সত্যজিৎ ৰায়

 ১৯২১  চনৰ ২ মে ৰ দিনটোত কলকাতাৰ কলা আৰু সাহিত্যৰ ক্ষেত্ৰত সুনাম থকা এক পৰিয়ালত জন্ম গ্ৰহণ কৰা সত্যজিৎ ৰায় কেৱল বোলছবি নিৰ্মাতাই নহয়, তেওঁ আছিল বিশ্ববিখ্যাত পৰিচালক, প্ৰযোজক, লিখক, চিত্ৰকৰ, চলচ্চিত্ৰ সমালোচক লগতে এজন গ্ৰাফিক ডিজাইনাৰও ৷ তেওঁ জিম কৰবেটৰ উপন্যাস  “ Man Eaters of Kumaon” তথা জৱাহৰলাল নেহৰুৰ ডিস্ক’ভাৰী অৱ ইণ্ডিয়াৰ বেটুপাতও ডিজাইন কৰিছিল ৷ একেজন ব্যক্তিৰ গাত ইমানবোৰ গুণ অতি কমসংখ্যক লোকৰ ক্ষেত্ৰতহে পৰিলক্ষিত হয় ৷ তেওঁৰ সৃষ্টিৰাজি অকল ভাৰতবৰ্ষৰ ভিতৰতে সীমাবদ্ধ হৈ থকা নাছিল , সমগ্ৰ বিশ্বতেই উজ্বলি উঠিছিল ৷১৯৫৫ চনত প্ৰথমখন বোলছবি পাথেৰ পাঁচালি মুক্তি লাভ কৰিছিল ৷ তেওঁ ছবি নিৰ্মাণৰ যি নিৰ্দশন দাঙি ধৰিছিল,তাৰ বাবে অস্কাৰ এৱাৰ্ডো তেওঁক ঘৰত দিবলৈ আহিছিল ৷
        ১৯৯২ চনত অস্কাৰ এৱাৰ্ডত তেওঁক
লাইভ টাইম এছিভমেণ্ট এৱাৰ্ড দিয়াৰ ঘোষণা হৈছিল যদিও তেওঁ বেমাৰৰ বাবে শ্ব’টোত উপস্থিত থাকিব পৰা নাছিল আৰু সেইবাবে তেওঁৰ বাসগৃহলৈ আহি এৱাৰ্ড প্ৰদান কৰি গৈছিল ৷সেই বৰ্ষৰে ২৩ এপ্ৰিল তাৰিখে তেখেতৰ মৃত্যু হৈছিল ৷
     
ৰাষ্ট্ৰীয় পৰ্যায়ত চৰকাৰৰ ফালৰ পৰা মুঠ ৩২ টাকৈ বটাঁ লাভ কৰা এইজন মহান পৰিচালকক অনুসৰণ কৰিবলৈ বাধ্য হৈছিল হলীউড জগতৰ বিভিন্ন পৰিচালকও ৷আমাৰ ছবিৰ ভঁৰাল চহকী কৰি যোৱা এই গৰাকী মহান ব্যক্তিক জন্মদিৱসত সোঁৱৰিছো ৷

No comments:

Powered by Blogger.