বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰা


আজি বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ
মৃত‍্যু দিৱস ৷
১৯৬৪ চনৰ ৫ জুলাই অৰ্থাৎ আজিৰ এই তাৰিখটোতে এইজনা কবি, সুসাহিত‍্যিকে চিৰদিনৰ বাবে এই পৃথিৱীৰ মায়া এৰি গুচি গৈছিল।স্মৃতি দিৱসৰ এই পবিত্ৰ ক্ষণত বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাদেৱক  শ্ৰদ্ধাৰে স্মৰণ কৰি চমুকৈ তেখেতৰ জীৱন - কৰ্ম আৰু   তেখেতৰ দুটি মান কবিতা আগবঢ়াবলৈ প্ৰয়াস কৰিছোঁ..


১৮৯২ চনৰ ৪ মাৰ্চত শিৱসাগৰৰ আমোলাপট্টিত অসমীয়া ৰমন্যাসিক কাব্য আকাশৰ এটি উজ্জ্বল নক্ষত্ৰ, দিখৌপাৰৰ নিঃসংগ দেৱদূত, চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ হেঁপাহৰ ‘যদু কবি’, সকলোৰে শ্ৰদ্ধাৰ বনফুলৰ কবি ,অসমীয়া কথা কবিতাৰ জনক তথা অসমীয়া সাহিত্যত "সাহিত্য অকাদেমি" বঁটা পোৱা প্ৰথম গৰাকী অসমীয়া সাহিত্যিক যতীন্দ্ৰনাথ দুৱৰাদেৱৰ জন্ম হৈছিল। তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল শ্যামসুন্দৰ দুৱৰা আৰু পুণ্যদা দুৱৰা। জনামতে সৰুতে তেখেতৰ নাম আছিল ‘কেদাৰ’ আৰু ‘শিৱসুন্দৰ’, পিছলৈ সেই নাম সলাই ‘যতীন্দ্ৰ’ ৰাখিছিল। শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকাত উত্তীৰ্ণ হৈ কিছুদিন কটন কলেজত পঢ়ি অৱশেষত কলিকতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা বি. এ. পাছ কৰাৰ পিছত এম. এ. আৰু আইন অধ্যয়ন কৰিছিল যদিও শিক্ষা সমাপ্ত নকৰি ১৯১৭ চনত জৰ্জ ইন্ষ্টিটিউছনত যোগদান কৰে। পুনৰ কলিকতালৈ গৈ স্কটিছ চাৰ্চ কলেজত বুৰঞ্জীৰ শিক্ষকৰূপে সেৱা আগবঢ়ায়। ১৯৪৮ চনত কানৈ কলেজলৈ আহি তাৰ পৰাই ১৯৬০ চনত অৱসৰ গ্ৰহণ কৰে।

যতীন্দ্ৰনাথ দুৱৰা দেৱ আছিল চিৰকুমাৰ ৷ কিন্তু তেওঁৰ এই অৱস্থাটোৰ বাবে তেওঁ সৰ্ম্পূণৰূপে জগৰীয়া নাছিল, তেওঁৰ আত্মীয়-স্বজনো ইয়াৰ বাবে জগৰীয়া আছিল। প্ৰকৃততে তেওঁক বিয়াৰ বাবে পৰিয়ালেই হওক বা আন আত্মীয়-স্বজনেই হওক কোনেও বিশেষ জোৰ দিয়া নাছিল। সেয়ে তেওঁ চিৰ কুমাৰ হৈয়ে থাকি গ'ল।দুৱৰাদেৱ এজন অতি পৰিপাটি, চৌখিন আৰু নিজৰ চেহেৰাৰ প্ৰতি সচেতন মানুহ আছিল। পৰিপাটীকৈ সাজ পোচাক কৰা তেওঁৰ ব্যক্তিত্বত অন্যতম অংগ আছিল। তেওৰ স্বভাৱ বৰ লাজকুৰীয়া আছিল, তেও নিজে লিখি থৈ গৈছে- "মোৰ লাজকুৰীয়া স্বভাৱৰ বাবে মই মানুহৰ আগত নিজৰ সম্পৰ্কে একো কব নোৱাৰো আৰু জীৱনত কেৱল কিতাপেই কিনিছিলো আৰু তাকেই লগৰীয়া কৰি লৈছিলো।

