হুল দিৱস :: Hul Divas

 আজি হুল দিৱস। আজি চাওঁতাল বিদ্ৰোহৰ দিন ৷ চাওঁতাল সকলে ব্ৰিটিছৰ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে ১৮৫৫ চনৰ আজিৰ দিনটোতে বিদ্ৰোহৰ ঘোষণা কৰে ৷আজিৰ এই দিনটোকে চাওঁতাল জনগোষ্ঠীয় লোকসকলে হুল দিৱস হিচাপে উদযাপিত কৰি আহিছে ৷হুল মানে চাওঁতালী ভাষাত বিদ্ৰোহ। 



      হুল আছিল বৃটিছ সম্ৰাজ্যবাদক কম্পমান কৰা প্ৰথম বিদ্ৰোহ, য'ত ২০০০০ত কৈও অধিক লোক শ্বহীদ হৈছিল। এই বিদ্ৰোহক চাওঁ‌তাল বিদ্ৰোহ বুলিও কোৱা হয়, কিয়নো এই বিদ্ৰোহত চাওঁ‌তালসকলে মূল চালিকাশক্তি হিচাপে কাম কৰিছিল। চাওঁতাল বিদ্ৰোহৰ প্ৰথম সূত্ৰপাত হৈছিল প্ৰায় ২৩৭ বছৰ আগতে ৷১৭৮৪ চনৰ ১৭ জানুৱাৰীৰ দিনা চাওঁতাল নেতা তিলকা মূ্ৰ্মূৰ নেতৃত্বত ভাগলপুৰ আৰু ৰাজমহলৰ কালেক্টৰ লিভলেওক হত্যা কৰাৰ জৰিয়তে চাওঁতাল বিদ্ৰোহৰ আনুষ্ঠানিক সূত্ৰপাত হোৱা বুলি ধৰা হয় ৷সেইয়া আছিল আগজাননী ৷ব্ৰিটিছে এই বিদ্ৰোহ দমন কৰি তিলকা মূৰ্মূক ফাঁচি দিয়ে ৷ ভাৰতবৰ্ষত চিপাহী বিদ্ৰোহ আৰম্ভ হোৱাৰ দুবছৰ পূৰ্বে ১৮৫৫ চনত পৰৱৰ্তী ৰণডংকা বাজি উঠে ৷বৰ্তমানৰ ঝাৰখণ্ডৰ সিদ্ধুত  কানু মুৰ্মু আৰু চান্দ-ভৈৰৱৰ নেতৃত্বত ১৮৫৫ চনত এই বিদ্ৰোহৰ আৰম্ভ হৈছিল। ১৮৫৫ চনৰ ৩০ জুনত এই বিদ্ৰোহৰ সূত্ৰপাত ঘটিছিল আৰু প্ৰায় ৪০০ খন গাঁ‌ৱৰ ৫০ হাজাৰৰো অধিক মানুহে অংশগ্ৰহণ কৰিছিল।তেওঁলোকে এখন মুক্ত চাওঁতাল ৰাজ্য গঠনৰ বাবে শপত লৈছিল ৷তাতকৈও তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে তেওঁলোকে কলিকতা অভিমুখে এক গণ পদযাত্ৰা আৰম্ভ কৰে৷ এই গণ পদযাত্ৰাৰ প্ৰয়াসটো এক অভূতপূৰ্ব পদক্ষেপ আছিল আৰু ইয়াক হয়তো ভাৰতৰ স্বাধীনতাকামী আন্দোলনৰ প্ৰথমটো পদযাত্ৰা বুলি চিহ্নিত কৰিব পাৰি ৷ আদিবাসী-দলিত, মুছলিম আৰু সাধাৰণ সম্প্ৰদায়ৰ লোকেও এই বিদ্ৰোহত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। ব্যাপক সংখ্যক কমাৰ- লোহাৰ-কৰ্মকাৰ মানুহে বিদ্ৰোহৰ অস্ত্ৰ নিৰ্মান কৰিছিল। হুলত মহিলাসকলেও সক্ৰিয় অংশগ্ৰহণ কৰিছিল আৰু বহু মহিলা শ্বহীদ হৈছিল। মহিলা সকলৰ ভিতৰত ফুল' আৰু জান মুৰ্মু বিশেষভাৱে উল্লেখযোগ্য। 



