সংবাদ মাধ্যমৰ স্বাধীনতা দিৱস ( World Press Freedom Day) ৩ মে

আজি ৩ মে’ ৷ সংবাদ মাধ্যমৰ স্বাধীনতা দিৱস ৷সংবাদ ব্যৱস্থা এক প্ৰকাৰৰ দাপোন যাৰ মাজত আমি
দৈনন্দিন পৃথিৱীখনকে দেখা পাওঁ ৷ এটা সময়ত কেৱল খবৰবোৰ এঠাইৰ মানুহে আন ঠাইৰ মানুহক জনাবৰ বাবেই সংবাদ পত্ৰ সমূহৰ জন্ম হৈছিল ৷ এতিয়া আধুনিক প্ৰযুক্তি বিদ্যাৰ সহায়ত তৎমুহূৰ্ততে যিকোনো খবৰ বা সংবাদ আমি লাভ কৰাৰ ফলত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমে মানুহৰ মন মগজু আৰু চিন্তা শক্তিকে পৰিচালনা কৰিছে বুলি ক’ব পাৰি ৷ সময়ৰ অগ্ৰগতিত আমাৰ সমাজৰ বহু ব্যৱস্থা ভঙা গঢ়াত মুখ্য ভূমিকা গ্ৰহণ কৰিছে সংবাদ মাধ্যম সমূহেই ৷
     
সংবাদ মাধ্যমৰ স্বাধীনতা সম্পৰ্কে সজাগতা বৃদ্ধি আৰু মত প্ৰকাশৰ মৰ্যাদা প্ৰদানৰ বাবে চৰকাৰ সমূহক সোঁৱৰাই দিয়াৰ উদ্দেশ্যৰেই ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ৩ মে’ৰ দিনটোক সংবাদ মাধ্যমৰ স্বাধীনতা দিৱস হিচাপে ঘোষণা কৰে ৷ এই দিৱস উৎযাপনৰ বাবে ইউনেস্ক’ৱে মুখ্য দ্বায়িত্ব পালন কৰি আহিছে ৷

No comments:

Powered by Blogger.