অনুবাদ কবিতা এটাৰেই সাহিত্যৰ বিশাল পথাৰখনত প্ৰথমটো খোজ পেলাইছিল যতীন্দ্ৰনাথ দুৱৰাদেৱে। সেইটো আছিল Twinkle twinkle little star ৰ অনুবাদ:
‘‘চিকিমিকি চিকিমিকি সৰু তৰাটি
কেনেকৈ শোভা কৰে ওখ আকাশত
চিকিমিকি কৰি কৰি হীৰাৰ দৰে জ্বলি
লাহে লাহে পৃথিৱীক দিছেহি পোহৰ।’’

দুৱৰাদেৱৰ প্ৰকাশিত কাব্যগ্ৰন্থসমূহ হ'ল:
ওমৰ তীৰ্থ (১৯২৬), কথা কবিতা (১৯৩৩), আপোন সুৰ (১৯৩৮), বনফুল (১৯৫২), মিলনৰ সুৰ (১৯৫৮) আৰু মৰমৰ সুৰ (১৯৭৬)।

‘মৰমৰ সুৰ’ মৰণোত্তৰভাৱে প্ৰকাশিত ৮৮ টা কবিতাৰ সংকলন, লগতে ইয়াত দহটা গীতো সন্নিবিষ্ট আছে।
দুৱৰাদেৱৰ ওমৰ তীৰ্থখনি ফিটজেৰাল্ডে কৰা ইংৰাজী অনুবাদ ৰ আধাৰত ৰচিত ওমৰৰ কবিতাৰ অসমীয়া ৰূপান্তৰ।ওমৰৰ মতে বৰ্তমানেই সকলো,কোনোবা মুহূৰ্ততে জীৱন শেষ হৈ যাব,কাৰণ আমাৰ ভৱিষ‍্যত আন্ধাৰ---
Eat,drink and be merry,for to-morrow
you die.

ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্যৰ প্ৰতি অনুৰাগ থকা দুৱৰাৰ প্ৰতিভা কলিকতাত লক্ষ্মীনাথ বেজবৰুৱাৰ সান্নিধ্যত বিকশিত হয়। অসমীয়া সাহিত্যত সাহিত্য অকাডেমী বঁটা পোৱা তেওঁ প্ৰথম গৰাকী অসমীয়া সাহিত্যিক আছিল। ১৯৫৫ চনৰ ডিচেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনৰ সভাপতিৰ পদ দুৱৰা দেৱে অলংকৃত কৰিছিল। ইংৰাজ সাহিত্যৰ ৰোমাণ্টিক কবিসকল,পাৰস্যৰ বিখ্যাত কবি ওমৰ খৈয়াম, জাৰ্মান কবি হেইনৰিখ,আদি কবি সকলৰ দ্বাৰা প্ৰভাৱিত হৈছিল।

এইখিনিতে তেখেতৰ বিষয়ে বিখ্যাত লোক সকলে কেনেদৰে মন্তব্য কৰি গৈছিল ,চাওঁচোন আহক -

সত্যেন্দ্ৰনাথ শৰ্মাই দুৱৰাৰ ওমৰ তীৰ্থৰ ওপৰত মন্তব্য কৰিছিল:
‘‘অনুবাদ হ’লেও এইখিনি আছিল মৌলিক কবিতাৰ দৰেই ৰসাল আৰু সহজ আবেদনশীল।’’
‘ওমৰতীৰ্থ’ৰ প্ৰতিটো পাততেই দুৱৰাদেৱৰ অনবদ্য কাব্য প্ৰতিভাৰ স্বাক্ষৰ পোৱা যায়।

দুৱৰাদেৱ আছিল অসমীয়া কথা কবিতাৰ জনক। ড০ বাণীকান্ত কাকতিয়ে দুৱৰাদেৱৰ কথা কবিতাৰ বিষয়ত মন্তব্য কৰিছিল:
‘‘দুৱৰাৰ কথা কবিতাসমূহ বেদনা গধুৰ জীৱনৰ ইতিকথাস্বৰূপ। কবিৰ জীৱন উপলব্ধিৰ সোপান।’’

