বিশ্ব মাতৃ দিৱস আৰু কিছু চিন্তা

“ আইৰ সমান হ'ব কোন,নৈৰ সমান ব'ব কোন ?”
  ৯ মাহ ১০দিন গৰ্ভ ধাৰণ কৰি পৃথিৱী খনৰ লগত আমাক চিনাকি কৰাই দিয়া সেই মাতৃ গৰাকীৰ ধাৰ কোনোকালে সুজিব পৰা নাযায়। সাগৰসম বিশাল ব্যক্তিত্বৰ অধিকাৰী এগৰাকী মাতৃক পুঁজিবলৈ প্ৰয়োজন নে বিশেষ এটা দিনৰ। আহকচোন পঢ়ি চাওঁ ।

মাতৃ দিৱসৰ ইতিহাস-
 বৰ্তমান আমি উদ্‌যাপন কৰা মাতৃ দিৱসৰ ইতিহাসৰ মূলতে ১৮৫৮ চনৰ এটা দিনত এন মেৰী ৰিভ্‌ছ জাৰ্ভিচ নামৰ এগৰাকী মহিলাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহযুদ্ধত মাতৃসকলৰ ভগ্ন স্বাস্থ্যৰ উন্নতিৰ বাবে সজাগতা আনিবলৈ কৰা প্ৰয়াস যাক তেওঁ ‘মাতৃৰ কৰ্ম দিৱস’ বুলিছিল। ১৮৭০ চনত জুলীয়া ৱাৰ্ড হো নামে সেই দেশৰ এগৰাকী কবি আৰু সমাজ সেৱিকাই মাতৃসকলক লৈ ‘মাতৃ দিৱস’ ঘোষণাৰে শান্তি আৰু নিৰস্ত্ৰীকৰণৰ বাবে সমদল উলিয়াইছিল যদিও এই কাৰ্যত তেওঁ বিশেষ কৃতকাৰ্য হ’ব নোৱাৰিলে।
এন মেৰী ৰিভ্‌ছ জাৰ্ভিচৰ ১৯০৫ চনৰ ৯ মে’ত মৃত্যু হয়। পিছত আনা মেৰী জাৰ্ভিছ নামে তেওঁৰ কন্যাই অনুভৱ কৰিলে যে জীৱিত কালত তেওঁৰ মাতৃৰ যথাযথ সেৱা কৰিব পৰা নাছিল আৰু সেয়েহে তেওঁ মাতৃসকলৰ বাবে এটি দিন স্মৰণীয় কৰাৰ কথা চিন্তা কৰে। ১৯০৭ চনৰ ১২ মে’ দেওবাৰে ঘৰতে এখন অনুষ্টুপীয়াকৈ তেওঁৰ মাতৃৰ সোঁৱৰণত এখনি সভা আয়োজন কৰে। সেই দিন আছিল মে’ মাহৰ দ্বিতীয় দেওবাৰ। তেওঁৰ উৎসাহত বহুতো বন্ধু-বান্ধৱী আৰু গীৰ্জা কৰ্তৃপক্ষৰ সহযোগেৰে ১৯০৮ চনৰ ১০ মে’ত ৪০৭ টি শিশু আৰু তেওঁলোকৰ মাতৃসহ পশ্চিম ভাৰ্জিনিয়াৰ গ্ৰাফটন নগৰৰ এন্দ্ৰো মেথ’দিষ্ট এপিচক’পল গীৰ্জাত ৰাজহুৱা ভাৱে মাতৃ দিৱস উদ্‌যাপিত হয় আৰু ক্ৰমে অন্যান্য ঠাইতো মাতৃ দিৱসে প্ৰসাৰ লভে। ১৯১২ চনত এই দিৱসে আমেৰিকাত চৰকাৰী স্বীকৃতি লভে আৰু ১৯১৪ চনত ৰাষ্ট্ৰপতি উড্ৰ উইল্‌ছনে জাতীয় দিৱস হিচাপে ঘোষণা কৰে। গীৰ্জাত বিশেষ আয়োজনেৰে উপাসনাত মাতৃসকলক উপহাৰ, ফুল আৰু শুভেচ্ছা-পত্ৰ প্ৰদানেৰে সন্মান যচা হয়। ক্ৰমে ভাৰতসহ আন আন দেশতো মে’ মাহৰ দ্বিতীয় দেওবাৰে এই দিৱস পালন কৰিবলৈ ধৰে।


