নলিনীধৰ ভট্টাচাৰ্য || Nalinidhar Bhattacharya

   অসমীয়া কাব্যজগতৰ ঋষিতুল্য নলিনীধৰ ভট্টাচাৰ্যৰ আজি ওপজা দিন। ১৯২১ চনৰ আজিৰ দিনটোতেই  অৰ্থাৎ ৪ ডিচেম্বৰৰ দিনা অসমৰ এগৰাকী আগশাৰীৰ কবি, প্ৰবন্ধকাৰ, সমালোচক, তথা অনুবাদক গৰাকীৰ যোৰহাটৰ ওচৰৰ মেলেং কাঠগাঁৱত জন্ম হৈছিল। মানৱহিতৈষী চেতনাৰ জাগ্ৰত কৰা কবি নলিনীধৰ ভট্টাচাৰ্য দেৱক ওপজা দিনৰ দিনা শ্ৰদ্ধাৰে সুৱঁৰিছো ৷


ভট্টাচাৰ্য দেৱৰ পিতৃৰ নাম আছিল শশীধৰ ভট্টাচাৰ্য আৰু মাতৃৰ নাম আছিল আইদেউ ভট্টাচাৰ্য ৷তেখেত আছিল জ্ঞানপীঠ বিজয়ী সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ভাতৃ ৷

দেউতাকৰ কৰ্মসূত্ৰে চফ্ৰাই ৰেলষ্টেচনৰ ওচৰত লোকেল ব'ৰ্ডৰ অধীনত এখন স্কুলতে আৰম্ভ হৈছিল ভট্টাচাৰ্যদেৱৰ পাঠশলীয়া জীৱন। পিছলৈ তেওঁলোক ঢেকীয়াখোৱালৈ উঠি আহে। তাতে দেউতাকে তেওঁক কাকজান মাইনৰ স্কুলত নাম লগাই দিয়ে। মাইনৰ পাছ কৰি তেওঁ নকৈ পতা কাকজান হাইস্কুলত নামভৰ্তি কৰে। ১৯৪০ চনত কাকজান উচ্চ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত হোৱা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ যোৰহাট জে. বি. কলেজত নাম লগায়। তাৰপৰা পৰা আই এ পাছ কৰে। তাৰ পাছত ব্যক্তিগত পৰীক্ষাৰ্থী হিচাপে তেওঁ স্নাতক আৰু তাৰ পাছত অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

ভট্টাচাৰ্য দেৱৰ কৰ্মজীৱন আৰম্ভ হয় কাকজানত নকৈ পতা এম.ই স্কুল এখনত ৷পাছত ভট্টাচাৰ্য দেৱে শ্বিলঙৰ চেণ্ট এন্থনীজ কলেজত অসমীয়াৰ প্ৰৱক্তা হিচাপে প্ৰায় তিনি বছৰ কাৰ্য নিৰ্বাহ কৰে ৷১৯৬০ চনত তেখেতে গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ কলেজত যোগদান কৰে আৰু ১৯৮৩ চনলৈকে তাতেই কৰ্মৰত হৈ থাকি অৱসৰ গ্ৰহণ কৰে ৷

 ভট্টাচাৰ্য দেৱে ৰামধেনুৰ পাতত অনুবাদক হিচাপে নিজৰ সাহিত্য জীৱন আৰম্ভ কৰিছিল । "ননী আছনে ঘৰত" নামৰ কবিতাটি ভট্টাচাৰ্য দেৱৰ অনন্য কৃতি বুলি ধৰা হয়। তেখেতে ১৯৮২ চনত অসম সাহিত্য সভাৰ ডিফু অধিবেশনৰ কবি সন্মিলনৰ সভাপতিত্ব কৰিছিল।সমাজ আৰু মানুহৰ প্ৰতি এই কবি আছিল সচেতন। বহু কেইখন কাব্যগ্ৰন্থ, প্ৰবন্ধ তথা সমালোচনামূলক গ্ৰন্থৰে তেওঁ অসমীয়া সাহিত্য চহকী কৰি গৈছিল।


