ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ত বৃত্তিমুখী শিক্ষা ।। Vocational Education In NEP 2020


  *থোৰতে বৃত্তিমুখী শিক্ষা* : 

     বিদ্যালয় মহাবিদ্যালয়ত চলি থকা পৰম্পৰাগত তাত্ত্বিক (Theoritical) বা  ব্লেক বৰ্ড শিক্ষাৰ পৰা সম্পূৰ্ণ পৃথক এক শিক্ষা ব্যৱস্থা হৈছে বৃত্তিমুখী শিক্ষা ব্যৱস্থা। সাধাৰণভাৱে ক'বলৈ গলে বৃত্তিমুখী শিক্ষা ব্যৱস্থা হৈছে " হাতে কামে কৰা শিক্ষা"। অৰ্থাৎ যি শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থী সকলক কোনো এক বিশেষ কামৰ শিক্ষা প্ৰদান কৰি, সেই কামৰ মাধ্যমেৰে জীৱিকা অৰ্জন কৰিব পৰাকৈ উপযুক্ত শিক্ষা তথা দক্ষতা প্ৰদান কৰা হয় সেয়াই হৈছে বৃত্তিমুখী শিক্ষা। উদাহৰণ স্বৰূপে কৃষি(Agriculture), সৌন্দৰ্য্য আৰু সুস্বাস্থ্য(Beauty and Wellness), স্বয়ংচালিত (Automotive), পৰ্যটন (Tourism) ইত্যাদি।



*বৃত্তিমুখী শিক্ষাৰ প্ৰয়োজনীয়তা* :


   আমি দহ বছৰ  অতীতলৈ উভতি চালেই দেখা পাম যে,  ভাৰতৰ অন্তিমখন পঞ্চবাৰ্ষিক পৰিকল্পনা অৰ্থাৎ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা (২০১২-১৭)ত বিশ্বৰ দেশ সমূহৰ ১৯ ৰ পৰা ২৪ বছৰ বয়সৰ লোকসকলৰ বৃত্তিমুখী শিক্ষাৰ স্থিতি সম্পৰ্কে এটা সমীক্ষা প্ৰকাশ পাইছিল। উক্ত সমীক্ষা অনুসৰি দক্ষিণ কোৰিয়াৰ ৯৬%, জাৰ্মানীৰ ৭৫% , আমেৰিকাৰ ৫২% আৰু আশ্বৰ্যজনক ভাৱে ভাৰতৰ মাত্ৰ ৫% তকৈও কম লোক হে বৃত্তিমুখী শিক্ষাৰ লগত জড়িত। কাৰিকৰী বা বৃত্তিমুখী শিক্ষাৰ প্ৰতি আমাৰ দেশৰ লোকসকলৰ অনীহাৰ প্ৰভাৱৰ বিষয়ে বুজিবলৈ হলে ওচৰৰে বজাৰ খনত উপলব্ধ সমগ্ৰীসমূহৰ নিৰ্মাণকাৰী দেশ সমূহ লক্ষ্য কৰিলেই স্পষ্ট হৈ উঠে। দেশ এখনৰ উৎপাদনৰ লগত যে বৃত্তিমুখী শিক্ষা পোনপটীয়াকৈ জড়িত হৈ আছে এই কথা সাধাৰণ দৃষ্টিতে স্পষ্ট হৈ উঠে। আকৌ উৎপাদনৰ ওপৰত দেশ এখনৰ অৰ্থনীতিও যে নিৰ্ভৰশীল এই কথা সৰ্বজনবিদিত। 

     তদুপৰি বৃত্তিমুখী শিক্ষাৰ আন কেইটামান প্ৰয়োজনীয়তাৰ বিষয়ে চালে আমি দেখোঁ যে, ই


১) শ্ৰমৰ প্ৰতি উৎসাহী কৰি তোলে।


২) স্বনিৰ্ভৰশীল কৰে।


৩) কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰে।



*ৰাষ্ট্ৰীয় শিক্ষা নীতি(NEP) 2020 ত বৃত্তিমুখী শিক্ষা*

     নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেবিনেটে  ২০২০ চনৰ ২৯ জুলাইত সুদীৰ্ঘ ৩৪ বছৰ পুৰণি ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ৰ সলনি ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ক অনুমোদন জনায়। ভাৰতবৰ্ষক বিশ্বমানৰ জ্ঞানৰ আধাৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে শিক্ষাৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰা ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ত উল্লেখিত বৃত্তিমুখী শিক্ষাৰ  বিষয়ে এই লেখাত আলোচনা কৰা হ'ব ।

     এইখিনিতে উল্লেখ নকৰিলে ভুল হ'ব যে বৃত্তিমুখী শিক্ষাৰ বিষয়ে উল্লেখিত এইখনেই প্ৰথম দলিল নহয়। আগৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি,পঞ্চবাৰ্ষিক পৰিকল্পনা সমূহতো বৃত্তিমুখী শিক্ষাৰ প্ৰচাৰ তথা প্ৰসাৰৰ বাবে চৰকাৰৰ সদিচ্ছাৰ কথা পোৱা যায়।

