পদ্ম সন্মান ২০২২ :: Padma Awards 2022

    কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তালিকা মতে দেশৰ বিভিন্ন ক্ষেত্ৰৰ মুঠ ১২৮ গৰাকী বিশিষ্ট ব্যক্তিক ২০২২ বৰ্ষৰ পদ্ম সন্মান প্ৰদান কৰা হৈছে।ইয়াৰে গৰাকীয়ে লাভ কৰিছে পদ্মবিভূষণ, ১৭ গৰাকীয়ে পদ্মভূষণ আৰু ১০৭ গৰাকী ব্যক্তিক দিয়া হৈছে পদ্মশ্ৰী বঁটা।লক্ষণীয় যে, এই সন্মান লাভ কৰা ৩৪ গৰাকী মহিলা



দেশৰ চাৰিগৰাকী লোকক এইবাৰ পদ্মবিভূষণ সন্মানেৰে সম্মানিত কৰা হৈছে ।  সেইসকল হৈছে-

দেশৰ প্ৰথম গৰাকী সেনা প্ৰধান জেনেৰেল বিপিন ৰাৱাটক অসামৰিক সেৱা খণ্ডত মৰণোত্তৰভাৱে পদ্ম বিভূষণ প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও, ৰাজস্থানৰ প্ৰাক্তন ৰাজ্যপাল কল্যাণ সিঙকো পদ্মবিভূষণ প্ৰদান কৰা হৈছে । ৰাজহুৱা পৰিক্ৰমাৰ শাখাত পদ্ম বিভূষণ বঁটা প্ৰাপক কল্যাণ সিং আছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ।ইয়াৰ উপৰি উত্তৰ প্ৰদেশৰ ৰাধেশ্যাম খেমকাক সাহিত্য আৰু শিক্ষা খণ্ডত আৰু মহাৰাষ্ট্ৰৰ প্ৰভা আট্ৰেক ও কলা বিভাগত পদ্মবিভূষণ প্ৰদান কৰা হৈছে ৷ৰাধেশ্যাম খেমকা উত্তৰ প্ৰদেশৰ গীতা প্ৰেছৰ সভাপতি আছিল ৷ আনহাতে প্ৰভা আট্ৰে এগৰাকী হিন্দুস্তানি ক্লাচিকেল সংগীতশিল্পী ৷

পদ্মভূষণ বঁটা লাভ কৰা ১৭ গৰাকী হৈছে -


১) গোলাম নবী আজাদ  (ৰাজহুৱা পৰিক্ৰমা)


২) ভিক্টৰ বেনাৰ্জী (কলা)


৩) গুৰমিত বাৱা  (কলা)


৪) বুদ্ধদেৱ ভট্টাচাৰ্য (ৰাজহুৱা পৰিক্ৰমা)


৫) নটৰাজন চন্দ্ৰশ্বেকৰণ (বাণিজ্য আৰু উদ্যোগ)


৬) কৃষ্ণ এল্লা আৰু সূচিত্রা এল্লা ( বাণিজ্য আৰু উদ্যোগ)

৭) মধুৰ জাফৰি ( অন্যান্য- ৰন্ধন শিল্পী)


৮) দেৱেন্দ্ৰ ঝাঝাৰীয়া ( ক্ৰীড়া)


৯) ৰাছিদ খান (কলা)


১০) ৰাজীৱ মেহেৰিছি ( লোকসেৱা)


১১) সত্য নাৰায়ণ নাদেলা ( বাণিজ্য আৰু উদ্যোগ)


১২) সুন্দৰ পিচাই ( বাণিজ্য আৰু উদ্যোগ)


১৩) চাইৰাছ পোনাৱালা (বাণিজ্য আৰু উদ্যোগ)


১৪) সঞ্জয় ৰাজাৰাম ( বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা) মৰণোত্তৰ ভাৱে


১৫) প্ৰতিভা ৰায়  (সাহিত্য আৰু শিক্ষা)


১৬) স্বামী সচিদানন্দ (সাহিত্য আৰু শিক্ষা)


১৭) বশিষ্ঠ ত্ৰিপাঠী (সাহিত্য আৰু শিক্ষা)

   ইয়াৰ উপৰিও ১০৭ গৰাকী ব্যক্তিক দিয়া হৈছে পদ্মশ্ৰী বঁটা ৷উল্লেখযোগ্য যে, এই তালিকাত পদ্মশ্ৰী বঁটা আগবঢ়োৱা হৈছে দুগৰাকী অসমীয়াক।সামাজিক ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে শকুন্তলা চৌধুৰীলৈ (Padma Shri to Shakuntala Choudhary) আৰু সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ধনেশ্বৰ ইংতিলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে (Padma Shri to Dhaneswar Engti)।

No comments:

Powered by Blogger.