গিৰিধৰ শৰ্মা


শুভ জন্মদিন। আজি  বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ,আৰ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক গিৰিধৰ শৰ্মাৰ ওপজা দিন । ওপজা দিনৰ দিনা তেখেতক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ ৷

শিক্ষাবিদ গিৰিধৰ শৰ্মাৰ জন্ম হৈছিল নলবাৰী জিলাৰ ককয়া গাঁৱত ১৯১২ চনৰ ৩ জুলাই তাৰিখে অৰ্থাৎ আজিৰ দিনটোতে । তেওঁৰ দেউতাকৰ নাম আছিল ৰাধাকান্ত শৰ্মা আৰু মাকৰ নাম আছিল দশমী প্ৰিয়া দেৱী। তেখেতৰ ভাতৃৰ নাম উমাকান্ত শৰ্মা  ৷ সৰু কালতেই পিতৃহাৰা হোৱাৰ পিছত মাকৰ তত্ত্বাৱধানত প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰে আৰু সেই সময়ত লাভ কৰা জলপানীয়েও তেওঁক শিক্ষাৰ ক্ষেত্ৰত উদগনি জনাইছিল। ১৯৩৩ চনত গিৰিধৰ শৰ্মাই যথেষ্ট সুখ্যাতিৰে চামতা হাইস্কুলৰ পৰা প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। 

অৰ্থৰ অভাৱত কলেজীয়া শিক্ষাৰ কথা চিন্তা কৰিব নোৱাৰি শৰ্মাই গাঁৱৰে প্ৰাথমিক বিদ্যালয় এখনত শিক্ষকতা কৰিবলৈ লৈছিল।তেনেকৈয়ে  তেখেতৰ কৰ্মজীৱনৰ পাতনি মেলে ৷ তাৰ মাজতে ১৯৩৫ চনত শৰ্মাদেৱে নৰ্মাল পাছ কৰে আৰু সেই বছৰতে বিয়াও পাতে।তেখেতৰ পত্নীও শিক্ষয়িত্ৰী আছিল ৷ তাৰ মাজতে শৰ্মা দেৱে অসম ব'ৰ্ডৰ আদি, মধ্য আৰু উপাধি পৰীক্ষা দি কৃতিত্বৰে উত্তীৰ্ণ হয় আৰু চৰকাৰী স্কুলত সংস্কৃত শিক্ষক হিচাপে নিযুক্তি পায়। সেই সময়তে অতি কষ্টৰে নিজৰ ভায়েককো কটন কলেজত চাৰি বছৰ আৰু কলিকতা ত দুবছৰ নিজে খৰচ কৰি পঢ়ুৱাই আনিছিল। ভায়েকৰ শিক্ষাৰ খৰচ বহনৰ দায়িত্ব নাইকিয়া হোৱাৰ পিছত শৰ্মাদেৱে নিজে কলেজীয়া শিক্ষা লৈ প্ৰাইভেট পৰীক্ষাৰ্থী হিচাপে তেওঁ ক্ৰমে আই এ আৰু বি এ পৰীক্ষা দি উত্তীৰ্ণ হৈছিল। তাৰ পিছতে 8 তেওঁ অসম স্কুল চাৰ্ভিছত গ্ৰেজুৱেট শিক্ষক হিচাপে নিযুক্তি লাভ কৰিলে। পিছলৈ গিৰিধৰ শৰ্মাদেৱে প্ৰাইভেট পৰীক্ষাৰ্থী হিচাপে অসমীয়া বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমত উত্তীৰ্ণ হয় আৰু কটন মহাবিদ্যালয়ত অসমীয়া বিষয়ৰ প্ৰবক্তা হিচাপে নিযুক্তি লাভ কৰে। ১৯৬০ চনলৈকে শৰ্মাদেৱে কটন মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে কাম কৰিছিল।

১৯৫০-৫১ চনৰ পৰা তেওঁ গুৱাহাটীৰ ৰিহাবাৰীত থাকিবলৈ লৈছিল। আৰম্ভণিতে তেওঁ তাত এখন উন্নয়ন সমিতি গঠন কৰি উন্নয়ন সমিতিৰ পৰিচালনাত এটা ৰাজহুৱা নামঘৰ, এখন সৰু নাট্য মঞ্চ, এটা পুথিভঁড়ালকে ধৰি কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল। ৰিহাবাৰীত থকা প্ৰাইমেৰী স্কুলখনৰ সম্পাদক হৈ সেই স্কুলখনৰ উন্নতিৰ কাৰণে চেষ্টা কৰিছিল ৷তাৰ উপৰিও তেওঁ ১৯৫৬ চনত এখন মজলীয়া ইংৰাজী বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। এই বিদ্যালয় খনেই আৰ্য বিদ্যাপীঠ কলেজৰ আৰম্ভণি আছিল। ১৯৫৮ চনত আৰ্য মহাবিদ্যালয় সুপ্ৰতিষ্ঠিত হয় আৰু শৰ্মাদেৱে ১৯৬২ চনৰ পৰা ১৯৭৫ চনলৈ অধ্যক্ষ হিচাপে কাৰ্যনিবাহ কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ পদৰ পৰা অৱসৰৰ পিছত শৰ্মাদেৱে ঘৰতে পূৰ্বদেশ মুদ্ৰণ নামৰ এটা প্ৰেছ  খুলি ব্যস্ত হৈ পৰিছিল। সময়ত এই প্ৰেছটোৱেই শক্তিশালী হৈ গঢ়ি উঠিছিল আৰু অসমীয়া সাহিত্যৰ প্ৰসাৰ আৰু প্ৰচাৰত বিশেষ অৰিহণা আগবঢ়াইছিল ৷

