মালালা ইউছুফজাই

আজি মালালা ইউছুফজাইৰ জন্মদিন ৷ ১৯৯৭ চনৰ আজিৰ দিনটোতে অৰ্থাৎ জুলাই মাহৰ ১২ তাৰিখে পাকিস্তানৰ ৰাজধানী ইছলামাবাদৰ পৰা এশ কি.মি. দূৰৰ খাটবাৰ পাখটুনখাৱা ৰাজ্যৰ শ্বাট অঞ্চলৰ এটি মধ্যবিত্ত পৰিয়ালত মালালাই জন্ম গ্ৰহণ কৰিছিল ৷

মালালা ইউছুফজাই- সমগ্ৰ বিশ্বৰে ,সমগ্ৰ শান্তিপ্ৰয়াসী,শিক্ষাৰ বিস্তাৰৰ বাবে আগ্ৰহী লোকৰ নয়নৰ মণি - যি মাত্ৰ এঘাৰ বছৰ বয়সতে নাৰীৰ শিক্ষা অধিকাৰ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাত মতা এজনী দুৰন্ত সাহসী ছোৱালী ৷মাত্ৰ ১৭ বছৰ বয়সতে ২০১৪ চনত বচপন বচাও আন্দোলনৰ মূল হোতা কৈলাশ সত্যাৰ্থীৰ সৈতে যুটীয়াভাৱে পৃথিৱীৰ আটাইতকৈ সন্মানজনক পুৰস্কাৰ নোবেল পুৰস্কাৰ(শান্তি) লাভ কৰিছিল ৷মালালাই ইমান কম বয়সতে ৰাষ্ট্ৰসংঘলৈ স - সন্মানেৰে আদৰণি লাভ কৰি সকলোৰে সন্মুখত ধীৰ স্থিৰ ,স্থিতপ্ৰজ্ঞ নেত্ৰীৰ দৰে দৃঢ়তাৰে কৈছিল -
“ এজন ছাত্ৰ ,এজন শিক্ষক আৰু এটা কলমে পৃথিৱী সলনি কৰি দিবলৈ সক্ষম ৷”

পাকিস্তানৰ ৰাজধানী ইছলামাবাদৰ পৰা মাত্ৰ ১০০ কিলোমিটাৰ আঁতৰত ছোৱাত প্ৰদেশ ৷২০০৭ চনত ছোৱাত অঞ্চল তালিবানীসকলে দখল কৰি ঘোষণা কৰে ছোৱালীসকলৰ বাবে স্কুল নিষিদ্ধ কৰা হ'ব ৷
তালিবানীয়ে নাৰীক শিক্ষা দিয়াটো মহাপাপ বুলি কৈ ছোৱালীসমূহক বিদ্যালয়লৈ যোৱাটো নিষিদ্ধ কৰিছিল। সেই দেখি মালালাৰ পিতৃ জায়িনুদ্দিন ইউছুফজায়ে বিভিন্ন আন্দোলন কৰিবলৈ ধৰিলে। এই আন্দোলনত মালালায়ো যোগ দিলে। সেইবাবে বিভিন্ন সাংবাদিক আহি মালালা আৰু জায়িনুদ্দিন ইউছুফজাইৰ সাক্ষাতকাৰ ল'বলৈ ধৰিলে। কেইদিনমানৰ পাছত মালালাই নিজৰ বান্ধৱীসকলৰ সৈতে বিদ্যালয়ৰ বাছত বিদ্যালয়লৈ যোৱা আৰম্ভ কৰিলে। তেনেদৰে কিছুদিন গ'ল। এদিন হঠাৎ মালালাহঁতৰ বাছখন ৰখাই এজন তালিবানী সিহঁতৰ বাছখনলৈ উঠি আহিল। যিহেতু মালালাহঁতে বিদ্যালয়লৈ যাওঁতে বোৰ্খা পৰিধান কৰিছিল, সেয়েহে সেই আটাইবোৰৰ ভিতৰত কোনজনী মালালা তাক তালিবানীজনে ধৰিব নোৱাৰিলে। সেয়েহে তেওঁ চিঞৰি চিঞৰি সুধিলে---"মালালা কোনজনী? সোনকালে ক'। নহ'লে তহঁত গোটেইখিনিকে গুলীয়াই দিম।" তেতিয়াই তেওঁ লক্ষ্য কৰিলে যে এজনী ছোৱালীয়ে তেওঁলৈ খঙেৰে চাই আছে। তেতিয়াই তেওঁ বুজিলে যে সেইজনীয়েই মালালা। তেওঁ তৎক্ষণাৎ মালালালৈ গুলী নিক্ষেপ কৰিলে। মালালা তাইৰ ওচৰত বহি থকা মণিবাৰ কোলাত ঢলি পৰিল। মূৰত গুলী লাগিছিল ৷ সকলোৱেই আশা এৰি দিছিল ৷