হেম বৰুৱাই মন্তব্য দিছিল যে:
“দুৱৰাৰ কাব্য-দেউল শ্যেলী, টেনিছন আৰু ওমৰ আদিৰ ভাঙি অনা মণি মুকুতাৰে উজ্জ্বল।”

লক্ষ্মীনাথ তামুলীদেৱে দুৱৰাৰ কবিতা সম্পৰ্কে কৈছিল -
“আধুনিকতাবাদী মস্তিষ্ক নিৰ্ভৰ কৰি আৰু কাব্য সমালোচকে যিয়েই নকওক লাগিলে মই এই ভাটি বয়সতো দুৱৰাৰ উপমা সমৃদ্ধ কাব্যিক অভিব্যক্তিৰ শাশ্বত ৰূপটো অনুভৱ কৰোঁ।”

পদ্মধৰ চলিহাদেৱৰ মতে: ‘‘দুৱৰাৰ কবিতা নিজৰাৰ নিৰ্মল সোঁতৰ দৰে। সুললিত ছন্দৰ অবাৰিত, লীলায়িত গতিত সি গৈ থাকে। ক'তো ঠেকা নাখায়।’’

বিৰিঞ্চি কুমাৰ বৰুৱাই কৈছিল---
" তেওঁৰ কবিতাত ভাষাৰ জটিলতা,শব্দৰ দুৰ্বোধ‍্যতা,আৰু অৰ্থৰ অস্পষ্টতা নাই। তেওঁৰ কাব‍্যৰ ভাষা শিশুৰ দৰে সৰল,স্বভাৱ সুন্দৰী ৰমণীৰ দৰে নিৰলঙ্কাৰ । "

অসমৰ কাব্যক্ষেত্ৰৰ জগতখনক চহকী কৰি যোৱা এইজন নমস্য ব্যক্তিৰ ১৯৬৪ চনৰ ৫ জুলাইত শিৱসাগৰৰ নিজা বাসভৱনতে মৃত্যু হয়।
যদিও তেখেতৰ মৃত্যু হ’ল তথাপি তেখেতৰ কবিতাৰ জৰিয়তে সৃষ্টি কৰি লোৱা পাঠকৰ হৃদয়ৰ নিভৃত কোণত থকা আসনৰ পৰা তেওঁক কোনো শক্তিয়ে কাঢ়ি নিব নোৱাৰে কাহানিও ৷


যতীন্দ্ৰনাথ দুৱৰা দেৱৰ কেইটিমান কবিতা -

(১)শ্ৰীশংকৰদেৱ
কবিঃ- যতীন্দ্ৰনাথ দুৱৰা

কোন দূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি,
তৱ পুণ্য কিৰণেৰে কৰিলা পৱিত্ৰ ভূমি!
নিৰলে বজাই বীণ কোন কবি-কাননত,
স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত।
মধুৰ ঝংকাৰ তাৰ গভীৰ উদাৰ সুৰে,
আজিও উঠিছে বাজি অসমৰ ঘৰে ঘৰে।
যি বীণৰ সুৰেৰেই প্ৰেম মন্দাকিনী ধাৰা
অসীম সাধনা বলে নমালা  স্বৰ্গৰ পৰা। 
বোৱালা ভক্তিৰ  সোঁত, দিলা ধৰ্ম, দিলা জ্ঞান;
দিলা ভাষা অসমক, কৰিলা জীৱন দান।
তোমাৰ জীৱনী দেৱ! লিখে এনে সাধ্য কাৰ?
গোটেই অসম ভূমিত বিস্তৃত জীৱনী যাৰ।
অসমৰ ৰীতি নীতি, অসমৰ সদাচাৰ,
অসমৰ ধৰ্মভাৱ, অসমৰ ব্যৱহাৰ।
সকলোকে তুমি দেৱ! সজালা নতুন সাজে,
তোমাৰ গৰিমা-গীতি, হৃদয়ে হৃদয়ে বাজে।
তোমাৰ নামৰ ধ্বনি গাঁৱে গাঁৱে সবাহত,
উঠিছে আকাশ ভেদি কীৰ্তনৰ প্ৰসংগত।
'শংকৰ আমাৰ গুৰু' উলাহতে গাই গান,
দিয়ে আহি বিহুৱানে নৱ বৰষৰ জান।
বেদ-উপনিষদৰ বাছি বাছি ফুল তুলি,
কত যতনেৰে দেৱ! গাঁথিলা এই মালাধাৰি।
ক্ষুদ্ৰ  স্বাৰ্থ, ভিন্ ভাৱ আঁতৰাই সৰু বৰ,
পিন্ধালা ধৰ্মৰ মালা সকলোকে আদৰৰ।
জ্ঞানী, ভক্ত, কৰ্মবীৰ অসমৰ ৰত্ন তুমি,
অশেষ যতনে দেৱ সজালা জনম ভুমি।
তোমাৰ সাজকে পিন্ধি জননীয়ে উলাহত,
নিজকে চিনাকী দিয়ে হাঁহি হাঁহি জগতত।
তোমাৰ বলতে আজি হই আমি বলীয়ান,
উন্নতি বাটত হঁও ধীৰে ধীৰে আগুৱান।
স্বৰগ-নিয়ৰ দৰে তোমাৰ আশীস বাণী,
মৰুময় সংসাৰত বিতৰক শান্তি পানী।
তোমাৰ কৰুনা-কণা পৰে যেন জীৱনত,
ভক্তিৰ আঁজলি দিওঁ সাদৰেৰে চৰণত।


