ড° ভৱেন্দ্ৰনাথ শইকীয়া :: Dr. Bhobendra Nath Saikia

 মই পাৰিলে কাৰোবাৰ উপকাৰ কৰিম, নোৱাৰিলে নকৰো, কিন্তু মই জানি-শুনি কাৰো অপকাৰ নকৰো। মোৰ কামৰ কাৰণে মানুহ, পশু-পক্ষী কোনেও কষ্ট নাপাওক আৰু অনাহকত যেন মোকো কোনেও কষ্ট নিদিয়ে। যিখিনি সময় পাওঁ, তাৰ প্ৰতিটো মুহূৰ্ত যেন কাম আৰু নিৰ্দোষ আনন্দৰ মাজেদি পাৰ কৰিব পাৰো।"

- ভৱেন্দ্ৰনাথ শইকীয়া ৷



অসমীয়া সাহিত্য জগতৰ অন্যতম মহীৰূহ ভৱেন্দ্ৰনাথ শইকীয়াৰ আজি ওপজা দিন ৷ নাটক, চিনেমা, গল্প, উপন্যাস তথা শিশু সাহিত্যৰে  অসমীয়া সাহিত্যক সমৃদ্ধ কৰা ভৱেন্দ্ৰ নাথ শইকীয়াৰ জন্ম হৈছিল ১৯৩২চনৰ আজিৰ দিনটোতে ৷তেখেতৰ পিতৃৰ নাম আছিল বিদূৰ শইকীয়া আৰু মাকৰ নাম আছিল চম্পাৱালা শইকীয়া। 

১৯৪৮ চনত তেখেতে ষ্টাৰ মাৰ্ক সহ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ঐতিহ্যপূৰ্ণ কটন মহাবিদ্যালয়ত ভৰ্তি হয়, আৰু তাৰপৰাই ১৯৫২ চনত পদাৰ্থ বিজ্ঞানত সন্মান সহ বি.এচ. চি. পাছ কৰে। তাৰ পাছত ১৯৫৫-১৯৫৬ চনত কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰেচিডেন্সী কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত তেখেতে এম.এচ.চি ডিগ্ৰী লাভ কৰে ৷


ইউনিভাৰচিটি অৱ লণ্ডনৰ পৰা পদাৰ্থ বিজ্ঞান বিভাগৰ ডক্টৰেট উপাধি গ্ৰহণ কৰা ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা ছবিবোৰৰ ভিতৰত ‘সন্ধ্যাৰাগ’, ‘অগ্নিস্নান, ‘কোলাহল’, ‘ইতিহাস’ আদি অন্যতম আছিল। তেখেতৰ উল্লেখযোগ্য উপন্যাস সমূহ আছিল ‘অন্তৰীপ’, ‘ৰম্যভূমি’, ‘আতংকৰ শেষত’ আদি।


প্ৰহৰী, সেন্দুৰ, গহ্বৰ, শৃংখল, এই বন্দৰৰ আবেলি, তৰংগ আদি তেখেতৰ উল্লেখযোগ্য গল্পসংকলন আছিল। শিশু সাহিত্যলৈ এইগৰাকী বিশিষ্ট সাহিত্যিকে বিশেষ বৰঙণি আগবঢ়াইছিল। ‘মৰমৰ দেউতা’, ‘তোমালোকৰ ভাল হওঁক’, ‘শান্ত-শিষ্ট হৃষ্ট-পুষ্ট-মহাদুষ্ট’ আদি তেখেতৰ শিশু সাহিত্যৰ অন্যতম চানেকি।



তেখেতে লিখা প্ৰান্তিকৰ শেষ পৃষ্ঠাৰ প্ৰতি আজিও আছে পাঠকৰ বিশেষ টান। ‘জীৱন বৃত্ত’, ‘জীৱন ৰেখা’, ‘মোৰ শৈশৱ, মোৰ কৈশোৰ’ তেখেতৰ আত্মলেখা। নাটকৰ  ক্ষেত্ৰতো ভৱেন্দ্ৰনাথ শইকীয়াৰ আছিল বিশেষ অৱদান।


‘ৰম্যভূমি,’ ‘অৰণ্যত গধূলি’, ‘দীনবন্ধু’, ‘বৰ্ণমালা’, ‘শুভসংবাদ’, ‘অন্ধুকুপ’, ‘দিগম্বৰ’, ‘ৰামধেনু’, ‘বৃন্দাবন’ তেখেতৰ উল্লেখযোগ্য নাটক। প্ৰান্তিক আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল শইকীয়া।


১৯৮১চনৰ পৰা তেওঁ এই আলোচনীৰ  সৈতে জড়িত আছিল। ১৯৭৩চনত তেখেতে লাভ কৰিছিল প্ৰশাসন পৰিষদৰ সন্মান। ১৯৭৬চনত তেখেতে সাহিত্য একাডেমী, ১৯৯০চনত অসম উপত্যকা সাহিত্যৰে সন্মানীত হৈছিল। ২০০১চনত পদ্মশ্ৰী লাভ কৰিছিল এইগৰাকী বিশিষ্ট সাহিত্যিকে।

২০০৩চনৰ ১৩ আগষ্টত এইগৰাকী বিশিষ্ট সাহিত্যিকৰ দেহাৱসান ঘটিছিল। 

কবিতা, নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, সমালোচনা, হাস্য-ব্যংগাত্মক সাহিত্য, আত্মজীৱনী, শিশুসাহিত্য আদিকে ধৰি সাহিত্য-সংস্কৃতিৰ প্ৰায় সকলো দিশতে অৱদান আগবঢ়াই যোৱা শইকীয়া ছাৰক ওপজা দিনৰ দিনা শ্ৰদ্ধাৰে সুঁৱৰিছো🙏

No comments:

Powered by Blogger.