মহাৰাষ্ট্ৰ আৰু গুজৰাট দিৱস

আমি সকলোৱে জানো আজি (১ মে) আন্তৰ্জাতিক শ্ৰমিক দিৱস। কিন্তু অতি কমসংখ্যক লোকেহে জানে যে আজি ভাৰতৰ দুখন ৰাজ্যত অইন এক বিশেষ দিৱসও পালন কৰা হয়।
     আজি গুজৰাট আৰু মহাৰাষ্ট্ৰ দিৱস।
    ১৯৬০ চনৰ আজিৰ দিনটোতে পশ্চিম ভাৰতৰ নতুন দুটি প্ৰদেশ হিচাপে গুজৰাট আৰু মহাৰাষ্ট্ৰৰ জন্ম হয় |
      ১৯৬০ চনত পৃথক গুজৰাট বিচাৰি মহা গুজৰাট আন্দোলন চলিছিল ৷ তাতেই আকৌ সংযুক্ত মহাৰাষ্ট্ৰ সমিতি গঠন কৰি মহাৰাষ্ট্ৰ ৰাজ্য বিচাৰিবলৈ ধৰিল।তাৰপাছত ১৯৬০ চনত ভাৰতৰ তৎকালীন নেহৰু চৰকাৰে সংসদত "Bombay Reorganisation act" প্ৰণয়ন কৰি ব’ম্বে প্ৰদেশ খন ভাগ মহাৰাষ্ট্ৰ আৰু গুজৰাট পৃথক ৰাজ্য হিচাপে ভাগ কৰি দিয়ে ৷
    সেয়েহে গোটেই বিশ্বই শ্ৰমিক দিৱস পালন কৰা সময়ত এই প্ৰদেশ দুখনে গুজৰাট আৰু মহাৰাষ্ট্ৰ দিৱস হিচাপে আজিৰ দিনটো পালন কৰে ৷

No comments:

Powered by Blogger.