(২)অতীতক নেযাবা পাহৰি
কবি- যতীন্দ্ৰনাথ দুৱৰা

চেনেহৰ সখা মোৰ                         শেষ অনুৰোধ
                অতীতক নেযাবা পাহৰি,
সমাপি জীৱন খেলা                            বসুধা বুকুত
                 যাম গই যিদিনা আঁতৰি,
                 অতীতক নেযাবা পাহৰি॥
সুখে দুখে জীৱনৰ                   ফুৰে পাছে পাছে
                 অতীতৰ মধুৰ সপোন,
নিমিষতে বিষাদত                    ধৰিছে আগত
               এৰি অহা প্রেমৰ দাপোণ,
               অতীতৰ মধুৰ সপোন॥
কঁপি থকা ওঁঠ দুটি                   নোৱাৰে ফুটাব
                যাওঁ বোলা বিদায়ৰ বাণী :
দুগালে বাগৰি যায়                   চকুলো দুধাৰি
                মাগে মাথো শেষৰ মেলানি,
                যাওঁ বোলা বিদায়ৰ বাণী॥
বিষাদ-ডাৱৰে ঢাকে                জীৱন-আকাশ
                পোহৰৰ লেশ মাথো নাই,
এখুজি দুখুজি কৰি                   ধীৰে ধীৰে দেহি
                 বাটৰুৱা যায় আগুৱাই,
               পোহৰৰ লেশ মাথোঁ নাই॥
 আন্ধাৰ-মুধাৰ বাট                  নমনি একোকে
                  সমুখত স্মৃতিৰ শ্মশান।
কতনো প্ৰেমৰ ছবি                 লয় গই তাতে
                তোলে এটি সকৰুণ তান,
                সমুখত স্মৃতিৰ শ্মশান॥
তাৰ মাজেদিয়ে যায়                বাটৰুৱা মোৰ
                 সুখৰ দুখৰ গান শুনি,
আশা নিৰাশাৰ ৰেখ                 বুকুৰ মাজত
                আঁকি লই অকলে আপুনি,
                 সুখৰ দুখৰ গান শুনি ॥
শুকুলা পাখিৰে সৌ                 নাওখনি বাই
                 নাৱৰীয়া আছে বাট চাই,
উঠিম যেতিয়া মই                   নাৱৰ বুকুত
                  নাও মেলি যাব ভটীয়াই
                 নাৱৰীয়া আছে বাট চাই ॥
দূৰত গৰজে শুনা                    অনন্ত সাগৰ
                  পর্বত সমান টো তুলি,
বাহু তোলা মৰণৰ                    শেষ আলিঙ্গনে
                  চিনচাব নেৰাখে সমূলি,
                  পর্বত সমান টো তুলি॥
অনাদৰ-অৱহেলা              যত জগতৰ
                সুখ-দুখ সকলো পাহৰি,
সকলোকে অন্তৰৰ                 প্ৰণাম জনাই
           নাও মেলি আহিলো আঁতৰি,
              সুখ-দুখ সকলো পাহৰি।
সন্ধিয়াৰ আকাশৰ                   সৰু তৰাটিৰ
                সাদৰৰ শেষ আৱাহন,
সেউজীয়া প্রকৃতিৰ                  কোমল কোলাত
              খেলা মোৰ হ’ল সমাপন,
               সাদৰৰ শেষ আৱাহন ॥
            নাও মেলি আহিলো আঁতৰি,
              অতীতক নেযাবা পাহৰি ॥

