শ্ৰদ্ধাৰ পূৰবী বৰমুদৈ বাইদেউৰ সোঁৱৰণত

আজি অসমৰ প্ৰখ্যাত লেখিকা, 'শান্তনুকুলনন্দন'ৰ স্ৰষ্টা পূৰৱী বৰমুদৈ বাইদেউৰ মৃত্যু বাৰ্ষিকী ৷
২০১৯ চনৰ আজিৰ দিনটোতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত ইহলীলা সম্বৰণ কৰিছিল  প্ৰথিতযশা উপন্যাসিক গৰাকীয়ে ৷
অসমীয়া গল্প আৰু উপন্যাসৰ ক্ষেত্ৰখনত সৱল উপস্থিতিৰে অসমীয়া সাহিত্যৰ ভড়াল টনকিয়াল কৰি থৈ যোৱা বাইদেউৰ  মৃত্যু তিথিত তেখেতৰ স্মৃতিত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ ৷

পূৰবী বৰমুদৈ বাইদেউৰ জন্ম হৈছিল ১৯৫০ চনৰ ৮ মে' তাৰিখে তেজপুৰ চহৰৰ দেউৰীগাঁৱত।তেখেতৰ পিতৃৰ নাম প্ৰয়াত চন্দ্ৰনাথ তামুলী আৰু মাতৃ পদ্মা তামুলী। চন্দ্ৰনাথ তামুলী এগৰাকী শিক্ষক আছিল আৰু মাতৃ এগৰাকী সু-অনুবাদক হিচাপে পৰিচিত আছিল।

  বৰমুদৈ বাইদেউয়ে ১৯৬৭ চনত তেজপুৰ উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু ১৯৭০ চনত দৰং মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শাখাত অধ্যয়ন কৰিছিল আৰু ১৯৭৩ চনত বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

পূৰবী বৰমুদৈ বাইদেউয়ে প্ৰথমে শিক্ষকৰ চাকৰিয়ে কৰ্মজীৱন আৰম্ভ কৰিছিল  যদিও সাহিত্য চৰ্চাত একাণপতীয়াকৈ লগাৰ সুবিধাৰ্থে চাকৰি ত্যাগ কৰিছিল।
১৯৭৬ চনত বিশিষ্ট শিক্ষাবিদ, সাহিত্য সমালোচক আনন্দ বৰমুদৈৰ লগত পূৰৱী বৰমুদৈ বিবাহ পাশত আবদ্ধ হৈছিল ৷
বাইদেউৰ যদিও মৃত্যু হ’ল ছাৰ - বাইদেউৰ জীৱনে আমাক শিকাই গ’ল ভালপোৱা কি। প্ৰেমৰ বাবে যে এজন ব্যক্তিয়ে জীৱনৰ পোন্ধৰটা বছৰ সৰ্বস্ব ত্যাগ কৰি প্ৰেমাস্পদক জীয়াই ৰখাতেই নিজকে সপি দিয়ে!
ক’ৰবাত পঢ়িছিলোঁ ছাৰ -বাইদেউৰ জীৱনৰ বিষয়ে,ভাল লগা কথাখিনি লিখি থৈছিলো ৷সেইয়া মোৰ বহীৰ পাতৰ পৰা হুবহু তুলি দিলোঁ-
আমি জীৱনত সাধাৰণতে সৌন্দৰ্যৰ,সুখৰ প্ৰেমত পৰো, কিন্তু কেতিয়াবা কিছুমান প্ৰেম সত্তাই দুঃখ, যাতনাক লালন কৰি প্ৰেমলৈ পৰ্যবসিত কৰে।এৰা ,দীৰ্ঘদিনীয়া অসুস্থ পত্নীক স্নেহ,চিকিৎসাৰ উপৰি নিতৌ হুইল চেয়াৰত ফুৰাবলৈ লৈ যায় আনন্দ বৰমুদৈ চাৰে।হুইল চেয়াৰখন ঠেলি ঠেলি দুয়ো জীৱনৰ কথা পাতে।এয়াহে প্ৰেম,ইয়াত যৌৱন নাই, দৈহিক সৌন্দৰ্য নাই, স্বাৰ্থ নাই ,লাভালাভ নাই। ইয়াতকৈ প্ৰেমৰ কিবা সংজ্ঞা থাকিব পাৰেনে?