গিৰিধৰ শৰ্মাদেৱেৰ অসমীয়া, সংস্কৃত ভাষাৰ কেইবখনো গ্ৰন্থ সংকলন প্ৰণয়ন কৰিছিল, সেই সমূহ হ’ল-
অসমীয়া ভাষাৰ ব্যাকৰণ,অসমীয়া অভিধান,সংস্কৃত ব্যাকৰণ চন্দ্ৰিকা,প্ৰৱেশিকা ৰচনা শিক্ষা,Sanskrit Grammer and Composition,Sarma's Anglo-Assamese Dictionary ৷
তাৰ উপৰি গল্পগুচ্ছ,দেৱী চৌধুৰাণী,কৰ্মযোগী পুৰুষ
তেখেতৰ দ্বাৰা অনূদিত পুথি ৷

১৯৭৩ চনত ৰঙিয়াত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত শৰ্মাদেৱে সভাপতিৰ আসন অলংকৃত কৰিছিল। এবছৰীয়া এই সময়খিনিত তেওঁ সাহিত্য সভা পত্ৰিকাখনিক মাহেকীয়া আলোচনীলৈ ৰূপান্তৰিত কৰিছিল। ইয়াৰ উপৰিও অসমৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি সাহিত্য সভাৰ নতুন শাখা গঠন কৰাত নেতৃত্ব দিয়াৰ লগতে বিভিন্ন জনগোষ্ঠীৰ মিলনভূমি অসমত ৰাজ্যভাষা অসমীয়াহে চলিব লাগে বুলি বাণী প্ৰচাৰ কৰিছিল ৷১৯৭৩ চনত ৰঙিয়াত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত শৰ্মাদেৱে সভাপতিৰ অভিভাষণত কৈছিল -
এটা জাতিৰ সৰ্বময় মঙ্গল হ’বলৈ হ’লে লাগে একদল নিস্বাৰ্থ, ত্যাগী, নিষ্ঠাৱান, প্ৰগতিবাদী কবি - সাহিত্যিক ৷

অসম সাহিত্য সভাই গিৰিধৰ শৰ্মাৰ সোঁৱৰণত
ন-লেখক-লেখিকাৰ মাজত উপন্যাস প্ৰতিযোগিতা আয়োজন কৰি শ্ৰেষ্ঠ বিবেচিত লেখকক গিৰিধৰ শৰ্মা বঁটাৰে পুৰস্কৃত কৰি  আহিছে।

এইজনা শিক্ষাবিদ, সাহিত্যসেৱক, বিদগ্ধ পণ্ডিতৰ ১৯৭৭চনৰ ১০ মে তাৰিখে পৰলোকপ্ৰাপ্তি ঘটে।
শেহতীয়াকৈ নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত সম্পন্ন হোৱা পণ্ডিত ,সাহিত্যচাৰ্য ড° হৰিনাথ শৰ্মা দলৈ স্মাৰক বক্তৃতানুষ্ঠানত  নলবাৰীৰ বিধায়ক ৰূপক শৰ্মাই নলবাৰীত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক শৰৎ চন্দ্ৰ গোস্বামী,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ত্ৰৈলোক্য নাথ গোস্বামী,ৰঘুনাথ চৌধাৰী আৰু কনকসেন ডেকাৰ লগতে গিৰিধৰ শৰ্মাদেৱৰ ও প্ৰতিমূৰ্ত্তি স্থাপন কৰিব বুলি সভাত ঘোষণা কৰে। এইয়া নিশ্চয়কৈ এক সুখৱৰ ৷কিয়নো নতুন প্ৰজন্মৰ মাজত এই মহান লোক সকলৰ স্মৃতি সজীৱ কৰিবৰ বাবে নিশ্চয়কৈ ইয়াৰ প্ৰয়োজন আছে ৷

এইগৰাকী বিশিষ্ট শিক্ষাবিদ তথা সাহিত্য সেৱকক পুনৰ বাৰ ওপজা দিনৰ দিনা শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ  ...

✒️ মন ময়ুৰী মহন্ত ৷

No comments:

Powered by Blogger.