বাৰ মাসে তেৰ পূজা ভাদ মাসে কৰম পূজা

ভাৰতী আইৰ নুমলী জী সূৰ্য উঠা দেশ অসম এখন বৈচিত্ৰ্যৰে ভৰপূৰ ৰাজ্য। অসমত নানা জাতি-জনগোষ্ঠীৰ লোক বাস কৰে আৰু এই জাতি-জনগোষ্ঠীবিলাকৰ মাজত অসমত বৈচিত্ৰ্যৰ মাজত ঐক্য বিৰাজমান হৈ আছে ৷


অসমত প্ৰায় ১০০০খন চাহ বাগিছা আছে৷ সেই চাহ বাগিচা বোৰত কৰ্মৰত লোক সকল মূলতঃ উৰিশ্যা, মধ্যপ্ৰদেশ, বিহাৰ, অন্ধ্ৰ প্ৰদেশ আৰু পশ্চিমবংগৰ পৰা অহা ৷ এই কৰ্মীসকল বৰ্তমান অসমতে নিগাজীকৈ বাস কৰা দেখা যায় । তেওঁলোকক মূলত চাহ-জনজাতি বুলিয়েই জনা যায়। এই খিনি মানুহে অসমৰ মূল জনসংখ্যাৰ এটা শকত পৰিমাণ গঠন কৰাই নহয়, অসমৰ চাহ উৎপাদনৰো ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । (ভাৰতৰ প্ৰায় ৫৩% চাহ উৎপন্ন অসমৰপৰাই হয় ) আৰু এওলোকে অসমৰ অৰ্থনীতিলৈয়ো প্ৰচুৰ অৰিহণা যোগাই  আহিছে ৷কালক্ৰমত এওঁলোক হৈ পৰে অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ।  এওঁলোকৰ কিছুমান স্বকীয় পৰম্পৰা আৰু ঐতিহ্যই চাহ জনগোষ্ঠীটোকে বৰ্ণাঢ্য কৰি তোলা নাই, বৰং আমাৰ অসমৰ সাংস্কৃতিক জগতখনকো চহকী কৰি তুলিছে।

 

ভাদমাহ অসমীয়া জনজীৱনৰ আনন্দ আৰু ভক্তিৰসেৰে পৰিপূৰ্ণ এটি মাহ। এই পৱিত্ৰ ভাদ মাহটোতেই অসমৰ আকাশ-বতাহ মুখৰিত কৰি সত্ৰ , নামঘৰ আদিত উদযাপিত হয় মহাপুৰুষ দুজনাৰ তিথিৰ লগতে শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উৎসৱ। অসমৰ প্ৰায়সমূহ নামঘৰ আৰু সত্ৰতেই শঙ্কৰদেৱৰ আদৰ্শৰ পৰম্পৰাতেই আয়তী আৰু ভকত সকলে হৰিনাম -কীৰ্তন কৰি ভক্তি ৰসৰ নিজৰা বোৱাই শান্তিৰ পৰিৱেশ সৃষ্টি কৰে। অসমৰ জাতীয় উৎসৱৰ দৰেই এই চাহ জনগোষ্ঠী সকলৰ কৰম পূজা অতিকৈ মৰমৰ , অতিকৈ চেনেহৰ।  কৰম পূজা চাহ জনগোষ্ঠীয় লোকসকলৰ জীৱনৰ লগত একাত্ম হৈ থাকে। চাহ জনগোষ্ঠীৰ লোকসকলৰ জীৱনৰ লগত কৰম পূজাৰ লগত বিজড়িত পৰম্পৰাগত কলা-সংস্কৃতি,ৰীতি-নীতিসমূহ ঐতিহাসিকভাৱে সংপৃক্ত হৈ আছে। 

বছৰৰ তিনিটা সময়ত কৰম পৰব উদযাপিত হয়। ভাদ মাহৰ শুক্লা একাদশী তিথিত অনুষ্ঠিত কৰম পৰবক ‘জিতিয়া কৰম’, আহিন মাহৰ বিজয়া দশমী তিথিত পালন কৰা কৰম পৰবক ‘বুঢ়ী কৰম’ আৰু আঘোণ মাহৰ পূৰ্ণিমা তিথিত পালন কৰা কৰম পৰবক ‘ৰাস ঝুমুৰ’ বোলা হয়।হ’লেও ভাদ মাহৰ শুক্লা একাদশীৰ জিতিয়া কৰমেই চাহ বনুৱা সমাজত আটাইতকৈ আড়ম্বৰপূৰ্ণ, উলাহ ভৰা উৎসৱ।