দেউতাকে চিকিৎসকৰ পৰামৰ্শমতে তাইৰ চিকিৎসা কৰালে। লাহে লাহে মালালা সুস্থ হৈ উঠিল।
সকলোৰে প্ৰাৰ্থনাই তাইক আকৌ জীয়াই তুলিলে। সুস্থ হৈ আকৌ স্কুললৈ যাবলৈ আৰম্ভ কৰিলে । লগে লগে চলাই গ'ল লিখা-মেলাও। তাইক দেখি আন ছোৱালীবোৰেও স্কুললৈ আহিবলৈ ল'লে। আকৌ মুখৰিত হৈ উঠিল স্কুলবোৰ। বহুতো ধ্বংসপ্ৰাপ্ত স্কুল নতুনকৈ নিৰ্মাণ কৰা হ'ল।উল্লেখযোগ্য যে এখন স্কুলৰ নাম মালালাৰ নামেৰেই ৰখা হ'ল। মালালা সমগ্ৰ পৃথিৱীতেই নাৰী শিক্ষাৰ কণ্ঠস্বৰ হিচাৱে পৰিচিত হৈ পৰিল। চৰকাৰে প্ৰদান কৰিলে পৃথিৱীৰ আটাইতকৈ সন্মান জনক পুৰস্কাৰ শান্তিৰ নোবেল পুৰস্কাৰ।নোবেল বঁটাৰ ইতিহাসত এই বঁটা লাভ কৰা মালালাই আটাইতকৈ কম বয়সীয়া ৷

২০১৩ চনৰ আজিৰ দিনটোতে মালালাৰ ১৬ তম জন্মদিনত শিক্ষা অধিকাৰৰ উদ্দেশ্য ৰাষ্ট্ৰসংঘত ভাষণ দিছিল ৷ ৰাষ্ট্ৰসংঘই সেই দিনটোক মালালা দিৱস হিচাপে ঘোষণা কৰে ৷ বিশাল প্ৰেক্ষাগৃহৰ বিশ্বৰ নেতৃস্থানীয় ৪০০ মানুহৰ আগত বক্তৃতা দি সেই অনুষ্ঠান টোত মালালাই কৈছিল - “মালালা দিৱস  মোৰ দিৱস নহয় ৷আজি প্ৰতিগৰাকী নাৰী , প্ৰতিজন ল’ৰা ,প্ৰতিজনী ছোৱালী ,যি সকলে নিজৰ অধিকাৰৰ বাবে যুঁজিছে তেওঁলোকৰ দিৱস ৷"

শেষত,মালালাই কোৱাৰ দৰে নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে যুঁজ দিয়া প্ৰত্যেকজনলৈ মালালা দিৱসৰ শুভেচ্ছা আৰু মালালালৈ জন্মদিনৰ শুভকামনা থাকিল ৷

( তথ্যৰ বাবে বিভিন্ন উৎসৰ সহায় লৈ)

✒️মন ময়ুৰী মহন্ত ৷

No comments:

Powered by Blogger.