(৩)
অতীতক যোৱাঁহে পাহৰি

যতীন্দ্ৰনাথ দুৱৰা

নাৱৰীয়া, মেলি দিয়াঁ নাওখনি মোৰ
মিছাকৈয়ে আছা বাট চাই,
কোন আছে কেনি মোৰ আহি কাষলই
চেনেহেৰে দিবহি বিদায় ৷
দুদিনীয়া সংসাৰৰ আলহী-ঘৰত
দুদিনৰ মাথোঁ লীলা-খেলা;
দুদিনৰ জনা-শুনা মৰম-চেনেহ
শেষ হয় দুদিনৰ মেলা ৷
দুধাৰি চকুলো লই যায় আগুৱাই
আধা কৰা কাম এৰি থই,
জগতৰ এচুকেদি কেনিবা অকলে
কালৰ কোলাতে মিলে গই;
জুৰণি জুৰণি বুলি বিয়াকুল হই
ফুৰে মাথোঁ হাবাথুৰি খাই,
শেষ হয় তিলেকত অথিৰ জীৱন
জগতত জুৰণি নেপাই ৷
ইফালে সিফালে চায় কাতৰ ভাবেৰে
হেঁপাহেৰে চেনেহ বিচাৰি,
সুখৰ সোঁতত ভাহে দুখৰ নাৱত
ছঁয়াময়া চেনেহ-ভিখাৰী ৷
মধুৰ বাঁহীৰ তান আহে বতাহত
দূৰতেই শুনা পাতি কাণ,
দূৰতে সৌন্দৰ্য্য তাৰ দূৰতে মাধুৰী
ওচৰত প্ৰাণ-শুন্য তান ৷
ক’ৰনো পখীটি আহি গছৰ ডালত
কই গ’ল মৰমৰ কথা,
নীৰৱ গছৰ ডাল নীৰৱে থাকিল
নুবুজিলে হৃদয়ৰ বেথা ৷
গঢ়িছিলা ৰঙমনে শিলৰ প্ৰতিমা,
পূজিছিলা ধূপ-ধূনা লই,
ৰাখিছিলা মন্দিৰৰ গুপুত কোণত
মানুহৰ চকু-আঁৰকই!
ঢালি দিয়া অন্তৰৰ ভকতিৰ ধাৰা
আৱেগত গালা কত গান,
কতবাৰ হেঁপাহেৰে সাবটি ধৰিলা
প্ৰতিমাৰ পালা জানো প্ৰাণ ?
সুঁৱৰি সুঁৱৰি কিয় অতীতৰ স্মৃতি
মিছাতেই নিজে দুখ পোৱা ?
মু’খনি মোলান কিয়, মিছাতে চকুলো,
অতীতক পাহৰি পেলোৱাঁ ৷
ছিঙি দিয়াঁ চেনেহৰ মায়া-জৰীগছ
নুশুনিবা সপোনৰ বাণী,
হৃদয়ৰ হুমুনিয়া শূন্যে মাৰ যক
চিতা-জুই নুমক আপুনি ৷
সময়ৰ প্ৰতিশোধ, কোনে বাধা দিব
জগতত অকলশৰীয়া,
যাওক উটি যেনি-তেনি সোঁতৰ লগত
মেলি দিয়াঁ নাও নাৱৰীয়া ৷