    মন কৰিবলগীয়া কথা যে ব্ৰিটিছ কোম্পানীৰ ঔপনিৱেশিক শাসন প্ৰতিষ্ঠা হোৱাৰ আগতে চাওঁতাল সকলে বিদ্ৰোহ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল ৷চাওঁতাল সকলৰ এক বৃহৎ অংশই প্ৰায় স্বায়ত্ত্ব ভাৱেই জীৱন কটাইছিল ৷দেশীয় সামন্ত ৰজাসকলৰ লগত পৰম্পৰাগত বান্ধোনেৰে তেওঁলোকৰ একাংশ বান্ধ খাই আছিল ,য’ত তেওঁলোকৰ সামৰিক স্বতন্ত্ৰতা বৰ্তি আছিল ৷ পাৰস্পৰিক পুঁজি সংগ্ৰহ , বিনিময় বেহা-বেপাৰ আদিৰ মাজেদিয়েই চাওঁতাল সমাজখন চলি আছিল ৷ কিন্তু ঔপনিৱেশিক শাসন আৰু অৰ্থনীতিৰ লগে লগে ভাৰতৰ বিভিন্ন ঠাইত এলানি অভূতপূৰ্ব অৰ্থনৈতিক পৰিৱৰ্তনৰ সূচনা হ’ল ৷ ইংৰাজ প্ৰশাসনে নগদ ধনৰ কৰ কাটল আৰোপ কৰিলে ৷ মুদ্ৰা অৰ্থনীতিৰ অপৰিচিত আৰু প্ৰচলন নথকা চাওঁতাল সমাজলৈ বিৰাট বিপৰ্যয় নমাই আনিলে ৷

 ভূমিৰ কৰ বৃদ্ধি কৰাৰ পাছত সাধাৰণ দূখীয়া শ্ৰেণীৰ লোকে কৰ আদায় কৰিব নোৱাৰাত  বৃটিছ চৰকাৰে মাটিৰ নিলাম কৰি তেওঁলোকৰ মাটিৰ অধিকাৰ নিজৰ হাতলৈ লৈ যায়। যাৰ বাবেই ৰাইজ আৰু বিদ্ৰোহী হৈ উঠিছিল।



বৃটিছ সৈনিকে বহুত কঠোৰ দমন নীতিৰে, নিৰ্মমভাৱে এই বিদ্ৰোহ দমন কৰে। সিদ্বু আৰু কানু মুৰ্মুয়ে বনাঞ্চলত আত্মগোপন কৰি এই বিদ্ৰোহ পৰিচালনা কৰিছিল। চান্দ আৰু ভৈৰৱে বৃটিছৰ গুলীত মৃতুবৰণ কৰে আৰু ১৮৫৬ চনত সিদ্ধু আৰু কানু মুৰ্মুক ষড়যন্ত্ৰ কৰি ধৰা হয় আৰু তাৰপাছত দুয়োজন সাহসী নেতাক বৃটিছ সৈনিকে হত্যা কৰে। তেওঁলোকৰ মৃত্যৰ পাছত ১৮৫৬ চনত এই বিদ্ৰোহৰ অন্ত পৰে।

আজি এই হুল দিৱসৰ দিনটোত আমিও ব্ৰিটিছ সাম্ৰাজ্যবাদৰ ভেটি কঁ‌পাই, ব্ৰিটিছৰ দমন আৰু শোষণ নীতিৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিয়া চাওঁতাল বিদ্ৰোহৰ প্ৰতিজন বিদ্ৰোহী আৰু শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ‌।

✍️মনময়ুৰী_মহন্ত

No comments:

Powered by Blogger.