ৰবীন বেনাৰ্জী


#১২ আগষ্ট
অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা ৰবীন বেনাৰ্জী দেৱৰ আজি জন্মদিন ৷

বিশ্বত কাজিৰঙাক চিনাকী কৰাই দিয়া এজন অন্যতম মানুহ বেনাৰ্জী চাহাবৰ জন্ম হৈছিল  ১৯০৮ চনৰ ১২ আগষ্ট অৰ্থাৎ আজিৰ দিনটোতে পশ্চিম বংগৰ বহৰমপুৰ নামৰ অঞ্চলটোত।
তেওঁ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল শান্তি নিকেতনত ৷শান্তিনিকেতনে তেওঁক শিক্ষা দিয়াৰ লগতে যোগাইছিল মানুহ হোৱাৰ অনুপ্ৰেৰণা।
ইয়াৰ পিছত তেওঁ কলকাতা মেডিকেল কলেজত চিকিৎসাবিদ্যা অধ্যয়ন কৰে। পৰৱৰ্ত্তী পৰ্য্যায়ত বেনাৰ্জীয়ে ১৯৩৪ চনত লিভাৰপুল আৰু ১৯৩৬ চনত এডিনবাৰ্গলৈ গৈ উচ্চ শিক্ষা গ্ৰহণ কৰে।১৯৩৭ চনত তেখেতে লিভাৰপুলত 'ৰয়েল নেভি'ত যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলে আৰু তেতিয়াই তেওঁ অতি ওচৰৰ পৰা দ্বিতীয় বিশ্বযুদ্ধ প্ৰত্যক্ষ কৰে। এই যুদ্ধৰ পিছতে তেওঁ ভাৰতলৈ উভতি অহাৰ সিদ্ধান্ত লয় ৷
১৯৫২ চনত তেখেতে অসমলৈ আহি 'চাবুৱা চাহ বাগান'ত মূখ্য চিকিৎসা বিষয়া ৰূপে কৰ্মজীৱন আৰম্ভ কৰিছিল ৷সেইসময়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰা সময়ত তেখেতে অসমৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি আকৃষ্ট হৈ পৰিছিল আৰু গোলাঘাটতে ৰৈ যোৱাৰ সিদ্ধান্ত লৈছিল ৷
বেনাৰ্জী দেৱ আছিল অনন্য প্ৰকৃতি প্ৰেমী ৷
আজীৱন চিৰকুমাৰ মানুহজনৰ সংসাৰখন কিন্তু বেছ ডাঙৰ আছিল। স্পটি নামৰ ফুটফুটীয়া নাহৰফুটুকী বাঘটো, বৈজয়ন্তী নামৰ অজগৰ সাপডাল, কুটকুটী আৰু বনগুটি নামৰ দুটা সোণালী বান্দৰ, বনজ আৰু পমপম নামৰ দুটা কুকুৰ  আদি বনৰীয়া জন্তুৰে সংসাৰ পতা, আলফুলে সিঁহতক বুকুত আঁকোৱালি লোৱা অনন্য প্ৰকৃতিপ্ৰেমী ডঃ ৰবীন বেনাৰ্জীদেৱৰ এটা বিখ্যাত উক্তি হ'ল,"Think twice before kill an animal,think twice before you catch a butterfly,think you before you cut a tree, because it may be the last species of the world."

বেনাৰ্জীৰ প্ৰথমখন তথ্যচিত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পটভূমিত নিৰ্মিত হৈছিল ৷ প্ৰায় ছবছৰ জুৰি দৃশ‍্যগ্ৰহণ কৰা তেওঁৰ 'কাজিৰঙা' নামৰ ছবিখন ১৯৬১ চনত বাৰ্লিন টেলিভিছন যোগে প্ৰচাৰিত হোৱাৰ পিছত  কাজিৰঙা আৰু ইয়াৰ সেউজ তথা অনন্য প্ৰকৃতিৰ দুৱাৰ সমগ্ৰ বিশ্ববাসীৰ সমুখত মুকলি হৈছিল লগতে
এই তথ্যচিত্ৰখনৰ বাবেই আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত বেনাৰ্জীয়ে তথ্যচিত্ৰ নিৰ্মাতা ৰূপে সুখ্যাতি লাভ কৰে। পৰৱৰ্ত্তী কালত তেওঁ ৩২খন তথ্যচিত্ৰ নিৰ্মাণ কৰে আৰু ইয়াৰ বাবে প্ৰায় ১৪টা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
ৰবীন বেনাৰ্জীয়ে নিৰ্মাণ কৰা ৩২খন তথ্যচিত্ৰৰ ভিতৰত উল্লেখযোগ্য হৈছে-
Kaziranga ,Wild Life of India ,Rhino Capture ,A Day at Zoo ,Elephant Capture ,Monsoon ,Nagaland,Echidna, & On wild fowls (Australia),Lake Wildness ,26 January (India) ,Flying Reptiles of Indonesia
Through These Doors ,Animals of Africa ইত্যাদি
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণৰ ক্ষেত্ৰত তেওঁ সদায়ে আগভাগ লৈছিল। এই উদেশ্যেৰে তেওঁ 'Kaziranga Wildlife Society' নামৰ এটা বেচৰকাৰী সংগঠনো স্থাপন কৰিছিল।  ৰবীন বেনাৰ্জীদেৱ এজন নিপুণ চিত্ৰকৰও আছিল ৷তেওঁ অঁকা বিভিন্ন চিত্ৰ আৰু অন্যান্য মূল্যৱান সম্পদেৰে পৰিপূৰ্ণ গোলাঘাটস্থিত তেওঁৰ বাসগৃহটো এটা সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হৈছে।
ৰবীন বেনাৰ্জীয়ে বিভিন্ন বঁটাৰেও সন্মানিত হৈছিল ৷ ১৯৭১ চনত ভাৰত চৰকাৰৰ পৰা তেখেতে পদ্মশ্ৰী বঁটা লাভ কৰে। ১৯৯১ চনত তেওঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। পৰৱৰ্ত্তী সময়ত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰাও সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে।তাৰ উপৰি ২০০১ চনত যোৰহাটৰ 'প্ৰকৃতি' নামৰ সংস্থাৰ পৰা 'প্ৰকৃতি কোঁৱৰ’ উপাধি লাভ কৰিছিল ৷
২০০৩ চনৰ ৬ আগষ্ট তাৰিখে বাৰ্ধক্যজনিত কাৰণত নিজা বাসভৱনত ৰবীন বেনাৰ্জীৰ মৃত্যু হয়।
অসম আৰু অসমীয়াক আপোন কৰি লোৱা তথা  অসমৰ চহকী প্ৰকৃতিক বিশ্বৰ আগত চিনাকী কৰি  দিয়া নমস্য ব্যক্তিজনৰ ওচৰত প্ৰতিজন অসমীয়া চিৰঋণী হৈ থাকিব ৷
✒️মনময়ুৰী মহন্ত ৷

No comments:

Powered by Blogger.