মহাত্মা গান্ধী আৰু কোৱাৰেন্টাইন( When Mahatma Gandhi was quarantined)

কোৱাৰেন্টাইন( Quarantine) বৰ্তমান সময়ত বহুল প্ৰচলিত এটা শব্দ ৷ এই শব্দটো আমি যেন Covid 19 মহামাৰীৰ কাৰণেহে নতুনকৈ পৰিচিত হৈছো ৷ কিন্তু এই শব্দৰ সৈতে ১৮শ শতিকাতেই মহামানৱ মহাত্মা গান্ধী ওতঃপ্ৰোত ভাৱে জড়িত আছিল ৷
        এটা দিন আছিল যেতিয়া সমগ্ৰ বিশ্বত Covid 19 ৰ দৰে বিভিন্ন মহামাৰীয়ে দেখা দিছিল ৷ সেই মহামাৰীৰ সময়তে দক্ষিণ আফ্ৰিকাত এখন জাহাজত ২৪ দিনৰ বাবে কোৱাৰেন্টাইন হৈছিল পৰিয়ালসহ জাতিৰ পিতা মহাত্মা গান্ধী ৷
         দক্ষিণ আফ্ৰিকাত গান্ধীজী থকা সময়ত ডাৰবানৰ পূব প্ৰান্তত নাটাল ক’লনী নামেৰে এখন উপনিৱেশ আছিল ৷ ব্ৰিটেইনৰ এই অঞ্চলটো বৰ্তমান KwaZulu Natal নামেৰে খ্যাত ৷ সেই সময়ত ভাৰতৰ শ্ৰমিকক ব্ৰিটিছে কাম কৰিবলৈ বিভিন্ন উপনিৱেশলৈ লৈ গৈছিল ৷ তাতে ভাৰতৰ শ্ৰমিকৰ ওপৰত শোষণ আৰু অত্যাচাৰ চলিছিল ৷ সেই সকল শ্ৰমিকৰ বাবে চিন্তিত হৈ পৰিছিল জাতিৰ পিতা ৷ ১৮৯৬ চনত দক্ষিণ আফ্ৰিকাৰ পৰা উভতি আহিছিল গান্ধীজী ৷ তেওঁ ভাবিছিল যে পত্নী কস্তুৰবা আৰু দুই পুত্ৰ হৰিলাল আৰু মনিলালক ও দঃ আফ্ৰিকালৈ লগত লৈ যাব ৷ ভবামতেই ১৮৯৬ চনৰ ডিচেম্বৰ মাহত পৰিয়ালৰ লগতে বিধৱা ভনীয়েকৰ পুত্ৰ গকুলদাসকো লগত লৈ আৰম্ভ কৰিলে যাত্ৰা ৷ এই যাত্ৰাই যে ইতিহাস সলনি কৰিব কোনেও জনা নাছিল ৷
       
