অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান ২০২২


এই বছৰৰ পৰা অসম চৰকাৰে আৰম্ভ কৰিবলৈ লোৱা সৰ্বোচ্চ অসামৰিক সন্মান "অসম বৈভৱ", "অসম সৌৰভ" আৰু "অসম গৌৰৱ" বঁটা আজি বিয়লি ৩ বজাত শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত প্ৰদান কৰা হ’ল ৷ সমাজৰ বিভিন্নজনৰ জীৱনক উৎসাহিত কৰিব পৰাকৈ নীৰৱে কাম কৰি অহা ব্যক্তি সকলক এই সন্মানৰ বাবে নিৰ্বাচিত কৰা হৈছিল । সেই অনুসৰি সৰ্বোচ্চ অসামৰিক সন্মান "অসম বৈভৱ"(Assam baibhav Awards)প্ৰদান কৰা হ’ল দেশৰ বিশিষ্ট উদ্যোগপতি ৰতন টাটালৈ । অসমত কেঞ্চাৰ হাস্পতাল নিৰ্মাণৰ ক্ষেত্ৰত অৱদানৰ বাবে তেওঁলৈ আগবঢ়োৱা হৈছে এই সৰ্বোচ্চ সন্মান ।অৱশ্যে স্বাস্থ্যজনিত কাৰণত তেখেতে আমন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰিলে ৷ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান "অসম সৌৰভ"(Assam Sourav awards) আগবঢ়োৱা হ’ল পাঁচগৰাকী বিশিষ্ট ব্যক্তিলৈ । তেওঁলোক হৈছে কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অধ্যাপক কমলেন্দু দেৱ ক্ৰোড়ী, এন এইছ এমৰ অসমৰ মিছন ডাইৰেক্টৰ ডাঃ লক্ষ্মনন এছ, বেংকক বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ দীপকচান্দ জৈন, বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু অলিম্পিক পদকজয়ী লাভলীনা বৰগোহাঁইক ৷ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান "অসম গৌৰৱ"(Assam Gaurav awards)প্ৰদান কৰা হ’ল নিজা নিজা কৰ্মক্ষেত্ৰত সেৱা আগবঢ়াই হাজাৰজনক অনুপ্ৰাণিত কৰিবলৈ সক্ষম হোৱা ১৩ গৰাকী বিশিষ্ট লোকলৈ ।তেওঁলোক হৈছে - তেওঁলোক হ'ল- ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালক ডাঃ মুনীন্দ্ৰ ঙাটে ( কোভিড ভেকচিন প্ৰদান অভিযানত আগবঢ়োৱা অনবদ্য সেৱাৰ বাবে তেওঁক দিয়া হ’ল এই বঁটা) , গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ বসন্ত হাজৰিকা,(গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক, কোভিড পৰিস্থিতিত আগবঢ়োৱা সেৱাৰ বাবে দিয়া হৈছে এই বঁটা) যোৰহাটৰ নবীন উদ্যোগী আকাশজ্যোতি গগৈ, উত্তৰ অসমত গাহৰিৰ ব্যৱসায়েৰে নিজে স্বাৱলম্বী হৈ আনকো স্বাৱলম্বী হোৱাৰ বাট দেখুওৱা মনোজ কুমাৰ বসুমতাৰী, এভাৰেষ্ট আৰোহণ কৰা খৰছিং টেৰণ৷তিনিচুকীয়াৰ মিলিজুলি আত্মসহায়ক গোটৰ নেতৃত্ব দিয়া ববী হাজৰিকা, গামোচাত গুণমালা বৈ উলিওৱা হেমপ্ৰভা চুতীয়া, এক লাখ লোকক নিজ হাতে ভেকচিন দিয়া এ এন এম নাৰ্চ নমিতা কলিতা, ভেকচিন লবলৈ মান্তি নোহোৱা এখন গাৰো গাৱৰ সকলো লোককে বুজাই বঢ়াই ভেকচিন দিয়াবলৈ সক্ষম হোৱা আশা কৰ্মী বনিতা মমিন ৷কাজিৰঙাক নতুন ৰূপ দিয়া বন বিষয়া ধৰনীধৰ বড়ো, অসমৰ নেমুটেঙাকে ধৰি বিভিন্ন কৃষিজাত সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰা কৌশিক বৰুৱা, ওদালগুৰিৰ অংগনৱাড়ী কৰ্মী কল্পনা বড়ো আৰু বি বৰুৱা কেঞ্চাৰ হাস্পতালত প্ৰথমবাৰৰ বাবে ব'নমেৰু ট্ৰেঞ্চপ্লান্ট উইং সফলতাৰে মুকলি কৰা ডাঃ আছিফ ইকবালক প্ৰদান কৰা হ’ল "অসম গৌৰৱ" সন্মান । এইবাৰ ২৪ জানুৱাৰী অৰ্থাৎ আজি এই সন্মান প্ৰদান কৰিলেও পৰৱৰ্তী বছৰৰ পৰা ২ ডিচেম্বৰ অৰ্থাৎ অসম দিৱসৰ দিনা এই বঁটা প্ৰদান কৰা হ'ব । উল্লেখ্য অসম বৈভৱ বঁটাত আছে নগদ পাঁচ লাখ টকাৰ লগতে প্ৰশস্তি পত্ৰ তথা স্মাৰক,অসম সৌৰভ বঁটাত আছে নগদ চাৰি লাখ টকাৰ লগতে প্ৰশস্তি পত্ৰ আৰু স্মাৰক, অসম গৌৰৱ বঁটাত আছে নগদ তিনি লাখ  টকাৰ লগতে প্ৰশস্তি পত্ৰ আৰু  স্মাৰক। 


ইয়াৰ উপৰিও বঁটা প্ৰাপক সকলোকে অসম চৰকাৰৰ ফালৰ পৰা আগবঢ়োৱা বিশেষ সুবিধা সমূহ হ’ল - ক)চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা আৰু উপলব্ধতা অনুসৰি পেয়িং কেবিনত থকাৰ সুবিধা ৷ খ)ৰাজ্য চৰকাৰৰ আবৰ্ত ভৱন ,অতিথিশালা,অসম ভৱনত বিনামূলীয়াকৈ থকাৰ সুবিধা ৷ গ)বিশিষ্ট অতিথি হিচাপে অসম চৰকাৰৰ সকলো চৰকাৰী অনুষ্ঠানলৈ নিয়মীয়া আমন্ত্ৰণ ৷ ঘ)গুৰুতৰ ৰোগৰ বাবে ২লাখ টকাকৈ চিকিৎসা ব্যয় লাভ ৷ ঙ) প্ৰস্তাৱিত যাত্ৰাৰ ২৪ ঘণ্টাৰ পূৰ্বে অৱগত কৰোৱাৰ সাপেক্ষে অসম ৰাজ্যিক পৰিৱহণ নিগমৰ বাছত বিনামূলীয়া ভ্ৰমণৰ সুবিধা ৷ অৱশ্যে পৰৱৰ্তী সময়ত এই বঁটাৰ বাবে ব্যক্তি নিৰ্বাচনৰ কৰিবলৈ ভোটৰ ব্যৱস্থা কৰিব ৷

No comments:

Powered by Blogger.