সৰ্বপ্ৰথম আৱিষ্কৃত ৰোগ প্ৰতিষেধক আৰু আৱিষ্কাৰক, এডৱাৰ্ড জেনাৰ ::✒️মনময়ুৰী মহন্ত

         এটা দিন আছিল যেতিয়া সমগ্ৰ বিশ্বত Covid 19 ৰ দৰে বিভিন্ন মহামাৰীয়ে ছানি ধৰিছিল ৷ মানুহে অতীজৰে পৰা ৰোগ ব্যাধি তথা মহামাৰী সমূহৰ পৰা হাত সাৰিবলৈ প্ৰয়াস কৰি আহিছে ৷ তাৰ ফলস্বৰূপেই এনে ৰোগ সমূহৰ পৰা পৰিত্ৰাণ পাবৰ প্ৰয়াসতেই উদ্ভাৱন হৈছিল ভেকচিন বা ছিটাৰ ৷ অভিধান মতে ছিটা হ’ল দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্য সাধাৰণতে নিৰ্দিষ্ট বেক্টেৰিয়া , ভাইৰাছ আদি বীজাণুৰ অসংক্ৰমী ৰূপ বা সিহঁতৰ অংশ বিশেষ মানুহৰ গাত সুমুৱাই দিবৰ বাবে প্ৰস্তুত কৰা যি কোনো দ্ৰব্য ৷

              বিভিন্ন মহামাৰী ৰোগ বোৰৰ ভিতৰত আজিৰ পৰা কেইদশকমান আগলৈ বৰ আই ( small pox) বেমাৰটো পৃথিৱীৰ আটাইতকৈ সংহাৰী বেমাৰবোৰৰ অন্যতম আছিল ৷ ইয়াতে অন্য যিকোনো মহামাৰীতকৈ অধিক লোকৰ মৃত্যু হৈছিল ৷ এই বসন্ত ৰোগৰে ছিটা উদ্ভাৱন কৰিছিল এডৱাৰ্ড জেনাৰে ৷ ১৭৯৬ চনত আৱিষ্কাৰ হোৱা বৰ আইৰ ছিটাই হ’ল সৰ্বপ্ৰথম আৱিষ্কৃত প্ৰথম ৰোগ প্ৰতিষেধক ৷ সেয়েহে জেনাৰক ইমিউনিটিৰ পিতামহ বুলি সমগ্ৰ বিশ্বই সন্মান যাচে ৷ ১৭৯৬ চনৰ ১৪ মে’ অৰ্থাৎ আজিৰ দিনটোতে জেনাৰে ৮ বছৰীয়া এটি সৰু ল’ৰা জেমছ ফিপৰ শৰীৰত প্ৰথমবাৰৰ বাবে বৰ আইৰ ছিটা প্ৰয়োগ কৰি চাইছিল ৷

সংক্ষেপে জেনাৰৰ জীৱন কাহিনী -

১৭৪৯ চনৰ ১৭ মে'ত গ্ল'চেষ্টাশ্বায়াৰৰ বাৰ্কলে'ত এডৱাৰ্ড জেনাৰৰ জন্ম হয়। বাৰ্কলে'ৰ ভিকাৰ ৰেভাৰেণ্ড ষ্টিফেন জেনাৰ আৰু ছাৰাৰ তেওঁ আছিল অষ্টম সন্তান।
জেনাৰে ৱটন-আণ্ডাৰ-এজ আৰু চাইৰেনচেষ্টাৰৰ বিদ্যালয়লৈ গৈছিল। এই সময়তে তেওঁৰ বৰআই হয় যি তেওঁৰ স্বাস্থ্যৰ ওপৰত গোতেই জীৱন প্ৰভাৱ পেলায়।১৪ বছৰ বয়সত তেওঁ দক্ষিণ গ্ল'চেষ্টাশ্বায়াৰৰ শল্য চিকিৎসক ডেনিয়েল লুড্‌ল'ৰ সহায়কাৰী হিচাপে নিযুক্ত হয়। সাত বছৰ ইয়াত কাম কৰি নিজে শল্য চিকিৎসক হ'বৰ জোখাৰে অভিজ্ঞতা সঞ্চয় কৰে।
১৭৭০ চনত জেনাৰে ছেইণ্ট জৰ্জ চিকিৎসালয়ত চিকিৎসক জন হাণ্টাৰৰ অধীনত শল্য চিকিৎসাৰ প্ৰশিক্ষণ আৰম্ভ কৰে। ৱিলিয়াম অছলাৰে লিখি গৈছে যে হাণ্টাৰে জেনাৰক চিকিৎসা জগতত অতি জনপ্ৰিয় ৱিলিয়াম হাৰ্ভিৰ এটা উপদেশ দিছিল, "গুনা-গথা এৰা,কৰি চোৱা'' (Don't think,try)।"প্ৰাকৃতিক ইতিহাস বিষয়ত পিছলৈও হাণ্টাৰে জেনাৰৰ সৈতে যোগাযোগ ৰাখিছিল আৰু তেওঁৰ নাম ৰয়েল ছচাইটীলৈ প্ৰস্তাৱ কৰিছিল। ১৭৭৩ চনত নিজৰ ঠাইলৈ ঘূৰি আহি জেনাৰ এজন সফল পাৰিবাৰিক আৰু শল্য চিকিৎসক হৈ পৰে ৷
বৰ আইৰ ছিটাৰ উদ্ভাৱক এইজনা মহান চিকিৎসক তথা বিজ্ঞানীৰ ১৮২৬ চনৰ ২৬ জানুৱাৰীত মৃত্যু হয় ৷