(৪)
মগনিয়াৰ

- যতীন্দ্ৰনাথ দুৱৰা

মই বাটেদি গৈ আছিলো— এটা বুঢ়া, বেমাৰী, হাড়-ছাল ওলোৱা মগনিয়াৰ আহি মোৰ ওচৰত থিয় হ’লহি।
তাৰ ওঁঠ শেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ…, হৰি হৰি! সি দুখত পৰি কেনেকুৱা হৈছে— চকুৰ আগতে দৰিদ্রতাৰ কেনে জ্বলন্ত শোক লগা দৃশ্য! সি সেই উখহা অপৰিষ্কাৰ হাতখন মেলি মোক সহায় খুজিলে। মই চোলাৰ মোনাত হাত সুমাই একোকে নাপালো— টকা নাই, ঘড়ী নাই, অইন কি এখন উর্মালো নাই, মই মোৰ লগত একোকে অনা নাছিলো। মগনিয়াৰটোৱে তেতিয়াও মোৰ ওচৰতে হাত পাতি থিয় হৈ আছে— আৰু তাৰ দুৰ্বল শৰীৰ কঁপিবলৈ ধৰিছে।
মই এনেদৰে থাকিব নোৱাৰি লৰালৰিকৈ তাৰ হাত দুখন সাবটি ধৰিলো আৰু ক’লো—“ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই।” মগনিয়াৰটোৱে আচৰিত হৈ মোৰ ফালে এবাৰ চালে— শেতা ওঁঠ দুখনেৰে অলপ হাঁহিলে— আৰু সিও মোৰ হাত দুখন ধৰি অতি কষ্টেৰে মাত লগালে— “কি হ’ল, একো কথা নাই— ইয়াৰ কাৰণেও অশেষ ধন্যবাদ— ইও যে এটা দান।”
ময়ো বুজিলো যে মোৰ এজন লগৰীয়াৰ
পৰা ময়ো এটা দান পালো।


(৫)

দেৱী

ৰাতি পুৱাওঁ পুৱাওঁ হৈছে, ভালকৈ
পোহৰ হ’বলৈ এতিয়াও বাকী আছে,
এতিয়াও পুৱাৰ সুৰুযৰ কণক
কিৰণে ধৰণীৰ গছ-লতাৰ গাত
সোণোৱালী ৰহণ সনা নাই, এই
মাথোন পুৱাৰ শীতল সমীৰ ধীৰে
ধীৰে ব’বলৈ ধৰিছে।
মই মোৰ খোটালীৰ মেলি থোৱা
খিৰিকিৰ ফালে মুখ কৰি বহি
আছোঁ,— ফাগুন মাহ, বতৰ
ফৰকাল, ক’তো অকণো ডাৱৰৰ
ৰেখ নাই।
ওচৰৰ ফুলনিখনিৰ পৰা পুৱাৰ
বতাহে ফুলৰ গোন্ধ চুৰ কৰি মোৰ
চাৰিওফালে বিলাই দিছে, গোন্ধতেই
প্ৰাণ ভৰপূৰ— কি সুন্দৰ! মই যেন
মৰতৰ পৰা বহুত দূৰৰ এখন বর্ণাব
নোৱৰা সৌন্দৰ্য ৰাজ্যতহে আছোঁ, কি
যেন এটি মধুৰ স্বৰ্গীয় ভাবে মোৰ
মন-প্ৰাণ আবৰি থৈছে!
হঠাৎ মোৰ খিৰিকিয়েদি এটি ধুনীয়া
চৰাই উৰি আহি মোৰ খোটালীত
সোমোৱাৰ শব্দ শুনিলে। মই চকু
মেলি চালো। দেখিলো, চৰাই নহয়—
এজনী পাখি থকা মাইকী মানুহ—
দেৱী নে মানৱী ক’ব নোৱাৰোঁ।
তেওঁৰ গাটো এটা বগা ঢপঢপীয়া
সাজেৰে ঢকা আছে— মাথোন বুকুৰ
ওচৰত অলপমান ৰঙা, যেন এপাহি
পোলাপ ফুলহে ফুলিছে। এধাৰি
পদুমৰ মালাই তেওঁৰ কেঁকোৰা
কেঁকোৰা চুলিখিনিক সাৱটি ধৰিছে,
আৰু তেওঁৰ মূৰত এটা ম’ৰা-পাখিৰ
মুকুট। তেওঁ মোৰ খোটালীৰ
চাৰিওফালে উৰিবলৈ ধৰিলে, তেওঁৰ
মুখত মধুৰ মন-প্রাণ হৰা হাঁহি, তেওঁৰ
চকুজুৰি হীৰাৰ দৰে উজ্জ্বল আৰু
তাতো হাঁহিৰেখা জিলিকি পৰিছে।
তেওঁৰ হাতত নানা তৰহৰ ধুনীয়া
ধুনীয়া কিছুমান সুগন্ধি ফুল, তেওঁ
উৰি উৰি তাৰে এবাৰ মোৰ কপালত
ছুই গ’ল। মই উঠি তেওঁৰ ফালে
আগবাঢ়ি গ’লো— কিন্তু তাৰ
আগেয়ে তেওঁ খিৰিকিয়েদি বাহিৰলৈ
উৰি গ’ল। ফুলনিত থকা এহালি
কপৌৱে সিহঁতৰ পুৱাৰ প্ৰথম
কুৰুলিৰে তেওঁক সম্ভাষণ কৰিলে,
আৰু যিখিনিতে তেওঁ নাইকিয়া হ’ল,
সেই খিনিতে আকাশে অলপ হেঙ্গুলী
ৰহণ সানি ল’লে।
হে দেৱী, কল্পনা সুন্দৰী! মই তোমাক
চিনিব পাৰিছোঁ, তুমি মাজে মাজে
মোক এই দৰে দেখা দি যোৱাহি—
মোৰ নিৰাশ দুর্বল হৃদয়ক আশাৰ
কিৰণ ঢালি সবল কৰা। কবিৰ
কোমল প্ৰাণে সদায়
তোমালৈ বাট চাই থাকে।
আহাঁ তেন্তে কবিতাৰ ৰাণী, হে
যৌৱনৰ লাৱণ্যময়ী সুন্দৰী, তুমি
জীৱনৰ বসন্তৰ প্ৰথম পুৱাতে দেখা দিছা,
তোমাকে সাদৰেৰে অভ্যর্থনা কৰোঁ ।
এই মুকলি হৃদয়ে তোমালৈকে বাট
চাই আছে— এই মুকলি পৰাণে
মুক্তকণ্ঠে তোমাৰেই স্তৱগান কৰিছে।


