ৰবীন্দ্ৰনাথ ঠাকুৰ

যি সকলে মহান ব্যক্তিয়ে এই পৃথিৱীত জন্ম লাভ কৰি তেওঁলোকৰ মৃন্ময় সৃষ্টিৰে ৰসাল কৰি তুলিছিল মাতৃভূমি , সেই সকলৰ ভিতৰত ৰবীন্দ্ৰনাথ ঠাকুৰ অন্যতম ৷ ৰবীন্দ্ৰনাথ ঠাকুৰে কবিতা, গদ্য, বিজ্ঞান, সংগীত, অভিনয় আদি সকলো ক্ষেত্ৰতে বহুমুখী প্ৰতিভাৰ পৰিচয় দি গৈছে ৷ সকলো দেশৰ, সকলো কালৰ মানদণ্ডতেই ৰবীন্দ্ৰনাথ ঠাকুৰ এক অনন্য পুৰুষ ৷
 বাংলা সাহিত্যৰ দিকদৰ্শক কবি, উপন্যাসিক , গল্পকাৰ, গীতিকাৰ , সুৰকাৰ, নাট্যকাৰ আৰু দাৰ্শনিক এই মহান পুৰুষ জনৰ জন্ম হয় ১৮৬১ চনৰ ৭ মে’ অৰ্থাৎ আজিৰ দিনটোতে ৷
         
মাত্ৰ ন বছৰ বয়সৰ পৰাই কাব্য চৰ্চা কৰা ৰবীন্দ্ৰনাথৰ প্ৰথম কবিতাটো তত্ত্ববোধিনী কাকতত প্ৰকাশ পাইছিল ৷ তেখেতৰ গীতাঞ্জলি কাব্যগ্ৰন্থৰ বাবে ১৯১৩ চনত তেওঁ এচিয়া মহাদেশৰ প্ৰথম ব্যক্তি হিচাপে নোবেল পুৰস্কাৰ লাভ কৰিছিল ৷ নোবেল ফাউণ্ডেচনে তেখেতৰ এই গ্ৰন্থখনক গভীৰ সংবেদনশীল, উজ্জ্বল আৰু সুন্দৰ কাব্যগ্ৰন্থ বুলি মন্তব্য কৰিছিল ৷ তেওঁৱেই বিশ্বৰ একমাত্ৰ কবি যি দুখনকৈ দেশৰ ৰাষ্ট্ৰীয় সংগীত ৰচনা কৰিছে ৷ বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত “ আমাৰ সোনাৰ বাংলা” আৰু আমাৰ দেশ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত “ জন গণ মন” দুয়োটা তেখেতৰে সৃষ্টি ৷ তেখেতৰ গান আৰু কবিতাবোৰেই হৈছে সকলোতকৈ প্ৰভাৱশালী সাহিত্য ৷
ৰবীন্দ্ৰনাথ ঠাকুৰ এজন কবি, নাট্যকাৰ, গল্প লিখক আৰু গায়ক হোৱাৰ উপৰিও ১৯০৫ চনৰ বংগ ভংগ আন্দোলনত তেওঁক প্ৰদীপ্ত ভাস্কৰ মূৰ্তিত দেখা দিছিল ৷১৯৪১ চনৰ ৭ আগষ্টত তেখেতৰ মৃত্যু হয় ৷ তেখেতৰ মৃত্যুত অকল ভাৰতেই নহয় , সমগ্ৰ বিশ্বই এক আদৰৰ ৰত্ন হেৰুৱালে ৷

No comments:

Powered by Blogger.