কৰম পূজা মূলতঃ এটা কৃষিভিত্তিক উৎসৱ।এই উৎসৱৰ সাত দিন আগতে গাৱঁৰ অবিবাহিত কুমাৰী ছোৱালী (কৰমতী) সকলে পৃথিৱীৰ বুকুত অধিক শস্যৰ কামনা কৰি আৰু বংশ-বৃদ্ধিৰ মানসেৰে নদীৰ পাৰলৈ গৈ গা ধুই ভক্তি ভাবেৰে এডোখৰ পৰিষ্কাৰ ঠাইত থাপনা পাতে। থাপনা পতাৰ পিছত এই কুমাৰী ছোৱালী বা কৰমতী সকলে লগত নিয়া টুপা বা ডালিত (সৰু সৰু পাচি)নদীৰ পৰা বালি মাটি আনি তাত বুট , মাহ , মগু , সৰিয়হ , যৱ আদি বিভিন্ন জাতৰ শস্যৰ বীজ অংকুৰিত হ’বলৈ সিঁচি দিয়ে আৰু পাত্ৰবোৰ ভক্তি ভাৱেৰে নিৰ্দিষ্ট ঠাইত থৈ দিয়ে ৷লোকবিশ্বাস অনুসৰি , এইকেইদিন কৰমতী সকলে অৰ্থাৎ থাপনা পতাৰ দিনৰ পৰা কৰম পূজাৰ আগদিনলৈকে মূৰৰ চুলি নাবান্ধে , কুচি-মুচি নোশোৱে , অপৱিত্ৰ ঠাইলৈ গমন নকৰে। তেওঁলোকে বিশ্বাস কৰে যে এনেবোৰ কাৰ্য কৰিলে গজালি ওলাবলৈ দিয়া শস্যৰ বীজ সমূহ পোন নহৈ একা বেকা হ’ব , শস্যবোৰ লহপহকৈ নাবাঢ়ি দুৰ্বল আৰু নিশকতীয়া হ’ব বুলি ধাৰণা কৰে। আনহাতে কৰমতী সকলে এইকেইদিন সন্ধিয়া ধূপ-ধূনা -বন্তি জ্বলাই অংকুৰণৰ বাবে থোৱা বীজ সমূহৰ টুপা বা ডালি সমূহ কৰমৰ বেদীলৈ লৈ যায় আৰু নিৰ্দিষ্ট জাগৰণ গীত পৰিৱেশন কৰে। নাৰী হৃদয়ৰ মনৰ চিৰন্তন আশা- আকাংক্ষা , চিন্তা-চৰ্চা , হৰ্ষ-বিষাদ , প্ৰেম-প্ৰীতি , কামনা-বাসনা আৰু ঘাত-প্ৰতিঘাত আদিৰ পূৰ্ণ ৰূপ ফুটি উঠে এই জাগৰণ গীত সমূহত।


এই লোকাচাৰ সমূহ পাঁচ দিন কৰাৰ পিচত ষষ্ঠদিনা কৰমতী সকলে আকৌ নদী বা জান-জুৰিৰ ওচৰলৈ গৈ গা ধুই পৱিত্ৰ মনেৰে একোঘটকৈ পানী আনে আৰু শস্য গজিবলৈ থোৱা ডালি সমূহ চোতালত থৈ তাৰ চাৰিওফালে লগত অনা ঘট সমূহ মূৰত লৈ নৃত্য কৰে -এই নৃত্যক ‘জলঘট’ নৃত্য বোলে।

শুক্লা একাদশীৰ দিনা সন্ধিয়া হোৱাৰ লগে লগে মূল পূজা আৰম্ভ হয়। প্ৰথমতে পূজাৰ বেদীত ধূপ, চাকি জ্বলাই পূৰ্বতে তোলা ‘ঝাৱা’সহ ফল-ফুল আদি উছৰ্গা কৰা হয়। তাৰ পাছত কহনী বুঢ়াই (পুৰোহিত) উপৱাসে থকা কমতীসকলক বহুৱাই লৈ কৰম পূজাৰ প্ৰৱৰ্তক কৰ্মা আৰু ধৰ্মাৰ কাহিনী শুনায়। ইয়াৰ পাছত কৰ্মতীসকলে যাৱতীয় অৰিহণা দি কহনী বুঢ়াক বিদায় দিয়ে আৰু তাৰ লগে লগে আৰম্ভ হয় নৃত্য-গীতৰ বিশেষ অনুষ্ঠান। ওৰে নিশা জুৰি হোৱা এই অনুষ্ঠানক কোৱা হয় ঝুমুৰ নাচ বা ঝুমুৰ গীত।ব’হাগ বিহুৰ দৰে জাতীয় -জীৱনৰ চিন্তা চৰ্চা , আশা-আকাংক্ষা , আনন্দ-অনুভূতি আদি প্ৰতিভাত হয় চাহ শ্ৰমিক সকলৰ হিয়াৰ আপোন অতিকৈ মৰমৰ এই ঝুমুৰ গীতত ৷

পিছদিনা ৰাতিপুৱাই সূৰ্যোদয়ৰ লগে লগেই কৰমতীসকলে পুৰোহিতৰ লগত শ্ৰদ্ধা-সন্মানসহ বেদীৰ পৰা কৰমৰ ডালটো উভালি নি ঢােল-মাদলৰ ছেৱে ছেৱে নৃত্য-গীত কৰি কৰি গৈ পুখুৰী বা নদীত বিসর্জন দিয়ে। আৰু সেইদিনা সন্ধিয়া কৰমতীসকলে বিসৰ্জন দিয়া কৰমডালৰ অৱশিষ্ট গাঁতটোৰ কাষত চাকি-বন্তি প্ৰজ্বলন কৰে আৰু এমুঠিকৈ মাটি দি সেই গাঁতটো পুতি দিয়ে। এই বিশেষ পৰ্বক “গাড়া ভোতা” বুলি কোৱা হয় ৷

চাহ শ্ৰমিক সকলৰ অতি প্ৰাচীন কালৰে পৰা পালন কৰি অহা কৰম পূজা অতিকৈ চেনেহৰ ৷প্ৰধানকৈ লোক-বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত হ’লেও এই কৰম পূজা বা কৰম উৎসৱে আমাক আনন্দ দিয়াৰ উপৰিও যে লোক-সংস্কৃতিৰ পথাৰ খন চহকী কৰি ৰাখিছে এই কথা নুই কৰিব নোৱাৰি ৷

✍️মনময়ুৰী মহন্ত

ফটোৰ উৎস : ইন্টাৰনেট

No comments:

Powered by Blogger.