ৰবীন দে ওৰফে ৰংমন

 

#১৮মাৰ্চ
আজি অসমৰ এগৰাকী প্ৰসিদ্ধ থ্ৰিলাৰ ঔপন্যাসিক আৰু অভিনেতা 'ৰবীন দে' ৰ আজি ওপজা দিন ৷



অৱশ্যে তেওঁ অসমীয়া সাহিত্যৰ পঢ়ুৱৈৰ বাবে ৰংমন ছদ্মনামেৰেহে বেছিকৈ পৰিচিত।অসমীয়া ৰহস্য সাহিত্য জগতত অভিলেখ সৃষ্টিকাৰী অত্যন্ত জনপ্ৰিয় ‘দস্যু ভাস্কৰ’ ছিৰিজৰ লিখক ৰবীন দে ওৰফে ৰংমনৰ জন্ম হৈছিল ১৯২২ চনৰ ১৮ মাৰ্চত অৰ্থাৎ আজিৰ দিনটোতে অসমৰ শিৱসাগৰৰ নাজিৰাৰ দিখৌ নৈৰ কাষৰ এটি বঙালী পৰিয়ালত ৷
তেওঁ নাজিৰাত পঢ়া শুনা কৰি ১৯৪৩ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত কলকাতা বিশ্ববিদ্যালয়ৰ অধীনৰ স্কটিছ চাৰ্চ কলেজত অধ্যয়ন কৰিছিল।
      ১৯৬০ চনত ৰবীন দেই  কলকাতাত তেতিয়াৰ ছোভিয়েট দেশ আলোচনীৰ অসমীয়া সংস্কৰণত যোগদান কৰিছিল। তেওঁ এগৰাকী অভিনেতাও আছিল।অসমত জন্মগ্ৰহণ কৰা ৰবীন দে পাছলৈ কলকাতাত নিগাজীকৈ থাকিবলৈ লৈছিল। ৰংমন ছদ্মনামত লিখা তেওঁৰ ৰহস্যঘন ‘দস্যু ভাস্কৰ’ ছিৰিজে অসমত জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহন কৰিছিল।তেওঁ পৱন চিৰিজো ৰংমন নামেৰেই ৰচনা কৰিছিল ৷



দস্যু ভাস্কৰ ছিৰিজৰ মুঠতে ৬১ টা খণ্ড প্ৰকাশ পাইছিল আৰু ইয়াৰ প্ৰথম খণ্ডটো আছিল ‘দস্যু ভাস্কৰৰ আৱিৰ্ভাৱ’।‘দস্যু ভাস্কৰ’ ছিৰিজৰ খণ্ডসমূহৰ ভিতৰৰ আন কেইটামান আছিল ‘গুহা মানৱ ভাস্কৰ’, ‘চক্ৰভেদী ভাস্কৰ’,’বিমান যুদ্ধত ভাস্কৰ’, ‘ দস্যু ভাস্কৰৰ অন্তৰ্ধান’, ‘ দস্যু ভাস্কৰ আৰু অদৃশ্য মানৱ’, ‘অস্থিৰ সীমান্ত আৰু দস্যু ভাস্কৰ’, ‘ভাস্কৰৰ প্ৰতিজ্ঞা পূৰণ’, ‘বন্ধু ভাস্কৰ’ ইত্যাদি।এই চিৰিজটোৱে ৭০ আৰু ৮০ৰ দশকৰ পঢ়ুৱৈৰ মাজত প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷মূলতঃ ৰহস্য সাহিত্যৰ ৰচক ৰংমনৰ প্ৰথমখন ৰহস্য উপন্যাস আছিল কুঁৱলীৰ আঁৰে আঁৰে।দস্যু ভাস্কৰ ছিৰিজৰ উপৰি ৰংমনে ‘ডাকু’ ‘পবন কোঁৱৰ’ আৰু ‘পৰ্বতৰ ৰেঙণি’ আদি শিশু উপযোগী উপন্যাস ৰচনা কৰিছিল। তেওঁৰ এখন সামাজিক উপন্যাস ‘নিপাতৰ পাত’ আমাৰ প্ৰতিনিধি আলোচনীত ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল যদিও উপন্যাসখন অসম্পূৰ্ণ হৈ ৰয়।

      অসমীয়া ৰহস্য সাহিত্যৰ অপ্ৰতিদ্বন্দ্বী কলাকাৰ ৰবীন দে ওৰফে জনপ্ৰিয় ৰংমনৰ ১৯৮০ চনৰ ২২ জুলাইত দেহাৱসান ঘটে।


     ওপজা দিন উপলক্ষত অসমীয়া ৰহস্য সাহিত্যৰ মুকুটবিহীন সম্ৰাট গৰাকীলৈ শ্রদ্ধা জনালোঁ🙏
✒️মনময়ুৰী_মহন্ত

No comments:

Powered by Blogger.