ফখৰুদ্দিন আলি আহমেদ

     আজি অসম মুলুকৰ পৰা দেশৰ সৰ্ব্বোচ্চ সাংবিধানিক পদ অলংকৃত কৰা প্ৰথমজন সুযোগ্য অসম সন্তান ফখৰুদ্দিন আলি আহমেদৰ ওপজা দিন ৷


১৯০৫ চনৰ ১৩ মে' ত  পুৰণা দিল্লীৰ হাউজ কাজী নামৰ অঞ্চলত ফখৰুদ্দিন আলি আহমেদৰ জন্ম হৈছিল ৷ফখৰুদ্দিন আলি আহমেদৰ পিতৃ কৰ্ণেল জালনুৰ আলি আহমেদ ভাৰতীয় চিকিৎসা সেৱাৰ এগৰাকী উচ্চপদস্থ বিষয়া আছিল। কৰ্ণেল জালনুৰ আলি আহমেদৰ পৈতৃক ঘৰ আছিল অসমৰ গোলাঘাটৰ ওচৰৰ কছাৰীহাটত।  অসমী আইক গৌৰৱান্বিত কৰা এইগৰাকী মহান অসমীয়াক আমি শ্ৰদ্ধাৰে সুৱঁৰিছো ।

 ৰাজনৈতিক ক্ষেত্ৰখনত এগৰাকী সফল ব্যক্তি হিচাপে বিবেচিত হৈছিল ফখৰুদ্দিন আলি আহমেদ।১৯২৫ চনত ইংলেণ্ডত ফখৰুদ্দিন আলি আহমেদে জৱাহৰলাল নেহৰুক লগ পাইছিল। নেহেৰুৰ ৰাজনৈতিক আদৰ্শই তেওঁক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰাৰ পিছত ১৯৩১চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ  প্ৰাথমিক সদস্য হিচাপে যোগদান কৰে। ইয়াৰ পিছত তেওঁ ১৯৩৬ চনৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ  আৰু ১৯৪৭চনৰ পৰা  ১৯৭৪ চনলৈ নিখিল ভাৰত কংগ্ৰেছ  কমিটিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে।

এনেকৈয়ে তেওঁ ৰাজনৈতিক জীৱনৰ পাতনি মেলি  ১৯৩৫ চনত প্ৰথম বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হয়। ১৯৩৮চনত তেওঁ  গোপীনাথ বৰদলৈ মন্ত্ৰীসভাত  বিত্ত, ৰাজহ আৰু শ্ৰম মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। দেশে স্বাধীনতা লাভ কৰাৰ পিছত ১৯৫২ চনত তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হয়।কংগ্ৰেছ দলৰ পৰা নিৰ্বাচন খেলি ১৯৫৭চনৰ পৰা ১৯৬২ চনলৈ আৰু ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈ ক্ৰমান্বয়ে দুবাৰকৈ তেওঁ বিধানসভালৈ নিৰ্বাচিত হৈছিল।



ৰাজনৈতিক জীৱনৰ শেষৰ কালছোৱাত তেওঁ বৰপেটাৰ পৰা লোকসভা নিৰ্বাচন খেলি ১৯৬৭ চনৰ পৰা ১৯৭১ চনলৈ লোকসভালৈ নিৰ্বাচিত হয়। শেষত ১৯৭৪ চনৰ ২০ আগষ্টত এইজনা সুযোগ্য অসম সন্তান ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। 

ফখৰুদ্দিন আলি আহমেদ এগৰাকী বিচক্ষন ৰাজনীতিবিদ হোৱাৰ উপৰিও একাধাৰে এজন দক্ষ টেনিছ তথা গল্ফ খেলুৱৈও আছিল। তেওঁ বহুবাৰ অসম ফুটবল সন্থা আৰু অসম ক্ৰিকেট সন্থাৰ সভাপতি আৰু অসম ক্ৰীড়া পৰিষদৰ উপ-সভাপতি নিৰ্বাচিত হৈছিল।

১৯৬ চনৰ এপ্ৰিল মাহত তেওঁ সদৌ ভাৰত ক্ৰিকেট সন্থাৰ সভাপতি নিৰ্বাচিত হয়। তেওঁ ১৯৬১ চনৰপৰা দিল্লী গ'ল্ফ ক্লাব আৰু দিল্লী জিমখানা ক্লাবৰ সদস্য আছিল।

১৯৭৭ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ এক ব্যস্ত ভ্ৰমণসূচী সামৰি অহাৰ পাছতেই হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাতে মৃত্যু হোৱা তেওঁ ভাৰতৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ।

দেশৰ সৰ্বোচ্চ সন্মানীয় পদত অধিষ্ঠিত হোৱা এইজনা অসম সন্তানক লৈ আজিও প্ৰতিজন অসমীয়াই গৌৰৱবোধ কৰে।

✒️মনময়ুৰী

No comments:

Powered by Blogger.