       সেই সময়ত সমগ্ৰ বিশ্বত প্লেগ মহামাৰীয়ে দেখা দিছিল ৷১৮৯৭ চনৰ জানুৱাৰীত গান্ধীজীয়ে যাত্ৰা কৰা জাহাজখন দৰবানৰ জাহাজ ঘাট পালে ৷ কিন্তু জাহাজৰ যাত্ৰী সকলক নামিবলৈ বাধা দিলে বন্দৰ  কৰ্তৃপক্ষই ৷ জাহাজখনত গান্ধীজীয়ে যেতিয়া যাত্ৰা কৰিছিল তেতিয়া গুজৰাটৰ ৰাজকোটৰ লগতে বিশ্বৰ কেইবাখনো দেশৰ ভিন্ন প্ৰান্তত প্লেগ বিয়পি পৰিছিল ৷ সেইসময় চোৱাত এনেধৰণৰ মহামাৰী প্ৰায়ে হৈছিল ৷ এতিয়াৰ দৰে তেতিয়াও মহামাৰীৰ পৰা বাচিবলৈ চৰকাৰৰ তৰফৰ পৰা বিভিন্ন সতৰ্কতা মূলক ব্যৱস্থা গ্ৰহণ কৰিছিল ৷ সেই হিচাপে মহামাৰী হোৱা ঠাইৰ পৰা অহা জাহাজবোৰ বন্দৰ পোৱাৰ লগে লগে লঙ্গৰ পেলোৱাৰ আগতেই হালধীয়া পতাকা দেখুওৱা হৈছিল ৷ হালধীয়া পতাকা দেখুওৱাৰ অৰ্থ এইয়েই যে যাত্ৰী সকলক লগে লগে নামিবলৈ দিয়া নহ’ব ৷ পতাকা দেখুওৱা জাহাজৰ যাত্ৰী সকলক প্ৰথমে স্বাস্থ্য পৰীক্ষা কৰা হৈছিল ৷ সকলো ঠিকে ঠাকে থাকিলে হালধীয়া পতাকা উঠাই দিয়া হৈছিল ৷
তাৰে মেডিকেল বিশেষজ্ঞই মানিছিল যে প্লেগৰ জীৱাণু ২৩ দিনলৈকে জীয়াই থাকিব পাৰে ৷ সেই কাৰণেই ভাৰতৰ পৰা যোৱা মহাত্মা গান্ধী আৰু পৰিয়ালটোক ২৪ দিনৰ বাবে যাত্ৰা কৰা জাহাজ খনতেই কোৱাৰেন্টাইন কৰি ৰাখিছিল ৷     
   ২৪ টা দিন জাহাজত আৱদ্ধ হৈ থাকি নামি অহাৰ পিছত বহুত অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল মহাত্মা গান্ধী।
বগা ছালৰ লোকে জাহাজৰ পৰা নমাৰ লগে লগে গান্ধীজীৰ গা লৈ গেলা কণী, শিল দলিওৱাৰ উপৰিও
ভিৰৰ সুযোগ লৈ প্ৰহাৰো কৰিছিল ৷ এজন আৰক্ষী বিষয়াৰ পত্নীয়েহে কোনোমতে ৰক্ষা কৰিছিল গান্ধী আৰু তেওঁৰ পৰিয়ালক ৷ এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছিল সমগ্ৰ দক্ষিণ আফ্ৰিকা ৷ এই খবৰ লণ্ডনত বিয়পি পৰাৰ পিছত যিসকল লোকে গান্ধীজীৰ লগত এই ঘটনা সংঘটিত কৰিছিল ,লণ্ডনৰ পৰা নাটাল প্ৰশাসনলৈ নিৰ্দেশ অহাৰ লগে লগে এই সকল লোকক গ্ৰেপ্তাৰ কৰিছিল ৷ কিন্তু এই আক্ৰমণকাৰী সকলক চিনাক্ত কৰিবলৈ গান্ধীজীয়ে অস্বীকাৰ কৰাৰ বাবে পিছত এৰি দিয়া হৈছিল ৷ গান্ধীজীয়ে তেওঁলোকক ক্ষমা কৰি দি কৈছিল তেওঁলোকক উচতাই দিয়া হৈছে ,যেতিয়া তেওঁলোকে আচল সত্যটো গম পাব তেতিয়া অনুশোচনা কৰিব ৷

বি. দ্ৰ. যদিও বৰ্তমানেও হিন্দীত ''क्वारंटाइन'' ব্যৱহাৰ কৰি থকা হৈছে , গান্ধীজীয়ে क्वारंटाइन শব্দৰ ঠাইত "सूतक" শব্দৰ ব্যৱহাৰ কৰিছিল ৷ এই सूतक ভাৰতীয় পৰম্পৰাৰ এটা অংশ ৷ উদাহৰণ স্বৰূপে নৱজাতক আৰু মাতৃক কমেও পাঁচ সপ্তাহৰ বাবে বেলেগ কৰি ৰখা হয়,সেইকোঠালৈ পৰাপক্ষত কোনো মানুহ নাযায় ৷ তেনেদৰে মৃতকৰ মুখাগ্নি কৰা লোকজনে দহ দিন কোনো মানুহক স্পৰ্শ নকৰাকৈ থাকে ৷ এইবোৰ নিয়মকে सूतक বুলি কোৱা হয় ৷ বহুতে অন্ধবিশ্বাস বুলি ক’ব খুজিলেও ইয়াৰ আঁৰত বৈজ্ঞানিক কাৰণো যে আছে সেইয়া ধুৰূপ ৷

No comments:

Powered by Blogger.