আন্তৰ্জাতিক শ্ৰমিক দিৱস

শ্ৰমিকসকলেই হ'ল এখন দেশ তথা সমাজৰ শক্তি ৷ প্ৰকৃতাৰ্থত, দেশ একোখনৰ অৰ্থনৈতিক উন্নয়নৰ মূল ভেটি শ্ৰমিকসকলৰ কৰ্ম সংস্কৃতিৰ ওপৰত বহুলাংশে নিৰ্ভৰ কৰে |বিশ্বৰ বিভিন্ন প্ৰান্তত শ্ৰমিক সকল মালিকৰ দ্বাৰা শোষিত হৈ থকাটো কোনো নতুন কথা নহয় ৷১৮৯০ চনৰ পৰা ১ মে’ৰ দিনটো প্রতি বছৰে ‘আন্তৰ্জাতিক শ্ৰমিক দিৱস(ইংৰাজী: International Workers' Day ) বা মে’ দিৱস হিচাপে সমগ্র বিশ্বতে পালন কৰা হয়। শ্রমজীৱি শ্রমিকসকলৰ ওপৰত মালিক পক্ষৰ শোষণ বঞ্চনাৰ বিৰুদ্ধে লোৱা শ্রমিকসকলৰ এক দৃঢ় পদক্ষেপ । এই দিনটো চৰকাৰী ভাবে ছুটিৰ দিন । ১৮৮৬ চনৰ ১ মে’ত যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰৰ হে-মাৰ্কেটত ৮ ঘণ্টা শ্ৰমদিনৰ দাবীত আন্দোলন কৰা শ্ৰমিকৰ ওপৰত গুলি চলোৱাত ১১ জন শ্ৰমিক ছহিদ হয় । পিছে যুক্তৰাষ্ট্ৰ বা কানাডাত এইদিন পালন কৰা নহয় । যিহেতু ১৮৮৬ চনৰ ১ মে' তাৰিখটো ভিত্তি দিন হিচাবে লৈ শ্ৰমিক আন্দোলনৰ আৰম্ভ হৈছিল সেইবাবে পিচত উক্ত দিনটোক চৰকাৰীভাৱে " আন্তজাৰ্তিক শ্ৰমিক দিৱস" হিচাবে ঘোষণা কৰা হৈছিল | চলিত বছৰৰ আজিৰ দিনটোত ১৩৫ বছৰত ভৰি দিয়া "শ্ৰমিক দিৱস"ৰ
দিনটোৰ তাৎপৰ্যক আমি কেতিয়াও উলাই কৰিব নোৱাৰোঁ।
    কৰ্মৰ ডাঙৰ সৰু নাই ৷জীৱনত  শ্ৰম নকৰাকে কোনো ব্যক্তিয়েই জীৱন নিৰ্বাহ কৰিব নোৱাৰে ৷
আমি প্ৰতিজন ব্যক্তিয়েই যি কামতেই নিয়োজিত হৈ নাথাকো লাগে সেই কামকে সূচাৰুৰূপে পালন কৰি  জীৱনৰ বাটত সুন্দৰৰ সন্ধান কৰিব পাৰোঁ ।

No comments:

Powered by Blogger.