বৰ আইৰ ছিটা আৱিষ্কাৰৰ কাহিনী -

বিংশ শতিকাত বৰ আইৰ কবলত পৰি 30 ৰ পৰা 50 কোটি লোকৰ মৃত্যু হৈছিল ৷ এই ৰোগ হোৱা প্ৰায় অৰ্ধেক লোকেই মৃত্যুমুখত পৰিছিল যদিও শিশুসকলৰ ক্ষেত্ৰত মৃত্যুৰ হাৰ আছিল অতি ভয়ানক ৷ বৰ আই হোৱাৰ পিছত প্ৰায় আশী শতাংশ শিশুৱেই এই ৰোগত প্ৰাণ হেৰুৱাইছিল ৷ আনহাতে বিশ্বৰ অন্ধ লোকসকলৰ প্ৰায় এক তৃতীয়াংশই দৃষ্টিশক্তি হেৰুৱাইছিল বৰ আই ৰোগৰ প্ৰভাৱত ৷ ধাৰণা কৰা মতে খৃষ্টজন্মৰ 10000 বছৰ আগৰ পৰাই পৃথিৱীত এই ৰোগটো আছিল ৷ আৰু 1979 চনলৈ বাৰ হাজাৰ বছৰজুৰি বৰ আই ৰোগে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছিল ৷ কিন্তু 1979 চনত বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰে যে পৃথিৱীৰ কোটি কোটি লোকৰ প্ৰাণ কাঢ়ি নিয়া সংহাৰী বৰ আই ৰোগ পৃথিৱীৰ পৰা সম্পূৰ্ণ ভাৱে নিৰ্মূল কৰা হৈছে ৷ আজি বিশ্বৰ দুই এক অত্যাধিক সুৰক্ষিত গৱেষণাগাৰত থকাৰ বাহিৰে ( সন্দেহ কৰা মতে) এই ৰোগৰ বিজানু আন কতো নাই ৷ বৰ আই ৰোগ নিৰ্মূল কৰাৰ ক্ষেত্ৰত মূখ্য ভূমিকা লোৱা ব্যক্তিজন হ'ল বৃটিছ চিকিৎসক আৰু বিজ্ঞানী এডৱাৰ্ড জেনাৰ ৷ 1768 চনত বৃটিছ চিকিৎসক জন ফিউষ্টাৰে এটা গৱেষণা কৰি এক উল্লেখযোগ্য ফলাফল পায় ৷ গৱেষণাত তেওঁ গম পালে যে গৰুৰ দেহত হোৱা Cowpox ৰোগৰ দ্বাৰা যদিহে কোনো ব্যক্তি আক্ৰান্ত হয় তেন্তে তাৰ পিছত সেই ব্যক্তিজনৰ গাত বৰ আই বেমাৰে বাহ লব নোৱাৰে ৷ Cowpox হোৱা ব্যক্তিজনৰ দেহে এই বেমাৰটোৰ লগত যুঁজিবলৈ দেহত এনে এক প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তোলে যে এই প্ৰতিৰোধ ব্যৱস্থাই তাৰ পিছত সেই লোকজনক বৰ আই বেমাৰৰ পৰাও ৰক্ষা কৰি ৰাখে ৷