ভাৰতীয় ইতিহাসত মাতৃ প্ৰেম:
  মানৱীয় সম্পৰ্ক বোৰৰ ভিতৰত আটাইতকৈ উচ্চ তথা শ্ৰেষ্ঠ সম্পৰ্ক হ’ল মাক আৰু সন্তানৰ সম্পৰ্ক ৷ সন্তানক জন্ম দি তুলি তালি ডাঙৰ দীঘল কৰি ভৱিষ্যতৰ উপযুক্ত ব্যক্তি কৰি গঢ়ি তোলালৈকে মাক এগৰাকীয়ে অপৰিসীম ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিবলগীয়া হয় ৷শাস্ত্ৰত কৈছে মাতৃ দেৱো ভৱ , পিতৃ দেৱো ভৱ , আচাৰ্য দেৱো ভৱ ৷ এজন পিতৃ এশজন আচাৰ্যৰ সমান , কিন্তু এগৰাকী মাতৃ এশজন পিতৃৰ সমতুল্য ৷
প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত মাতৃৰ স্থান সদায়ে অনন্য আৰু অদ্বিতীয় ৷ মহাকাব্যৰ যুগৰ পৰা আমি লক্ষ্য কৰিলে দেখিবলৈ পাওঁ যে বিভিন্নজন যুগদ্ৰষ্টাৰ জীৱনত তেওঁলোকৰ মাতৃসকলৰ প্ৰভাৱ লক্ষণীয় ৷
উদাহৰণস্বৰূপে ধ্ৰুৱৰ মাতৃ সুনীতি , প্ৰহ্লাদৰ মাতৃ কয়াধু , ৰামচন্দ্ৰৰ মাতৃ কৌশল্যা, শ্ৰীকৃষ্ণৰ মাতৃ দৈৱকী, ভীষ্মৰ মাতৃ গংগাকে প্ৰমুখ্যে কৰি মহাত্মা গান্ধীৰ মাতৃ পুতলী বাঈ তথা শ্ৰীমন্তশঙ্কৰদেৱক মাতৃৰ দৰে লালন পালন কৰি ডাঙৰ কৰা বুঢ়ীমাক খেৰসুঁতী লৈকে মনত পেলাব পাৰো ৷

জীৱন নাওঁৰ বঠা স্বৰূপ এগৰাকী মাতৃৰ বিষয়ে ধৰ্মগ্ৰন্থ সমূহত কেনেদৰে বৰ্ণনা কৰিছে চাওঁচোন আহক -
ৰামায়ণত উল্লেখ আছে “জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী” , অৰ্থাৎ মাতৃ আৰু মাতৃভূমি স্বৰ্গতকৈও শ্ৰেষ্ঠ ৷
মহাভাৰততো উল্লেখ আছে যে মাতৃ , পিতৃ আৰু গুৰুজনাৰ সেৱা কৰায়ে মানুহৰ প্ৰধান কৰ্তব্য ৷
অৰ্থৱ বেদে কৈছে যে -  পুত্ৰ নিজ পিতৃ ভক্ত আৰু তেওঁৰ অন্তৰ মাতৃৰ দৰে হোৱা উচিত ৷
কোৰানত উল্লেখ আছে - মই মানুহক তেওঁৰ পিতৃ মাতৃৰ লগত সৎ ব্যৱহাৰ কৰিবলৈ আদেশ দিছো ৷
বাইবেলে কৈছে - পিতৃ মাতৃক সন্মান কৰা, তেহে তোমাৰ কল্যাণ হ’ব আৰু দেশত দীৰ্ঘায়ু হ’ব ৷
 
  এখন সমাজ বা দেশৰ আটাইতকৈ শক্তিশালী অনুষ্ঠান পৰিয়ালটোৰ মূল নাৰী গৰাকীয়েই হ’ল আমাৰ মমতাময়ী মাতৃ ৷ এইয়াও চিৰন্তন সত্য যে - Mothers love is the only love which we can believe in.মাতৃৰ প্ৰতি মৰম, চেনেহ, শ্ৰদ্ধা প্ৰকাশৰ বাবে বছৰ কেৱল এটা দিনেই যথেষ্ট নহয়।আজিৰ এই পবিত্ৰ দিনটোত সকলো মাতৃলৈকে শ্ৰদ্ধা জনাইছোঁ ৷ যদিও কোনেও মাতৃৰ ধাৰ জীৱনটোত সুজিব নোৱাৰে তথাপি আশা কৰিছো প্ৰতিজন সন্তানেই মাতৃ সকলৰ প্ৰতি অধিক ভক্তিপৰায়ণ হৈ উঠিব,যাতে কোনো মাতৃয়ে মানসিক কষ্ট পাবলগা নহয়...
   নোৱাৰোঁ সুজিব ধাৰ ই জনমত
  মোৰ হকে কৰিছিলা যিমান যতন
  দেৱৰো দেৱতা তুমি স্নেহ অৱতাৰ
  কায় মনে বন্দো মই তোমাৰ চৰণ....৷৷
✒️মনময়ুৰী মহন্ত ৷


No comments:

Powered by Blogger.