বিভিন্ন জনৰ দৃষ্টিত কেপ্তেইন কুল :: MS Dhoni

ভাৰতীয় ক্ৰিকেট দলৰ বিশ্ব বিজয়ী অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ(মাহী) আজি জন্ম দিন৷1981 চনৰ 7 জুলাইত ঝাৰখণ্ডৰ ৰাঁচীত জন্ম গ্ৰহণ কৰা কেপ্টেইন কুল হিচাপে খ্যাত ধোনীৰ নেতৃত্বতে ভাৰতীয় ক্ৰিকেট দলে আই চি চিৰ 2007 চনত প্ৰথম টি-টুৱেন্টী বিশ্বকাপ , 2011 চনত এদিনীয়া বিশ্বকাপ আৰু 2013 চনৰ চেম্পিয়ন্স ট্ৰফীৰ খিতাপ দখল কৰি ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছিল |ধোনী বিশ্বৰ একমাত্ৰ অধিনায়ক যিয়ে ক্ৰিকেটৰ প্ৰতিটো ফৰ্মেটতে ভাৰতক বিজয়ী কৰাবলৈ সক্ষম হৈছে ।
 বিপৰীত পৰস্থিতিটো নিজৰ মগজুক শান্ত কৰি ৰখা , কৌশল ৰচনা , দক্ষ উইকেট কিপিং আদি গুণে মহেন্দ্ৰ সিং ধোনীক অনন্য স্থান প্ৰদান কৰিছে | প্ৰতিজন ভাৰতীয়ৰ বাবে অনুপ্ৰেৰণাৰ প্ৰতীক মহেন্দ্ৰ সিং ধোনী ৷ৰেলৰ টিকট পৰীক্ষকৰ পৰা অগাধ চেষ্টা, অধ্যাৱসায়ৰ আৰু ক্ৰিকেটৰ প্ৰতি থকা অগাধ প্ৰেমৰ বাবেই গোটেই বিশ্বই চিনি পাব পৰাকৈ তেওঁ বিশ্ব বিখ্যাত হ’লগৈ ৷

১০০০০ ৰানৰ সীমা অতিক্ৰম কৰা ভাৰতৰ পঞ্চমজন ক্ৰিকেটাৰ তথা ষ্টাম্পৰ পিছৰ পৰাও খেল সলাই দিয়া ব্যক্তিজনৰ ওপজা দিনত অলেখ শুভকামনা জনাই সুস্বাস্থ্য কামনা কৰি ধোনীৰ বিষয়ে বিশ্বৰ কেইগৰাকীমান বিখ্যাত ব্যক্তিয়ে দিয়া মন্তব্য উল্লেখ কৰিলোঁ...

১)ধোনী বিশ্বৰ এক নম্বৰ অধিনায়ক, মই সুখী যে মই তেওঁৰ অধীনত খেলিছিলোঁ -- Sachin Tendulkar

২)ধোনীৰ অধিনায়কত্বত কোনো সন্দেহ নাই , তেওঁ বিশ্বৰ এক নম্বৰ অধিনায়ক -- Virat Kohli

৩)ধোনী ভাৰতৰ আটাইতকৈ সফল আৰু সক্ষম অধিনায়ক ৷ ইতিহাসে তাৰেই বৰ্ণনা কৰে -- Sourav Ganguly


৪) মোৰ যেতিয়া মৃত্যুৰ সময় হ’ব তেতিয়া মোৰ অন্তিম ইচ্ছা হ’ব ধোনীৰ ছিক্স কোবোৱাটো চোৱা, যেনেকৈ ২০১১ বিশ্বকাপত কোবাইছিল শেষৰ বলটো -- Sunil Gavaskar

৫) মই যদি ধোনীৰ লগত খেলাৰ সুবিধা পাওঁ, তেন্তে বহুত সুখী হ’ম ৷ ধোনীক কাৰো লগত তুলনা নকৰিব , ধোনী সদায় ধোনীয়ে হয় -- Adam Gilchrist


৬)ধোনীয়ে সময়ৰ শৰ সময়ত মাৰিব জানে ৷ ভাৰত বহুত ভাগ্যৱান যে ধোনীৰ নিচিনা এজন খেলুৱৈ পাইছে -- Shoaib Akhtar


৭)মাত্ৰ আধা ইঞ্চি দূৰত্বত ধোনীয়ে আপোনাক প্ৰেভেলিয়ান মুখী কৰিব পাৰিব ৷ আচৰিত প্ৰতিভাৰ অধিকাৰী এই ব্যক্তিগৰাকী -- Mahela Jayawardene


৮)মই ধোনীৰ পৰা কেপ্তেইনৰ অনুশীলন বোৰ শিকি আছোঁ -- Dwayne Bravo

৯) যদি সকলো দেশতে কোনোবা ক্ৰিকেটাৰৰ কথা আলোচনা কৰা হয় ,তেন্তে ধোনীৰ নাম সকলোতকৈ আগত থাকিব -- Glenn McGrath

১০)মই প্ৰাৰ্থনা কৰো যে ঝাৰখণ্ডৰ পৰাও এজন টেনিছ খেলুৱৈ ওলাই আহক যিয়ে ধোনীৰ দৰে খেলিব পাৰে -- Sania Mirza

১১)কঠোৰ পৰিস্থিতিত যদি ছিক্স কোবোৱাৰ দৰকাৰ তেন্তে ধোনীক বেটিং কৰিবলৈ দিব -- Rameez Raja

১২) মই বহুত সৌভাগ্যবান যে মই ধোনীৰ নেতৃত্বত খেলিবলৈ পাইছিলোঁ -- Michael Hussey

১৩) সহজকৈ ধোনীৰ কঠিন পৰিস্থিতিৰ লগত মোকাবিলা কৰাৰ ধৰণ ব্যতিক্ৰম ৷ তেওঁ নিজকে অতিশয় আৱেগিক ভাৱে নিজক জড়িত নকৰে, সেইটো তেওঁৰ গুণ ৷ ধোনীক কেপ্তেইন হিচাপে পাই ভাৰতবৰ্ষ গৌৰাৱাম্বিত -- VVS Laxman


১৪) যদি ধোনীয়ে শেষলৈকে খেলে ,এই কথা নিশ্চিত তেওঁৰ দল জিকিবই -- Harsha Bhogle

১৫) যদি শেষৰ অভাৰত পোন্ধৰ ৰানৰ প্ৰয়োজন,তেন্তে ধোনীৰ নহয় বলাৰ জনৰহে চিন্তা হোৱা উচিত -- Ian Bishop


✒️মন ময়ুৰী মহন্ত ৷

No comments:

Powered by Blogger.