(৬)
চহকী মানুহ


ধনকুবেৰ ৰথচাইল্ডৰ কথা মই বহুত
দিনৰ পৰা শুনি আহিছোঁ, তেওঁৰ
সেই অগাধ সম্পত্তি দুখীয়াৰ
উপকাৰ, দেশত শিক্ষা বিস্তাৰ,
জাতীয় উন্নতি ইত্যাদি নানা সৎ
কাৰ্যত তেওঁ অকাতৰে ব্যয় কৰিছে।
তেওঁৰ যেতিয়া এইবিলাক
পৰহিতকৰ কাৰ্যলৈ মন কৰোঁ,
সঁচাসঁচিকৈয়ে তেতিয়া
তেওঁলৈ মনত অসীম শ্রদ্ধা আৰু
ভক্তিৰ উদ্রেক হয়।
কিন্তু সেই বুলিয়েই সেই দিনাখন সেই
দুখীয়া পৰিয়ালৰ কথমপি দুসাজ
খাবলৈ পোৱা দুখীয়া খেতিয়কটোৰ
মাউৰা ভাগিনীয়েকক নিজৰ
ভগা পঁজাত আশ্রয় দিয়া কথাটো
মই পাহৰিব নোৱাৰোঁ।
খেতিয়কৰ ঘৈণীয়েকে ৰং মনেৰে
আহি মাক-বাপেক নোহোৱা
ছোৱালীটিক কোলাত তুলি
আথেবেথে দুৱাৰমুখৰ পৰা নি ঘৰত
থ’লেগৈ আৰু গিৰিয়েকক ক’লে,
“এই বাৰৰ পৰা আমি আৰু
আধাপেটীকৈও দুসাজ খাব নোৱাৰোঁ।”
খেতিয়কে হাঁহি মুখেৰে মাত লগালে,
“ একো কথা নাই, আমি এসাজ
খায়েই থাকিম।” ৰথচাইল্ড্ এতিয়াও
এই মুখীয়াল পৰিয়ালৰ
বহুত পাছ-পৰা।


(৭)