গৰুৰ দেহত হোৱা Cowpox বেমাৰটো সংষ্পৰ্শৰ দ্বাৰা মানুহৰ দেহলৈ সম্প্ৰসাৰিত হব পাৰে ৷ কিন্তু Cowpox বেমাৰটো মানুহৰ দেহত হ'লেও ই বৰ আইৰ দৰে অতি সাংঘাটিক বেমাৰ নহয় আৰু ইয়াৰ দ্বাৰা লোকজন মৃত্যুমুখত পৰা সম্ভাৱনা খুবেই কম ৷ জন ফিউষ্টাৰে লক্ষ্য কৰিছিল যে সেই সময়ত ইংলেণ্ডত বৰ আই বেমাৰত আক্ৰান্ত ৰোগীৰ হাৰ বহু বেছি আছিল যদিও সতকাই গৰুৰ সংস্পৰ্শলৈ আহি থকা গুৱালবোৰৰ দেহত এই বেমাৰ অতি কমেইহে দেখা গৈছিল ৷ আৰু যিবোৰ গুৱালৰ দেহত Cowpox ৰোগে দেখা দিছিল তেওঁলোকৰ পিছলৈ বৰ আই ৰোগ নহৈছিলেই ৷ এই কথাটোৰ আঁত ধৰিয়েই জন ফিউষ্টাৰে তেওঁৰ গৱেষণা আৰম্ভ কৰে আৰু তাৰ ফলাফল হিচাবে তেওঁ পায় যে Cowpox ত আক্ৰান্ত হোৱা ৰোগীৰ দেহত Smallpox হব নোৱাৰে ৷ জন ফিউষ্টাৰে প্ৰাৰম্ভিক অনুমান আৰু কিছু সৰু সুৰা গৱেষণা কৰাৰ বাহিৰে এই ক্ষেত্ৰত বৰ বিশেষ একো পদক্ষেপ নললে ৷ ফিউষ্টাৰৰ গৱেষণাৰ আঁত ধৰিয়েই 1796 চনত এডৱাৰ্ড জেনাৰে বৰ আইৰ ছিটা আৱিষ্কাৰ কৰে ৷
এই যুগান্তকাৰী আৱিষ্কাৰৰ লগে লগে পৃথিৱীয়ে হাজাৰ বছৰ ধৰি ভুগি অহা এক অতি ভয়াবহ সমস্যাৰ সমাধান সম্ভৱ হৈ উঠিল আৰু বৰ আই প্ৰতিৰোধৰ ছিটা দিয়া কাম আৰম্ভ হৈ গ'ল ৷


      আমোদজনক কথাটো হ’ল প্ৰতিষেধক বা ছিটা বুজাবলৈ ইংৰাজীত ব্যৱহৃত vaccine শব্দটি আহিছিল গৰুৰ বৰ আই বুজাবলৈ ব্যৱহৃত Variolae Vaccinae শব্দৰ পৰা ৷ জেনাৰে গো বসন্ত বুজাবলৈ শব্দটো ব্যৱহাৰ কৰিছিল আৰু তাৰ পৰাই ভেকচিন শব্দটো জনপ্ৰিয় হৈ পৰে ৷ Vaccination ( প্ৰতিষেধক ছিটা প্ৰদান) শব্দটো ছপা আখৰত প্ৰথম ব্যৱহাৰ কৰিছিল জেনাৰৰ বন্ধু ৰিচাৰ্ড ডেনিংয়ে ১৮০৪ চনত ৷প্ৰাৰম্ভিক সময়ত অকল বৰ আইৰ প্ৰতিষেধক ছিটাৰ বাবেহে vaccine শব্দটো ব্যৱহাৰ হৈছিল যদিও ১৮৮১ চনত আন এগৰাকী বিজ্ঞানী লুই পেষ্ট’ৰয়ে জেনাৰৰ সন্মানত নতুনকৈ আৱিষ্কৃত সকলো প্ৰতিষেধককে ভেকচিন বোলাৰ প্ৰস্তাৱ ৰাখে ৷
প্ৰথম ৰোগ প্ৰতিষেধক হিচাপে জেনাৰে বৰ আইৰ ছিটা আৱিষ্কাৰ কৰাৰ পিছত জেনাৰৰ আৱিষ্কাৰৰ হাত ধৰিয়ে পৰৱৰ্তী সময়ত এটা এটাকৈ পলিঅ’ ,হুপিং কাহ , সৰু আই , টাইফয়ড আৰু হেপাটাইটিছ বি ৰ লেখীয়া বহু মাৰাত্মক ৰোগৰ প্ৰতিষেধক বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে ৷


        বৰ্তমান সময়ত কৰ’না ভাইৰাছে বিশ্বত ত্ৰাসৰ সৃষ্টি কৰিছে ৷ প্ৰকৃতিৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰি এই ভাইৰাছৰ বিৰুদ্ধেও ইতিমধ্যে আৰম্ভ হৈছে মানুহৰ যুঁজ ৷ বৰ্তমান সময়ত পূৰ্বতকৈ বহুত দূৰ চিকিৎসা বিজ্ঞান আগুৱাই গৈছে ৷ অৱশ্যে ভাইৰাছেও পূৰ্বত কৈ গতি প্ৰকৃতি সলনি কৰি চিকিৎসা বিজ্ঞানী সকলৰ মাজত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ৷ সেয়ে হ’লেও অন্য ৰোগৰ প্ৰতিষেধক ছিটা প্ৰস্তুত কৰাৰ দৰে অনাগত সময়ত ক’ভিড ১৯ ৰ প্ৰতিষেধক প্ৰস্তুত কৰিবলৈ একাগ্ৰতাৰে ব্ৰতী হৈ থকা চিকিৎসা বিজ্ঞানী সকল অতি সোনকালে সফল হৈ এই মহামাৰীৰ পৰা পৃথিৱীখন মুক্ত কৰি তুলিব বুলি আমি আশাবাদী ৷

No comments:

Powered by Blogger.