আব্দুল কালামৰ বিখ্যাত উক্তি

 ভাৰত মাতৃৰ সুযোগ্য সন্তান,একবিংশ শতিকাৰ ভাৰতৰ যুগদ্ৰষ্টা , স্বপ্নদ্ৰষ্টা,ভাৰতৰ ১১তম "জনগণৰ ৰাষ্ট্ৰপতি" (people's president)খ্যাত ৰাষ্ট্ৰপতি তথা সৰ্বকালৰ শ্ৰেষ্ঠ প্ৰাক্তন ৰাষ্ট্ৰপতি, আধুনিক ভাৰতবৰ্ষ নিৰ্মাণৰ সপোন বুকুত সাৱটি আমাৰ মাজৰ পৰা হেৰাই যোৱা "মিছাইল মেন", "ভাৰত ৰত্ন" স্বৰ্গীয় ড° এ.পি.জে. আব্দুল কালাম ছাৰক তেখেতৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাৰে সোঁৱৰিছোঁ ৷তেখেতৰ স্মৃতি দিৱসৰ দিনা তেখেতৰ কিছু অনুপ্ৰেৰণামূলক বাণী আগবঢ়ালো ~



১/ জীৱনত সমস্যাৰ অত্যন্ত প্ৰয়োজন, তেতিয়াহে সফলতা উপভোগ কৰিব পাৰি ।


২/ মোৰ মৃত্যুত বন্ধ ঘোষণা নকৰিবা । বৰঞ্চ এটা দিন বেছিকৈ কাম কৰি দিবা । যদি মোক সঁচাকৈ ভালপোৱা ।


৩/ সপোন , সপোন , সপোন । সপোনক চিন্তালৈ আৰু চিন্তাক কাৰ্যলৈ ৰূপান্তৰ কৰা। সপোন সেয়া নহয় যি শুই শুই দেখা যায় , সপোন সেয়া যি শুব নিদিয়ে ।


৪/ জীৱনতৰ জটিলতাই তোমাক ধ্বংস কৰিবলৈ নাহে, বৰঞ্চ ইয়াৰ দ্বাৰা তোমাৰ ধৈৰ্য আৰু শক্তিক পৰীক্ষা কৰিবলৈ এক সুযোগ দিয়ে । সেয়েহে জটিলতাক বুজাই দিয়া তুমিও যে জটিল ।


৫/ মই ধুনীয়া ব্যক্তি নহয় । কিন্তু মই কাৰোবাক সহায়ৰ বাবে হাত এখন আগুৱাই দিব পাৰো । সৌন্দৰ্য্য অন্তৰত থাকে, মুখমণ্ডলত নহয় ।




৬/ যদি তুমি সূৰ্য্যৰ দৰে উজ্জ্বল হ'ব খোজা, তেন্তে সূৰ্য্যৰ দৰে প্ৰথমে নিজকে পুৰিব লাগিব ।


৭। এটি ভাল কিতাপ এশজন ভাল বন্ধুৰ সমান কিন্তু এজন ভাল বন্ধু এটা লাইব্ৰেৰীৰ সমান।


৮। তুমি তোমাৰ ভৱিষ্যত পৰিবৰ্তন কৰিব নোৱাৰিবা কিন্তু তুমি তোমাৰ অভ্যাস পৰিবৰ্তন কৰিব পাৰিবা আৰু তোমাৰ এই অভ্যাসেই নিশ্চিত ভাৱে এদিন তোমাৰ ভৱিষ্যত পৰিবৰ্তন কৰিব।


৯। সফলতাৰ গল্প নপঢ়িবা কাৰণ তাৰ পৰা তুমি মাথো বাৰ্তা পাবা। ব্যৰ্থতাৰ গল্প পঢ়া তেতিয়াহলে সফল হোৱাৰ কিছু ধাৰণা পাবা।


১০। জীৱন আৰু সময় পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক। জীৱনে শিকাই সময়ক ভালকৈ ব্যৱহাৰ কৰিবলৈ, সময়ে শিকাই জীৱনৰ মূল্য দিবলৈ।


১১। তুমি তোমাৰ কৰ্মক ভালপোৱা কিন্তু তোমাৰ কোম্পানীক ভাল নাপাবা। কাৰণ তুমি হয়তো নাজানা কোম্পানীটোৱে তোমাক কেতিয়াও ভাল নাপাবও পাৰে।


১২। জীৱন হ'ল এক জটিল খেলা। ব্যক্তিত্ব অৰ্জনৰ মাধ্যমত তুমি তাক জয়ী কৰিব পাৰা।


১৩। জটিল কামতেই বেছি আনন্দ পোৱা যায়। সেয়ে সফলতাৰ আনন্দ লাভ কৰাৰ বাবে মানুহৰ কাম জটিল হোৱা উচিত।




১৪। যিসকলে মনৰ পৰা কাম নকৰে, আচলতে তেওঁলোকে একোৱেই অৰ্জন কৰিব নোৱাৰে। আৰু কৰিলেও সেইটো হয় অৰ্ধেক হৃদয়ৰ সফলতা। তাত সকলো সময়তে একধৰণৰ তিক্ততা থাকি যায়।


১৫। কোনো সমস্যাকে তোমাৰ ওপৰত কাহানিও প্ৰভুত্ব বিস্তাৰ কৰিবলৈ নিদিবা৷ বৰং সমস্যাকহে তোমাৰ অধীন কৰা আৰু নি:শেষ কৰা৷


১৬৷ “সমাজ জীৱনৰ পৰা দূৰ্নীতি নিৰ্মূল কৰাৰ বাবে আমি এটা আন্দোলন গঢ়ি তুলিব লাগিব আৰু সেই আন্দোলনটো আমাৰ ঘৰ আৰু বিদ্যালয়ৰ পৰাই আৰম্ভ কৰিব লাগিব। মোৰ বোধেৰে তিনিজন মানুহে দুৰ্নীতি নিৰ্মূল কৰাত সহায় কৰিব পাৰে। তেওঁলোক হ'ল পিতৃ, মাতৃ আৰু প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক"


১৭৷প্ৰথমবাৰ সফল হোৱাৰ পাছত তুমি জিৰণি নল’বা,কাৰন তুমি দ্বিতীয়বাৰ যদি অসফল হোৱা তেতিয়া হ’লে তোমাৰ প্ৰথম সফলতাক সকলোৱে ভাগ্য বুলি ক’ব ৷ "


সংগ্ৰহ
মনময়ুৰী

No comments:

Powered by Blogger.