবলগীয়া যে ক্ৰেতা আৰু কৃষকৰ মাজত কিবা বিবাদ হ'লে বিবাদ নিষ্পত্তিৰ বাবে SDM( Sub Divison Megistrate) ৰ ওচৰলৈ যাব পাৰে। SDM য়ে দুই পক্ষৰ বুজাপৰাৰ মাধ্যমেৰে বিবাদ নিষ্পত্তিৰ বাবে এখন কমিটি গঠন কৰি দিব। বুজাপৰা সম্ভৱ নহ'লে ৩০ দিনৰ ভিতৰত SDM য়ে ৰায় প্ৰদান কৰিব লাগিব। এই ৰায়ত সন্তুষ্ট নহ'লে Collector বা  ভাৰপ্ৰাপ্ত Additional Collector ৰ ওচৰত আবেদন কৰিব পাৰিব। আৰু Collector বা ভাৰপ্ৰাপ্ত Additonal Collector য়েও ৩০ দিনৰ ভিতৰত ৰায় প্ৰদান কৰিব লাগিব।




২) কৃষকৰ (কতৃৰ্ত্বৱান আৰু সুৰক্ষা) মূল্য নিশ্চিতকৰণ চুক্তি আৰু কৃষি সেৱা আইন, ২০২০


মূল বিষয়বস্তু


১) কৃষক সকলে ক্ৰেতা(Sponsor) ৰ লগত চুক্তি কৰিব লাগিব। এই চুক্তিত উৎপাদিত সামগ্ৰীৰ লগতে বিভিন্ন কৃষি সেৱাৰ কথা উল্লেখ থাকিব।


২) ফচল ৰুৱাৰ সময়ৰ পৰা সৰ্বাধিক ৫ বছৰৰ বাবে এই চুক্তিৰ বৈধতা থাকিব।


৩) কেন্দ্ৰ চৰকাৰে প্ৰয়োজনত মডেল চুক্তি বা চুক্তিৰ বাবে প্ৰয়োজনীয় নিৰ্দেশিকা প্ৰস্তত কৰিব।


৪) কৃষক আৰু স্পন্সৰ দুয়ো মিলি উৎপাদিত ফচলৰ মূল্য নিৰ্ধাৰণ কৰিব। প্ৰয়োজনত দুয়োপক্ষই মূল্যৰ ক্ষেত্ৰত পাছত সালসলনি কৰিব পৰা ব্যৱস্থা ৰাখিব পাৰে অৰ্থাৎ এটা নূন্যতম মূল্য প্ৰথমে নিৰ্ধাৰণ কৰি বিক্ৰীৰ সময়ত বজাৰ মূল্য (যদি চুক্তি কৰা সময়তকৈ বেছি হয়) অনুযায়ী আগতে নিৰ্ধাৰণ কৰা মূল্যতকৈ বিক্ৰী দাম বৃদ্ধি কৰিব পাৰে।


৫)  ফচল বিক্ৰী কৰাৰ দিনাই কৃষকে পাবলগীয়া মূল্য পৰিশোধ কৰিব লাগিব। বিশেষ কাৰণবশত (বেংক বন্ধ ইত্যাদি) ক্ৰেতা বা স্পঞ্চৰে সেইদিনা মূল্য দিব নোৱাৰিলে কৃষকক পাবলগীয়া মূল্যৰ হিচাপ লিখিত আকাৰত দিব লাগিব আৰু তিনি দিনৰ ভিতৰত কৃষকক পাবলগীয়া মূল্য পৰিশোধ কৰিব লাগিব।


৬) চুক্তি পত্ৰত কৃষি ভূমিৰ কোনো কথাই উল্লেখ কৰিব নোৱাৰিব।যদি কৰে সেই চুক্তি বাতিল হ'ব (Null & Void) । চুক্তি কৰা কোম্পানী বা স্পঞ্চৰে কৃষকৰ ভূমিত কোনো স্থায়ী গঠন ( Permanent Structure) নিৰ্মাণ কৰিব নোৱাৰিব। কিন্তু দুয়ো পক্ষৰ সন্মতি থাকিলে এই কাম কৰিব পৰা যাব। চুক্তি শেষ হোৱাৰ পাছত কোম্পানী বা স্পঞ্চৰে নিজা খৰছৰ এই স্থায়ী গঠন ভাঙিব বা স্থানান্তৰ কৰিব লাগিব। আৰু যদি নকৰে তেন্তে ইইয়াক কৃষকৰ সম্পত্তি বুলি গণ্য কৰা হ'ব ।


৭) ৰাজ্য চৰকাৰে ইচ্ছা কৰিলে কৃষকৰ লগত ক্ৰেতা/কোম্পানী/স্পঞ্চৰে কৰা চুক্তি সমূহ পঞ্জীয়ন কৰিব পাৰিব।