         কিন্তু পূৰ্বতে একাদশ, দ্বাদশ শ্ৰেণীৰ লগতে অষ্টম শ্ৰেণীৰ পাছত বিদ্যালয় ত্যাগ কৰা ছাত্ৰ ছাত্ৰী সকলৰ বাবেহে বৃত্তিমুখী শিক্ষাৰ ব্যৱস্থা কৰা হৈছিল। তদুপৰি উপযুক্ত ৰোড মেপৰ অভাৱ তথা পৰম্পৰাগত শিক্ষাৰ তুলনাত বৃত্তিমুখী শিক্ষাক নিম্ন স্তৰৰ শিক্ষা হিচাপে গণ্য কৰা দৃষ্টিভংগীৰ কাৰণেই বৃত্তিমুখী শিক্ষাই বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে।

      পূৰ্বৰ বিফলতাৰ এই সকলোবোৰ কাৰণ চালিজাৰী চাই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ য়ে বৃত্তিমুখী শিক্ষাক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ যত্ন কৰিছে।

     নতুন শিক্ষা নীতিত উল্লেখ কৰা অনুসৰি ২০২৫ চনৰ ভিতৰত অতি কমেও ৫০% ছ়াত্ৰ-ছ়াত্ৰীয়ে বিদ্যালয় বা উচ্চশিক্ষাৰ জৰিয়তে বৃত্তিমূলক শিক্ষা লাভ কৰিব।           ইয়াৰ উপৰিও বৃত্তিমুখী শিক্ষাক পৰ্যায়ক্ৰমে মাধ্যমিক বিদ্যালয় আৰু উচ্চ শিক্ষাত অন্তৰ্ভুক্ত কৰা হ'ব। বিদ্যালয় পৰ্য্যায়ত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ পাঠ্যক্ৰমৰ লগত বৃত্তিমুখী শিক্ষা সমন্বিত কৰা হ'ব। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে গুণগত বৃত্তিমুখী শিক্ষা প্ৰদানৰ লক্ষ্য ৰখা হৈছে। দ্বাদশ শ্ৰেণীৰ পাছতো ছাত্ৰী সকলে বৃত্তিমুখী শিক্ষাত উচ্চশিক্ষা গ্ৰহণ কৰিব পাৰিব।



       পৰম্পৰাগত পাঠ্যক্ৰমৰ লগত বৃত্তিমুখী শিক্ষাক সমন্বিত কৰিবৰ বাবে শিক্ষা নীতিত দৃষ্টিগোচৰ কৰা কেইটামান গুৰুত্বপূৰ্ণ ব্যৱস্থা হৈছে ....


১) বিদ্যালয়সমূহত কৌশল পৰীক্ষাগাৰ (Skill Laboratories) ৰ নিৰ্মাণ।


২) বিদ্যালয়ৰ সমীপৰ ITI, পলিটেকনিক,চিকিৎসালয়, NGO, উদ্যোগ আদিৰ সৈতে সহযোগিতা স্থাপন। যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰী সকলে বিশেষজ্ঞসকলৰ লগত বাৰ্তালাপ, হেণ্ডছ অন স্কীল ৰ সুবিধা, ঔদ্যোগিক ভ্ৰমণৰ সুবিধা আদি লাভ কৰে।


৪) স্থানীয় সুযোগ সুবিধা সমূহ বিশ্লেষণ কৰিহে বৃত্তিগত শিক্ষাৰ মূল ক্ষেত্ৰ সমূহ চিনাক্ত কৰা হ'ব ।


৫) বিভিন্ন মন্ত্ৰণালয়, উদ্যোগ আদিৰ সহযোগত National Committee for the Integration of Vocational Education 

(NCIVE) নামেৰে এখন কমিটি গঠন কৰা হ'ব।


     ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ অনুসৰি ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ক্ৰীড়া সুলভ কিছুমান কাৰ্যকলাপ ধার্য কৰা হৈছে যাতে ছাত্ৰ ছাত্ৰী সকলে হাঁহি ফুৰ্তিৰ মাজেৰে শিক্ষা লাভ কৰিব পাৰে। এই পাঠ্যক্ৰমৰ ভিতৰত উদ্যানশিক্ষা, মাটিৰ সামগ্ৰী নির্মাণ, কাঠৰ কাম আদি অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰী সকলক ১০ দিনীয়া বেগ বিহীন (Bag Less) অনানুষ্ঠানিক ইণ্টাৰ্ণশ্বিপ হ'ব । ইয়াৰ জৰিয়তে ছাত্ৰী ছাত্ৰী সকলে স্থানীয় শিল্পী, কুমাৰ,খেতিয়ক, কমাৰ আদিৰ কামৰ এখন প্ৰকৃত ছবি দেখিব পাৰিব। এইটোও আশা কৰা হৈছে যে এই ইণ্টাৰনশ্বিপয়ে বৃত্তিমুখী শিক্ষাৰ প্ৰতি থকা ছাত্ৰ ছাত্ৰী তথা অভিভাৱক সকলৰ মানসিকতা সলনিৰ ক্ষেত্ৰতো এক উল্লেখযোগ্য ভূমিকা পালন কৰিব। 

     নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলেও পৰম্পৰাগত শিক্ষাৰ বিষয়সমূহৰ লগত মিলাই বৃত্তিমুখী শিক্ষা গ্ৰহণ কৰিব পাৰিব। 

        ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ত মুক্ত আৰু দূৰ শিক্ষা (ODL) ব্যৱস্থাৰে বৃত্তিমুখী শিক্ষা দিয়াৰ কথাও উল্লেখ কৰা হৈছে। 

        দ্বাদশ শ্ৰেণীৰ পাছত ছাত্ৰ  ছাত্ৰী সকলে শিক্ষানুষ্ঠান সমূহত বৃত্তিমুখী শিক্ষাত উচ্চ শিক্ষা লাভ কৰিব পাৰিব। এই শিক্ষা স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰা সকলোৰে বাবে উপলব্ধ হ'ব।  উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান সমূহে নিজাববীয়াকৈ বা বিভিন্ন NGO ৰ লগ লাগি এই শিক্ষা প্ৰদান কৰিব পাৰিব। ২০১৩ চনৰ পৰা প্ৰচলিত হৈ থকা B.Voc ডিগ্ৰী বাকী বৃত্তিমুখী শিক্ষাৰ সৈতে বাহাল থাকিব। উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান সমূহক বিভিন্ন কৌশল সামৰি হস্ৰম্যাদী চাৰ্টিফিকেত পাঠ্যক্ৰম চলাবলৈ অনুমতি প্ৰদান কৰা হ'ব।লগতে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান সমূহত ইনকোবেচন কেন্দ্ৰ স্থাপন কৰা হ'ব। বৃত্তিগত শিক্ষাৰ প্ৰতিটো বিষয়ৰ অধিক বিৱৰণৰ বাবে ৰাষ্ট্ৰীয় দক্ষতা অৰ্হতা কাঠামো

(National Skills Qualifications Framework)ৰ সৃষ্টি কৰা হ'ব । তদুপৰি আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংঘ (ILO) ৰ মানদণ্ডৰ লগত ভাৰতীয় মানদণ্ডক সম্পৰ্কিত কৰি তোলা হ'ব যাতে দক্ষতাৰ অৰ্হতাৰ ক্ষেত্ৰত ভাৰতীয় শিক্ষাৰ্থীয়ে কোনো অসুবিধাৰ সন্মুখীন নহয়।

     


*শেষত*:

   

     "The Indian youth needs to be empowered, and it can be done through    good education and vocational training."        


        ~ M. M. Pallam Raju 

 

এখন শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণত শিক্ষক, পুলিচ, প্ৰশাসনিক বিষয়াৰ যিমান অৱদান আছে সিমানেই অৱদান আছে ৰাজমিস্ত্ৰী, কুমাৰ, কমাৰ, কাঠমিস্ত্রী সকলৰ। অংক, বিজ্ঞানৰ পৰম্পৰাগত শিক্ষাই যে কেৱল ভৱিষ্যতৰ শিক্ষা নহয় সেই কথা উন্নত দেশ সমূহৰ শিক্ষা ব্যৱস্থাৰ লগত আমাৰ দেশৰ শিক্ষা ব্যৱস্থা তুলনা কৰিলেই বুজিব পৰা যায়। পুৰণি এই মানসিকতাক সলনি কৰি উন্নত দেশ সমূহৰ সৈতে ফেৰ মিলাই সমানে সমানে অদূৰ ভৱিষ্যতে আগবাঢ়িব পৰাকৈ ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ত বৃত্তিমুখী শিক্ষাৰ ওপৰত প্ৰয়োজনীয় সকলো গুৰুত্ব আৰোপ কৰা হৈছে। আমাৰ অসমতো এই বৰ্ষৰ পৰা ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত পূৰ্বতে নথকা বিদ্যালয় সমূহতো নৱম আৰু একাদশ শ্ৰেণীত বৃত্তিমুখী শিক্ষাৰ পাঠ্যক্ৰম প্ৰদান কৰা হৈছে। আমি আশাবাদী যে এই পাঠ্যক্ৰমৰ সংযোজনে নৱ প্ৰজন্মক কেৱল চাকৰিমুখী নকৰি কৰ্মমুখী কৰি তুলি ভাৰতক এক শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে নির্মাণ কৰাত মুখ্য ভূমিকা পালন কৰিব।



🖋️ উদিত পবন মহন্ত

2 comments:

Powered by Blogger.