কথা - বাৰ্তা

ওখ ওখ পৰ্বতশাৰী পৃথিৱীৰ বুকু
ফালি গগন ভেদিবলৈ উঠিছে,
যেনিয়েই চোৱা, তেনিয়েই শিলাময়
পৰ্বত— মানুহৰ ভৰিৰ চিন এতিয়াও
ইহঁতৰ বুকুত পৰাহি নাই।
পৰ্বতবোৰ হিমেৰে ঢকা, সদায়
কণ্‌কণীয়া শীতল বতাহ বৈ আছে,
ওপৰত অনন্ত নীৰৱ নীল আকাশ,
তলত এখন বিস্তীর্ণ শুভ্ৰ বৰফৰ
ৰাজ্য।
দুফালে দুটা প্রশস্ত পৰ্বতৰ টিং
ৰাক্ষসৰ দৰে থিয় হৈ আছে, এটাই
আনটোক সুধিলে— “ককাই, নতুন
বাতৰি কি আছে? তুমি মোতকৈ
ভালকৈ দেখিবলৈ পোৱা, কোৱাচোন
তলত নো কি হৈছে?” কত হাজাৰ
হাজাৰ বছৰ পাৰ হৈ গ’ল এক
মিনিট,— আনটোৱে তেতিয়া উত্তৰ
দিলে— “গোটেইখন পৃথিবী ডাৱৰে
ঢকা— অলপমান ৰ’বা।” হাজাৰ হাজাৰ
বছৰ পাৰ হৈ গ’ল, এক
মিনিট । আকৌ আগৰটোৱে সুধিলে—
“এতিয়া কেনে?” “এতিয়াও আগৰ দৰেই আছে,
তাৰ মাজত অকণ অকণ দুঠেঙীয়া
পোক কিছুমানে ছটফটাই লৰি ফুৰিছে,—
ইফালে গৈছে এবাৰ, সিফালে গৈছে এবাৰ,
সিহঁত এতিয়াও আমাৰ
কাষ চাপিব পৰা নাই।”
“মানুহৰ কথা কৈছা নেকি?”
“এৰা, মানুহৰ কথাকে কৈছোঁ।”
হাজাৰ হাজাৰ বছৰ পাৰ হৈ গ’ল,
এক মিনিট। ইটোৱে আকৌ সুধিলে—
“তাৰ পাছত এতিয়া?” আনটোৱে
উত্তৰ দিলে— “সেই পোকবোৰ
অলপ কমিছে, তলখন অলপ মুকলি
হৈছে, পানীও শুকাইছে, আৰু হাবিও
লাহে লাহে নাইকিয়া হৈ গৈছে।”
আকৌ হাজাৰ হাজাৰ বছৰ পাৰ হৈ
গ’ল, এক মিনিট। “এতিয়া কি দেখিছাঁ?”
আনটোৱে উত্তৰ দিলে— “আমাৰ তলৰ ঠাই গোটেইখন মুকলি, কিন্তু দূৰৈত
এতিয়াও অলপ ক’লা ক’লা চিন আছে
আৰু দেখোন কিবাকিবি কিছুমান লৰি ফুৰিছে।” হাজাৰ হাজাৰ বছৰ পাৰ হৈ গ’ল,
এক মিনিট ।
“এতিয়া কেনে দেখিছা” বুলি আনটোৱে
মাত লগালে। সিটোৱে উত্তৰ দিলে— “এতিয়া গোটেইখন মুকলি, ক’তো একোৰেই চিন নাই,
চাৰিও ফালে বৰফৰ ৰাজ্য—
সকলো নিমাত, নিস্তব্ধ!”
ইটোৱে তেতিয়া মাত লগালে—
“ভাল কথা, কিন্তু ককাই, আমি দুয়ো
বহুত বেলি কথা পাতিলো, আহাঁ,
এতিয়া অলপ শোওঁ।” “এৰা, এতিয়া
শোৱা য’ক৷” ওখ ওখ পৰ্বত শুলে—
অনস্ত নীল আকাশ শুলে— অসীম বিশ্ব
নিতাল মাৰি শুলে,
জগত নিস্তব্ধ— প্ৰকৃতি নীৰৱ।

(সংগ্ৰহ )
✒️মন ময়ুৰী মহন্ত ৷

No comments:

Powered by Blogger.