ষ্টুডিঅ' ঘিবলী || Studio Ghibli Assamese

 


সম্প্ৰতি খুব 'ট্ৰেণ্ডিং'ত আছে এক বিশেষ শৈলীৰ ফটো ৷ ছ'চিয়েল মিডিয়াত চকু ফুৰালেই আমি দেখিবলৈ পাও কাৰ্টুনৰ দৰে দেখা ফটোসমূহ ৷ ছ'চিয়েল মিডিয়াত এতিয়া 'Studio Ghibli on ChatGPT'ৰ ধাৰা খুব ভাইৰেল হৈছে ৷ অধিকাংশ ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এতিয়া AI ৰ সহায়ত Studio Ghibliৰ শৈলীত ফটো আৰু কাহিনী সৃষ্টি কৰিছে ৷




‘ষ্টুডিঅ’ ঘিবলী এটা হৈছে জাপানীজ এনিমেচনৰ এটা বিখ্যাত এনিমেচন ষ্টুডিঅ’, যিটো সুন্দৰ আৰু কলাত্মক এনিমেচন ছবিৰ বাবে বিশ্ব পৰিচিত৷ ১৯৯৮ চনত বিখ্যাত জাপানীজ এনিমেচন পৰিচালক হায়াও মিয়াজাকি আৰু তেওঁৰ সংগী ইছাও তাকাহাতাই প্ৰতিষ্ঠা কৰিছিল Studio Ghibli৷ কলাত্মক, কল্পনাপ্ৰসূত আৰু আৱেগিক কাহিনীক এনিমেট কৰাৰ বাবে এই ষ্টুডিঅ’টো পৰিচিত৷ ইয়াৰ ছবিসমূহত প্ৰাকৃতিক দৃশ্য, কল্পনা চৰিত্ৰ আৰু সাংস্কৃতিক প্ৰতীকসমূহ সুন্দৰকৈ চিত্ৰিত কৰা হৈছে৷






No comments:

Powered by Blogger.