তেওঁৰ উল্লেখযোগ্য কাব্যগ্ৰন্থসমূহৰ ভিতৰত ‘এই কুঁৱলীতে’, ‘দিনবোৰ সলনি নহ’ল’, ‘চেৰাশালিৰ মালিতা’, ‘আহত সপোন’, ‘ননী আছেনে ঘৰত’, ‘বিদায় ফুলৰ দিন’ আছিল সামাজিক শোষিত-দলিতৰ কথা কবিতাৰ মাধ্যমেৰে সংবিধানশীলতাৰ মাজত ধৰি ৰখা উৎকৃষ্ট উদাহৰণ।

তেখেতৰ প্ৰবন্ধ সংকলন সমূহ হ’ল -

মূল আৰু ফুল - ১৯৮৩

বেজবৰুৱা আৰু আধুনিকতাৰ ধাৰণা - ১৯৮৭

কবিতাৰ কথা - ১৯৯৩

কবিতা আৰু নেপথ্য - ১৯৯৩

মহৎ ঐতিহ্য - ১৯৯৯


অনুবাদ সাহিত্য সমূহ-দুই পুৰুষ - ১৯৮১,ঈশ্বৰী তলাৰ কাহিনী - ১৯৯৫,প্ৰাচীন ভাৰতৰ সংস্কৃতি আৰু সভ্যতা


তাৰ উপৰি তেখেতে সম্পাদনা কৰা দুখন গ্ৰন্থ হ’ল-


বিষ্ণু ৰাভা: জীৱন আৰু কৃতি - ১৯৯৫,

মুনীন বৰকটকীৰ প্ৰসংগ সমালোচনা - ১৯৯৬



বিজ্ঞানমনস্ক এইগৰাকী কবি আছিল অসমীয়া কাব্য জগতৰ এগৰাকী বটবৃক্ষ স্বৰূপ।অসমীয়া সাহিত্য জগতলৈ আগবঢ়োৱা অৱদান সমূহৰ বাবে তেওঁ বিভিন্ন বঁটাৰে সন্মানিত হৈছিল ৷

১৯৮৩ চনত দুই পুৰুষ গ্ৰন্থৰ বাবে 'ছোভিয়েট দেশ নেহৰু বঁটা',১৯৮৩ চনত কবিতাৰ কথাৰৰৰ বাবে 'ভাৰতীয় ভাষা পৰিষদৰ বঁটা',২০০১ চনত ননী আছনে ঘৰত গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ 'ছগনলাল জৈন বঁটা'।,২০০২ চনত মহৎ ঐতিহ্য গ্ৰন্থৰ বাবে 'সাহিত্য অকাডেমী বঁটা',২০০৬ চনত 'অসম উপত্যকা সাহিত্য বঁটা'।,২০০৮ চনত 'গণেশ গগৈ বঁটা' আৰ২০০৯ চনত ডাঃ ঝিভাগোৰ বাবে 'অমূল্য চক্ৰৱৰ্তী অনুবাদ বঁটা'ও লাভ কৰিছিল ৷ইয়াৰ উপৰি ২০১০ চনত অসম সাহিত্য সভাৰ 'সাহিত্যাচাৰ্য' উপাধিৰেও সন্মানিত হৈছিল ৷২০১৬ চনৰ ২ ছেপ্তেম্বৰৰ পুৱতি নিশা এই পৃথিৱীৰ মায়া এৰি গুচি গৈছিল অসমীয়া কাব্যজগতৰ বটবৃক্ষ গৰাকীয়ে ৷

আন্তৰিকতাৰে প্ৰজ্ঞাৰ সাধনা কৰি যোৱা অত্যন্ত মৃদু, নিজ্জু আৰু নিৰ্মল কবি গৰাকীক ওপজা দিনৰ দিনা শ্ৰদ্ধাৰে সুঁৱৰিছো 🙏

✒️মনময়ুৰী মহন্ত


No comments:

Powered by Blogger.