৮) প্ৰাকৃতিক দুৰ্যোগ বা আন কিবা অনিয়ন্ত্ৰিত ঘটনাৰ বাবে কৃষকে চুক্তি পত্ৰৰ  চৰ্ত সমূহ পালন কৰাত ব্যৰ্থ হ'লে কোম্পানী/স্পঞ্চৰে কৃষক সকলক কোনো জৰিমনা বা লোকচানৰ সন্মুখীন কৰাব নোৱাৰিব।


৯) চুক্তি পত্ৰ উলংঘা কৰিলে কোম্পানী/স্পঞ্চৰে মুঠ মূল্যৰ ডেৰগুন অধিক ধন কৃষকক পৰিশোধ কৰিব লাগিব। 

       যদি কৃষকে চুক্তিৰ চৰ্ত উলংঘা কৰে তেন্তে কৃষক সকলৰ বাবে কোনো জৰিমনাৰ কথা এই আইনখনত উল্লেখ নাই । কিন্তু  এনে হ'লে কৃষক সকলে কোম্পানী/স্পঞ্চৰে কৰা খৰছ কোম্পানীক ঘূৰাই দিব লাগিব।


১০) কৃষক সকলে ব্যক্তিগত ভাৱে বা Farm  Producer Organisation (FPO) গঠন কৰি কোম্পানী/স্পঞ্চৰৰ লগত চুক্তি কৰিব পাৰিব।




সুবিধা:


১) যিদৰে আন ব্যৱসায়ত আগতীয়াকৈ আদেশ (Pre-Order) লৈ বস্তু উৎপাদন কৰিব পাৰে। ঠিক তেনেদৰে কৃষিজাত সামগ্ৰীৰ ক্ষেত্ৰতো এই নীতি প্ৰযোজ্য হ'ব।


২) সুস্থ প্ৰতিযোগিতা মূলক বাতাবৰণৰ সৃষ্টি হ'ব ।


৩) ভাৰতীয় কৃষি আদৰ্শ সলনি হ'ব। (ভাৰতৰ কৃষি ক্ষেত্ৰত যিহেতু কেৱল ধান আৰু ঘেঁহুক গুৰুত্ব দিয়া হয় সেয়ে এই বিষয়ত বিভিন্ন বাদ-

 বিবাদ চলি থকা দেখা যায়)


৪) FPO গঠনৰ বাবে সহকাৰী কৃষিৰ ক্ষেত্ৰখনতো বিকাশ হ'ব।



অসুবিধা:


১) পুঁজিপতি কোম্পানী সমূহে কৃষকৰ অজ্ঞতাৰ সুযোগলৈ নিজৰ সুবিধা অনুসৰি চুক্তি পত্ৰ নিৰ্মাণ কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। 


২) বিবাদ নিস্পত্তি যিহেতু আদালতৰ বাহিৰত কৰিবলগীয়া হ'ব সেয়েহে কোম্পানী/স্পঞ্চৰৰ পক্ষই নিজৰ পক্ষত ৰায়দান পাবৰ  বাবে ধনবল, বাহুবল ব্যৱহাৰ কৰিব পাৰে।


৩) MSP(Minimum Support Price) অৰ্থাৎ নূন্যতম সমৰ্থন মূল্যৰ কথা আইন খনৰ কতো উল্লেখ নাই। APMC ত কৃষকসকলে ধান আৰু ঘেঁহুৰ ওপৰত লাভ কৰা নূন্যতম মূল্যতকৈ কম মূল্য লাভ কৰাৰ অৱকাশ আছে।


৪) চুক্তি পত্ৰৰ ক্ষেত্ৰত চৰকাৰৰ নিয়ন্ত্ৰণ সীমিত।




৩) অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধন) আইন, ২০২০


মূল বিষয়বস্তু: 


১) অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা পিয়াজ, আলু, খোৱা তেল, খাদ্য শস্য, দাইল, অইল চিদক আতৰোৱা হ'ল ।


২) যিকোনো লোক বা কোম্পানীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ সংৰক্ষণ কৰিব পাৰিব। কেৱল প্ৰাকৃতিক দুৰ্যোগ, যুদ্ধ, মহামাৰী আদিৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰী সংৰক্ষণ কৰিব নোৱাৰিব।


৩) যদি ১ বছৰৰ ভিতৰত শাক পাচলি, ফুল, ফল - মূলৰ মূল্য ১০০% বৃদ্ধি পাই  বা ৫ বছৰৰ গড় মূল্যতকৈ বৃদ্ধি পাই তেতিয়া কোনেও  সংৰক্ষণ কৰিব নোৱাৰিব।

    ঠিক তেনেদৰে অইল চিদ, দাইলৰ মূল্য এক বছৰৰ ভিতৰত বা ৫ বছৰৰ গড় মূল্যতকৈ ৫০% বৃদ্ধি পাই তেতিয়া এইবিলাকৰ সংৰক্ষণৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হ'ব।


ব্যতিক্ৰম: 


