Netflix , Money Heist and Bella Ciao (নেটফ্লিক্স, মানি হেইষ্ট আৰু বেল্লা স্যাও)

নেটফ্লিক্স আজিৰ সময়ত সকলোৰে পৰিচিত এটা নাম। এই আমেৰিকান প্ৰডাক্টন কোম্পানীটোৰ প্ৰতিষ্ঠা হৈছিল ১৯৯৭ চনত। অনলাইন চিনেমা আৰু বিভিন্ন সোৱাদৰ চিৰিয়েলৰ ভঁৰাল স্বৰূপ এই নেটফ্লিক্সৰ বিশ্বব্যাপি ১৮২ মিলিয়ন উপভোক্তা আছে। ( এপ্ৰিল ২০২০ ৰ তথ্য অনুসৰি)
      বৰ্তমান সময়ত নেটিফ্লিক্সত প্ৰচাৰিত চিৰিয়েলবোৰৰ  ভিতৰত অন্য এক জনপ্ৰিয় চিৰিয়েল হৈছে "মানি হেইষ্ট" ( Money Heist)
   মানি হেইষ্ট হৈছে এলেক্স পিনাৰ দ্বাৰা নিৰ্মিত মূলতঃ এখন স্পেনিছ টিভি ধাৰাবাহিক যাৰ স্পেনিছ নাম হৈছে " La Casa De Papel"
এতিয়ালৈকে নেটফ্লিক্সত এই ধাৰাবাহিক খনৰ ৪ টা ভাগত মুঠ ৩৮ টা খণ্ড আছে। পঞ্চম ভাগটো ও অতি শীঘ্ৰে মুকলি কৰা হ'ব বুলি বিভিন্ন সূত্ৰত প্ৰকাশ পাইছে।
   ধাৰাবাহিক খনৰ লগতে এই ধাৰাবাহিকখনত ব্যৱহিত " বেলা স্যাও" ( Bella Chiao) শীৰ্ষক এটি গীত সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈছে। কিন্তু প্ৰকৃততে কি এই "বেল্লা স্যাও" ?
    বেল্লা স্যাও হৈছে ইটালীৰ লোক সকলৰ এটা প্ৰতিবাদী লোকগীত ৷ এই লোকগীতটি পোনপ্ৰথমে ঊনৈশ শতিকাৰ আগতেই উত্তৰ ইটালীৰ কৃষি কৰ্মত জড়িত থকা মাইকী মানুহসকলে কৰ্মৰ তুলনাত আয় কম হোৱাৰ বাবে তেওঁলোকৰ কঠিন কৰ্মৰ প্ৰতিবাদ কৰিবলৈকে এই গীত গাইছিল ৷
     এই সংগীতটো অলপ পৰিৱৰ্তন কৰি ১৯৪৩ চনৰ পৰা ১৯৪৫ চনৰ ভিতৰত ইটালিত হোৱা ফেচিবাদ বিৰোধী প্ৰতিবাদত প্ৰতিবাদী সংগীত হিচাপে ব্যৱহাৰ কৰা হৈছিল।
    কেৱল ইটালিতে যে এই সংগীতটো সীমাবদ্ধ আছে তেনে নহয়। হিন্দী, তেলেগু, ইংৰাজী, চীনা, জাৰ্মান আদি বিভিন্ন ভাষাত এই গীতটো অনুবাদ হৈছে।
   মানি হেইষ্টৰ লগতে বিভিন্ন চিনেমাত এই গীতটো বেলেগ বেলেগ ভাষা বা সংস্কৰণত ব্যৱহাৰ হৈছে। আপোনালোকে জানি ভাল পাব যে তেলেগু ছবি "Businessman"ত থকা Pilla Chao শীৰ্ষক গীতটো বেল্লা স্যাওৰ আধাৰত নিৰ্মিত।
   বেল্লা স্যাও গীতটোৰ ইংৰাজী সংস্কৰণৰ প্ৰথম স্তৱকটো হৈছে:

In the morning I got up
oh bella ciao, bella ciao, bella ciao, ciao, ciao (Goodbye beautiful)
In the morning I got up
To the paddy rice fields, I have to go.

No comments:

Powered by Blogger.