পোনপ্ৰথমে কবিতা ৰচনাৰে বাইদেউয়ে সাহিত্যিক জীৱনৰ পাতনি মেলিছিল ৷১৯৯৯ চনত প্ৰথম উপন্যাস
'গজৰাজ প্ৰেম আৰু বন্দীত্ব' প্ৰকাশ হৈছিল ৷
২০০৫ চনত পূৰবী বৰমুদৈৰ আন এখন উপন্যাস শান্তনুকুলনন্দন প্ৰকাশ পায় ৷এই উপন্যাসখনে ২০০৭ বৰ্ষৰ বাবে সাহিত্য অকাডেমিৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।এই গ্ৰন্থখনৰ  যোগেদিপ্ৰাচীন কামৰূপৰ মূলাধাৰ  ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি,নামাকৰণ সন্দৰ্ভত ব্যাখ্যা কৰাৰ লগতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন জাতি-জনগোষ্ঠী,ভাষিক,সাংস্কৃতিক, ৰাজনৈতিক তথা ধৰ্মীয় সমন্বয়ৰ কিদৰে এক সাৰ্বজনীন আৰু আদৰ্শ সংস্কৃতিৰ সৃষ্টি হৈছে তাক নিখুঁটভাৱে অংকণ কৰিছে ৷
বাইদেউৰ আন এখন উপন্যাস এটা আলিবাটৰ কথা গৰীয়সীত ধাৰাবাহিতভাৱে প্ৰকাশ হৈছিল ৷তেখেতৰ প্ৰকাশিত আনকেইখন উপন্যাস হৈছে -
পৰম পূজনীয় আৰু দুখন উপন্যাস (১৯৭৬)
গজৰাজ প্ৰেম আৰু বন্দীত্ব (১৯৯৯)
ৰূপোৱালি নৈ সোণোৱালী ঘাট' (২০০১)
বাঘশাল, বাঘজাল আৰু মানুহ (২০০০)

পূৰৱী বৰমুদৈ বাইদেউৰ গল্প সংকলন সমূহ-

শীতৰ কুঁৱলী (১৯৭৭)
হেৰুৱাজনক বিচাৰি আৰু অন্যান্য গল্প (২০১৪)
অৱশেষত বৰষুণ (২০১৬)
পূৰৱী বৰমুদৈৰ নিৰ্বাচিত গল্প, প্ৰথম খণ্ড (২০০২)
পূৰৱী বৰমুদৈৰ নিৰ্বাচিত গল্প, দ্বিতীয় খণ্ড (২০০৮)
পূৰৱী বৰমুদৈৰ নিৰ্বাচিত গল্প, তৃতীয় খণ্ড (২০১৫)

পূৰৱী বৰমুদৈ বাইদেউয়ে লাভ কৰা বটাঁ আৰু সন্মান সমূহ-
‘শীতৰ কুঁৱলী’ৰ বাবে অসম চৰকাৰৰ অধীনৰ ডি পি আইৰ শ্রেষ্ঠ গল্প সংকলনৰ পুৰস্কাৰ, ‘গজৰাজ প্রেম আৰু বন্দীত্ব’ৰ বাবে ২০০০ চনত বাসন্তী বৰদলৈ বঁটা, ২০০৬ চনত সদৌ অসম লেখিকা সমাৰোহৰ প্রথম লেখিকা বঁটা, ‘ৰূপোৱালী নৈৰ সোণোৱালী ঘাট’ উপন্যাসখনৰ বাবে ২০০৬ চনত ছগনলাল জৈন সাহিত্য বঁটা, ২০০৭ চনত প্রবীণা শইকীয়া বঁটা, ২০০৭ চনত ইউ এ টিভিৰ শ্রেষ্ঠ সাহিত্যিক বঁটা, ২০০৭ চনতে ‘শান্তনু কুলনন্দন’ উপন্যাসখনৰ বাবে সাহিত্য অকাদেমি বঁটা, ২০১১ চনত অসম উপত্যকা বঁটা আৰু ২০১৮ চনত নুমলীগড় তেল শোধনাগাৰ কর্তৃপক্ষৰ দ্বাৰা জীৱনজোৰা সাধনাৰ সন্মান৷

২০১৯ চনৰ আজিৰ দিনটোতে এই গৰাকী  অসমীয়া সাহিত্য জগতৰ এক উজ্জ্বল জ্যোতিষ্ক তথা অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰাতে নিজৰ জীৱন একপ্রকাৰ উৎসর্গিত কৰা বিশিষ্ট ঔপন্যাসিকক আমি হেৰুৱাইছিলো ৷মৃত্যুৰ পাছতো তেওঁৰ দেহ যদি কোনো ইতিবাচক দিশত কামত আহে জীৱিত কালৰ এই ইচ্ছাৰেই পূৰৱী বৰমুদৈ বাইদেউয়ে স্বইচ্ছাই নিজৰ দেহ চিকিৎসা বিজ্ঞানৰ বাবে দান কৰি গৈছে ৷
তেখেতৰ মৃত্যু অসমীয়া সাহিত্যৰ জগতৰ এক অপূৰণীয় ক্ষতি৷ অসমীয়া ভাষা-সাহিত্য ক্ষেত্রলৈ আগবঢ়োৱা উল্লেখনীয় অৱদান আৰু তেওঁৰ সৃষ্টিৰাজি অসমীয়া সাহিত্যৰ ইতিহাসত চিৰকাল জিলিকি থাকিব ৷

✒️মন ময়ুৰী মহন্ত ৷

No comments:

Powered by Blogger.