   ক)যিকোনো পৰিস্থিতিতে খাদ্য নিৰ্মাণ কৰা কোম্পানী সমূহে নিজ নিজ কোম্পানীৰ ক্ষমতা অনুসৰি সংৰক্ষণ কৰিব পাৰিব। 


খ) ৰপ্তানি কৰা কোম্পানী সমূহে নিজ নিজ কোম্পানীৰ চাহিদা অনুসৰি খাদ্য বস্তু সংৰক্ষণ কৰিব পাৰিব।


সুবিধা:


১) কোম্পানীসমূহৰ মাজত সুস্থ প্ৰতিযোগিতা বাঢ়িব।


২) খাদ্য বস্তু সৰক্ষণ কৰিব পৰা হোৱা কাৰণে ৰপ্তানিৰ ক্ষেত্ৰত সুবিধা হ'ব। 


অসুবিধা:


১) পুঁজিপতি কোম্পানী সমূহে খাদ্যবস্তু সংৰক্ষণ কৰি বজাৰত কৃত্ৰিম নাটনিৰ সৃষ্টি কৰিব পাৰে।


২) যদিও সংৰক্ষণ কৰাৰ ক্ষেত্ৰত কাকো বাধা আৰোপ কৰা হোৱা নাই তথাপিও কৃষক সকলে অৰ্থ, সুবিধাৰ অভাৱত ইচ্ছা থাকিলেও সংৰক্ষণ কৰিব নোৱাৰিব।


৩) মূলতঃ পুঁজিপতি কোম্পানী সকল লাভাৱান্নিত হ'ব।


   


   এই কৃষি আইন তিনি খনে ভাৰতৰ কৃষক সকলক যথেষ্ট উপকৃত কৰিব বুলি ভাৰত চৰকাৰ আশাবাদী। আমি যদি আগতে আলোচনা কৰি অহা কথাখিনি ভালদৰে চাওঁ বুজি পাম যে আইন তিনিখনৰ কিছু দুৰ্বলতা বা সুৰুঙা নথকা নহয়। ইয়াতে আমি কেইটামান গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰিব বিচাৰিছো যিকেইটা বিষয় চৰকাৰে পুনৰ বিবেচনা কৰিলে এই আইন তিনিখনে ভাৰতৰ কৃষি ক্ষেত্ৰত এক যুগান্তকাৰী পৰিৱৰ্তন অনাৰ থল আছে।


১) আইন তিনিখনত উল্লেখ নথকা MSP অৰ্থাৎ নূন্যতম সমৰ্থন মূল্যৰ কথা চৰকাৰে নিশ্চিত কৰিব লাগে  ।


২) APMC সমূহকো নতুনকৈ নিৰ্মাণ হ'ব লগীয়া ব্যক্তিগত মন্দি সমূহৰ দৰে সম- সুবিধা প্ৰদান কৰিব লাগে যাতে সুস্থ প্ৰতিযোগিতামূলক বাতাবৰণ বৰ্তি থাকে।


৩) কৃষক আৰু কোম্পানীৰ বিবাদ নিষ্পত্তিৰ বাবে ফাষ্ট ট্ৰেক আদালতৰ দৰে ব্যৱস্থা কৰিব লাগে।


৪) ক্ৰেতা/ কোম্পানী/স্পনছৰ সমূহৰ পঞ্জীয়ন নিশ্চিত কৰিব লাগে, যাতে তেওঁলোকে কোনো কাৰণত কৃষক সকলক ঠগিব নোৱাৰে।


৫) অত্যাৱশ্যকীয় সামগ্ৰীৰ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে আৰু অলপ সঠিক নীতি বলবৎ কৰাৰ দৰকাৰ যাতে কৃত্ৰিম নাটনিৰ সৃষ্টি নহয়।


৬) এখন মডেল চুক্তি পত্ৰ চৰকাৰে বনাই দিয়াটো প্ৰয়োজনীয়। নহ'লে কিছু অসাধু পুঁজিপতি কোম্পানীয়ে কৃষক সকলৰ অজ্ঞতাৰ সুযোগ ল'ব পাৰে।


    কৃষকসকলে তেওঁলোকৰ অধিকাৰ আৰু পুঁজিপতিৰ হাতোৰাৰ কৱলৰ পৰা মুক্ত কৰি দিয়াৰ বাবে যি আন্দোলন অব্যাহত ৰাখিছে, চৰকাৰে আলোচনাৰ মাজেদি সেয়া সমাধান উলিওৱা প্ৰয়োজন আছে। আমি আশাবাদী কৃষক সকলে তেওঁলোকৰ প্ৰাপ্য লাভ কৰিব আৰু চৰকাৰেও আইন তিনিখনৰ যি এক সুৰুঙা আছে সেয়া সমাধান কৰি দেশৰ কৃষি ক্ষেত্ৰত এক আমূল তথা ধনাত্মক পৰিৱৰ্তনৰ যুগ সূচনা কৰিব।

2 comments:

Powered by Blogger.