অৰ্জুন ভোগেশ্বৰ বৰুৱা ।। Bhogeswar Baruah

 আজি ৩ ছেপ্টেম্বৰ৷ আজিৰ দিনটো অসম তথা অসমীয়াৰ বাবে এক গৌৰৱৰ দিন। ৩ ছেপ্টেম্বৰৰ দিনটো প্ৰথম অসমীয়া অৰ্জুন বঁটা বিজয়ী ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ জন্ম দিৱস। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি প্ৰত্যেক বছৰেই এই দিনটোতেই সমগ্র অসমত “অভিৰুচি ক্ৰীড়া দিৱস” হিচাপে  পালন কৰা হয়। ১৯৮৪ চনৰ পৰা সমগ্ৰ অসমজুৰি ৩ ছেপ্টেম্বৰৰ দিনটোত “অভিৰুচি ক্ৰীড়া দিৱস” হিচাপে পালন কৰি অহা হৈছে।


অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম হৈছিল ১৯৪০ চনৰ ৩ ছেপ্টেম্বৰত শিৱসাগৰৰ জয়সাগৰ পুখুৰীৰ পাৰৰ সুন্দৰপুৰ নামৰ এক অঞ্চলত। । ১৯৬০ চনত অৰ্জুন ভোগেশ্বৰ বৰুৱাই ভাৰতীয় সেনাবাহিনীত যোগদান কৰে। তেওঁ ১৯৬৩ চনত নতুন দিল্লীত অনুষ্ঠিত অল ইণ্ডিয়া অ’পেন এথলেটিকছ মীটত ৰীলেত স্বৰ্ণপদক, ১৯৬৪ চনত শ্রীলংকাত অনুষ্ঠিত অ’পেন এথলেটিকছত ৪০০ মিটাৰ আৰু ৮০০ মিটাৰ দৌৰত স্বৰ্ণপদক অধিকাৰ কৰিছিল৷ চণ্ডীগড়ত আয়োজিত ৰাষ্ট্রীয় এথলেটিক প্রতিযোগিতাত আৰু বাংগালুৰুত অনুষ্ঠিত ১৯৬৪-৬৫ চনৰ ৰাষ্ট্রীয় এথলেটিক প্রতিযোগিতাত অৰ্জুন ভোগেশ্বৰ বৰুৱাই স্বর্ণপদক অধিকাৰ কৰে ৷

     অৰ্জুন ভোগেশ্বৰ বৰুৱাই ১৯৬৬ চনত তেওঁৰ ঈৰ্ষণীয় সাফল্যৰে নিজ মাতৃভূমি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ১৯৬৬ চনত বেংককত অনুষ্ঠিত পঞ্চম সংখ্যক এছিয়ান গেমছত অৰ্জুন ভোগেশ্বৰ বৰুৱাই প্ৰথম স্থান অধিকাৰেৰে সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল। যিকোনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণপদক লাভ কৰা তেঁৱেই হৈছে প্ৰথম অসমীয়া। তেওঁৰ এই সাফল্যৰ পাছতেই ১৯৬৬ চনতেই ভোগেশ্বৰ বৰুৱাক ভাৰত চৰকাৰে প্ৰদান কৰে অৰ্জুন বঁটা। ভোগেশ্বৰ বৰুৱাই আছিল অৰ্জুন বঁটাপ্ৰাপ্ত প্ৰথমজন অসমীয়া। তাৰপাছত, ১৯৭০ চনৰ ষষ্ঠ এছিয়ান গেমছত ৪×৪০০ মিটাৰ ৰীলে ৰেছত ৰূপৰ পদক লাভ কৰা ভাৰতীয় দলটিৰ ভোগেশ্বৰ বৰুৱা অন্যতম সদস্য আছিল।

 সৰুতে তেওঁ ফুটবল খেলৰ প্ৰতিহে আগ্ৰহী আছিল যদিও পৰৱৰ্তী সময়ত দৌৰত মনোনিবেশ কৰে।

          ১৯৬৬ চনতে তেওঁক ভাৰত চৰকাৰৰ দ্বাৰা অৰ্জুন  বঁটাৰে সন্মানিত কৰা হয়। তেওঁ আছিল অৰ্জুন বঁটা লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমজন ব্যক্তি।


    ১৯৮৪ চনৰ পৰা তেখেতৰ প্ৰতি সন্মান জনাই তেখেতৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি অহা হৈছে । এইবাৰ ৩৯ তম অভিৰুচি ক্ৰীড়া দিৱস ।

          ৰাজ্য চৰকাৰেও যোৱা বছৰৰ পৰা (২০২১) ৩ ছেপ্টেম্বৰ তাৰিখ টো ক্ৰীড়া দিৱস হিচাপে পালন কৰি আহিছে।। 

  তেখেতৰ আত্মজীৱনী ''সোণালী দৌৰ''ত  উল্লেখ আছে উৰন্ত শিখ খ্যাত মিলখা সিঙে ভোগেশ্বৰ বৰুৱাক কৈছিল... মোৰ সন্দেহ মোৰ জন্মদিনটো মোৰ ওচৰ চুবুৰীয়াও হয়তো নাজানে, কিন্তু অসমত আপোনাৰ জন্মদিনটো ইমান জাকজমকতাৰে পালন কৰা হয় ,মই আপোনাক সচাই ঈৰ্ষা কৰো।

No comments:

Powered by Blogger.