মহেশ্বৰ নেওগ

  অসমৰ সাহিত্য জগতৰ ভোটাতৰা স্বৰূপ শ্ৰদ্ধাৰ মহেশ্বৰ নেওগ দেৱৰ আজি ওপজা দিন।একাধাৰে বুৰঞ্জীবিদ, লোকসংস্কৃতিৰ গৱেষক, কবি, প্ৰাচ্যতত্ত্ববিদ তথা শ্ৰেষ্ঠতম সম্পাদকসকলৰ এজন মহেশ্বৰ নেওগ দেৱৰ জন্ম হৈছিল ১৯১৫ চনৰ ৭ ছেপ্টেম্বৰ তাৰিখে শিৱসাগৰ জিলাৰ কমাৰফদীয়া গাঁৱত। পিতৃৰ নাম মাণিক চন্দ্ৰ নেওগ আৰু মাতৃ চন্দ্ৰপ্ৰভা নেওগ।



মহেশ্বৰ নেওগ দেৱে যোৰহাট হাইস্কুলৰ পৰা ষ্টাৰ নম্বৰসহ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ১৯৩৬ চনত  কটন কলেজৰ পৰা আই এছ চি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল ৷ ইংৰাজীত সন্মান সহকাৰে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেখেতে ১৯৪৭ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা আধুনিক ভাৰতীয় ভাষা বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম বিভাগত স্নাতকোত্তৰ উত্তীৰ্ণ হয় ৷

মহেশ্বৰ নেওগ দেৱে যোৰহাট মিশ্যন হাইস্কুল, শিৱসাগৰ ফুলেশ্বৰী হাইস্কুল আৰু যোৰহাট হাইস্কুলত শিক্ষকতা কৰিছিল ৷

১৯৪৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ট্ৰাষ্ট ব’ৰ্ডত ক্ৰমে কাৰ্যালয় সচিব তথা কাৰ্যাধক্ষ্য হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিচত  ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ ১৯৫৭ ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ জৱাহৰলাল নেহৰু আসনৰ পদ শুৱনি কৰি সেই পদতে ১৯৭৮ চনলৈ কাৰ্যনিৰ্বাহ কৰাৰ পিছত পাটিয়ালাৰ পাঞ্জাৱী বিশ্ববিদ্যালয়ত ১৯৭৮ ৰ পৰা ১৯৮৩ চনলৈকে শংকৰদেৱ আসনৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

"অন্ত্যজা" কবিতাৰে অসমীয়া কাব্য সাহিত্যলৈ এক নতুন ধাৰা বোঁৱাই আনা মহেশ্বৰ নেওগ দেৱে সম্পাদনা কৰি থৈ যোৱা গ্ৰন্থসমূহ অসমীয়া সাহিত্যৰ বুৰঞ্জীত এক মহৎ সংযোজন বুলিব পাৰি ৷

 ৰামধেনু(১৯৪৯-৫০), ঝংকাৰ(১৯৫৪-৫৫), Journal Of University Of Guwahati (১৯৫৮), জয়ন্তীৰ তেখেতে সম্পাদনা কৰিছিল ৷

তেখেতৰ ৰচিত গ্ৰন্থ সমূহ হৈছে-শ্ৰী শ্ৰী শংকৰদেৱ, অসমীয়া সাহিত্যৰ ৰূপৰেখা,, আধুনিক অসমীয়া সাহিত্য, অসমীয়া গীতি সাহিত্য, চতাই পৰবত আৰু চিৰি লুইত(১৯৫৯),প্ৰাচ্য শাসনাৱলী, সত্ৰীয়া নৃত্য আৰু সত্ৰীয়া নৃত্যৰ তাল(১৯৭৪),বিশ্ববিদ্যালয়ৰ, ভাষা, ভাষণ আৰু ভ্ৰমণ(১৯৭৪),

ছাফিৰখানা(১৯৭৪), পৰ্ব সমীক্ষা(১৯৮৮),বেজবৰুৱা পত্ৰলেখা(১৯৬৮),ভক্তিগীতপদ সংকলন(১৯৮৮) ইত্যাদি ৷তেখেতৰ আত্মজীৱনী খনৰ নাম জীৱনৰ দীঘ আৰু বাণী ৷

তেখেতৰ দ্বাৰা ৰচিত ইংৰাজী গ্ৰন্থসমূহ হ’ল-

Sankaradeva And His Predecessors

The Art Of Painting In Assam

Sankaradava And His Time

Rhythm In The Baishnava Music Of Assam

মহেশ্বৰ নেওগ দেৱে ১৯৭২ চনত পদ্মশ্ৰী সন্মান লাভ কৰাৰ লগতে ১৯৭৪ চনত তেখেতে অসম সাহিত্য সভাৰ সভাপতিৰ আসন ও অলংকৃত কৰিছিল ৷১৯৮৮

চনত অসম সাহিত্য সভাৰ সদস্য মহীয়ান,১৯৮৯চনত শংকৰদেৱ বটাঁ আৰু ১৯৯৫ চনত সংগীত নাটক একাডেমীৰ জলপানি লাভ কৰিছিল ৷

১৯৯৫ চনৰ ১৩ ছেপ্তেম্বৰত মৃত্যু হোৱা অসমৰ সাহিত্য জগত খনক সমৃদ্ধ কৰি যোৱা এইজনা মহান সাহিত্যকক আজি তেখেতৰ ওপজা দিনৰ দিনা আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছো🙏

✒️মনময়ুৰী মহন্ত ৷

No comments:

Powered by Blogger.